গন বাৰ্তা, মাৰ্ঘেৰিটা, ২৮ নৱেম্বৰঃ দুখীয়া, নিচলা, আৰ্তজনৰ কাষত যুৱনেতা লক্ষ্য কোঁৱৰ৷ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ চূকে কোনে এতিয়া যেন কেৱ...
গন বাৰ্তা, মাৰ্ঘেৰিটা, ২৮ নৱেম্বৰঃ দুখীয়া, নিচলা, আৰ্তজনৰ কাষত যুৱনেতা লক্ষ্য কোঁৱৰ৷ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ চূকে কোনে এতিয়া যেন কেৱল লক্ষ্য কোঁৱৰৰ চৰ্চা চলিছে৷ বিগত কেইমাহ মানৰ পৰা সমষ্টিটোত বিভিন্ন ধৰনৰ সামাজিক কাম কাজত সক্ৰীয় ৰূপত দেখা গৈছে লক্ষ্য কোঁৱৰক৷ যুৱ প্ৰজন্মৰ তৰুন তৰুনীসকলক কামৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে আজি লক্ষ্য কোঁৱৰে সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰৰ ৩০ গৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ মাজত দগা পালা আৰু আৰ্থিক সাহাৰ্য বিতৰন কৰে৷ ক্ষুদ্ৰ ব্যৱসায়ীসকলে ব্যৱসায়ৰ প্ৰথম খোজত এইদৰে এজোৰকৈ দগা পাল্লা আৰু নগদ ২ হেজাৰ টকাৰ আৰ্থিক সাহাৰ্য লাভ কৰি উৎসাহিত হৈ পৰে৷ যুৱনেতা লক্ষ্য কোঁৱৰৰ এই প্ৰচেষ্ঠাক শলাগ লৈছে মাৰ্ঘেৰিটাবাসী ৰাইজে৷ ( সীমান্ত চেতিয়া, মাৰ্ঘেৰিটা )
No comments