Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পশ্চিম যোৰহাট জ্যেষ্ঠ নাগৰিক সংস্থাৰ প্ৰতিষ্ঠা দিৱস পালন

গণ বাৰ্তা,পশ্চিম যোৰহাট,২১ নৱেম্বৰ:পশ্চিম যোৰহাট জ্যেষ্ঠ নাগৰিক সংস্থাৰ প্ৰতিষ্ঠা দিৱস আজি পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত পালন কৰা হয়।...


গণ বাৰ্তা,পশ্চিম যোৰহাট,২১ নৱেম্বৰ:পশ্চিম যোৰহাট জ্যেষ্ঠ নাগৰিক সংস্থাৰ প্ৰতিষ্ঠা দিৱস আজি পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত পালন কৰা হয়।এই উদ্দেশ্যে পুৱা সংস্থাৰ প্ৰাক্তন সভাপতি বিপিন চন্দ্ৰ বৰুৱাই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছতে স্মৃতি তৰ্পণ কৰে সৰুৰাম শইকীয়াই। সংস্থাৰ সম্পাদক অজিত চন্দ্ৰ বৰাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাখন মহিলাসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হয়।বৰ্ষীয়ান ব্যক্তি সৰুৰাম শইকীয়া আৰু শ্ৰীনাথ শইকীয়াক সম্বৰ্ধনা জনোৱা,বিপিন চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত দৰ্শনা বৰুৱাই শিশু আৰু জ্যেষ্ঠ নাগৰিকসকলৰ মনোবিজ্ঞানৰ সম্পৰ্কত বক্তব্য আগবঢ়োৱাৰ লগতে সুস্থ হৈ থকাৰ কৌশল শিকায়। সভাত যোগানন্দ বৰা ,দেবেশ্বৰ বৰা,জীৱন চন্দ্ৰ বৰা,মহেন্দ্ৰ দত্ত, হেমকান্ত পেগু,প্ৰমোদ বৰুৱা, নৰেন পূজাৰী,গণেশ বৰকাকতী,বীণা কলিতা,ৰাণা প্ৰতাপ নেওগ,বীৰেন্দ্ৰ নাথ দত্তই মনোভাৱ ব্যক্ত কৰে।মানুহে মানুহৰ বাবে গীতটো সমূহীয়াকৈ পৰিবেশন কৰি প্ৰতিষ্ঠা দিৱসৰ সামৰণি মাৰে।উল্লেখ্য, ২০১১ চনৰ ২১ নৱেম্বৰত প্ৰতিষ্ঠা হোৱা পশ্চিম যোৰহাট জ্যেষ্ঠ নাগৰিক সংস্থা ৰাজ্যিক সন্মিলন, জিলা সংস্থাৰ স্বীকৃতিপ্ৰাপ্ত আৰু অসম চৰকাৰৰ সমিতি পঞ্জীয়ন আইনৰ অধীনত ২৪০/১১ নম্বৰত পঞ্জীয়নভুক্ত।

No comments