ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৭ নৱেম্বৰ : যোৰহাটৰ উপকণ্ঠ ডাহিখুৰ পুৰণা মুছলিম গাঁৱৰ নিৰ্বাসী তথা সেই অঞ্চলৰ ধৰ্মপ্ৰাণ বয়জ্যেষ্ঠ ব্যক্তি মনিৰুদ্...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৭ নৱেম্বৰ : যোৰহাটৰ উপকণ্ঠ ডাহিখুৰ পুৰণা মুছলিম গাঁৱৰ নিৰ্বাসী তথা সেই অঞ্চলৰ ধৰ্মপ্ৰাণ বয়জ্যেষ্ঠ ব্যক্তি মনিৰুদ্দিন আহমেদ ( কণপাই)ৰ আজি দিনৰ প্ৰায় তিনি মান বজাত নিজ বাসগৃহতে ইহলীলাবৰণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৮০ বছৰ । তেওঁ পত্নী, তিনিজন পুত্ৰ, বোৱাৰী, তিনি গৰাকী জী ,জোঁৱাই , নাতি নাতিনীৰ লগতে দুজন ভাতৃসহ এক বৃহৎ পৰিয়াল ইহসংসাৰত এৰি থৈ গৈছে । কাইলৈ অৰ্থাৎ বুধবাৰে দিনৰ ১০ বজাত ডাহিখুৰৰ ৰাজহুৱা কবৰস্থানত তেওঁৰ জানাজা সম্পন্ন কৰা হব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । বয়জ্যেষ্ঠ লোকজনৰ বিয়োগত উক্ত অঞ্চলত শোকৰ ছাঁ পৰিছে । তেওঁ ধৰ্মীয় বহু অনুষ্ঠানৰ সৈতে জড়িত আছিল ।
No comments