Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ক্ষেত্ৰীত ইজৰাইলৰ সহযোগিতাৰে স্থাপন হ’বলগীয়া শাক-পাচলিৰ উৎকৰ্ষ সাধন কেন্দ্ৰ মুকলি মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২ নৱেম্বৰঃ  শেহতীয়া উন্নত প্ৰযুক্তিবিদ্যাৰ সমাহাৰেৰে অসমৰ উদ্যান শস্য খণ্ডত নতুন দিগন্তৰ সূচনাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সো...

গুৱাহাটী, ২ নৱেম্বৰঃ  শেহতীয়া উন্নত প্ৰযুক্তিবিদ্যাৰ সমাহাৰেৰে অসমৰ উদ্যান শস্য খণ্ডত নতুন দিগন্তৰ সূচনাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ইজৰাইলৰ ভাৰতস্থ ৰাষ্ট্ৰদূত ড০ ৰ’ন মালকাৰ উপস্থিতিত কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত ভাৰত-ইজৰাইল কৃষি প্ৰকল্পৰ অধীনত শাক-পাচলিৰ উৎকৰ্ষ সাধন কেন্দ্ৰ (ইণ্ডো-ইজৰাইল চেন্টাৰ অৱ এক্সিলেন্স ফৰ ভেজিটেবুল্‌ছ)ৰ আধাৰশিলা স্থাপন কৰে। ১০.৩  কোটি টকা ব্যয়ৰে স্থাপন হ’বলগীয়া এই প্ৰকল্পই ৰাজ্যখনৰ কৃষকসকলক ইজৰাইলৰ শেহতীয়া কৃষি-প্ৰযুক্তিৰ সৈতে চিনাকি কৰাই দি তেওঁলোকৰ উৎপাদন তথা আয় বৃদ্ধিত অৰিহণা যোগাব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শাক-পাচলিৰ উৎকৰ্ষ সাধন কেন্দ্ৰই ৰাজ্যখনৰ কৃষি আৰু উদ্যান শস্যৰ উৎপাদন বৃদ্ধিত বৃহৎ অৰিহণা যোগাব বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে কৃষকসকলৰ অৰ্থনৈতিক দিশ উন্নীতকৰণৰ পথ প্ৰশস্ত হ’ব বুলিও কয়। 

এই প্ৰকল্পৰ জৰিয়তে কৃষি, কৃষি বাণিজ্য আৰু খাদ্য সংসাধন খণ্ডত প্ৰযুক্তিৰ প্ৰয়োগৰ জৰিয়তে কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক বাস্তৱায়িত কৰাৰ পথ প্ৰশস্ত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। বিগত ৬ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যক্ষ উদ্যোগত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে লাভ কৰা অভূতপূৰ্ব বিকাশৰ দিশসমূহ আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অঞ্চলটোৰ বায়ুপথ, স্থলপথ আৰু জলপথৰ উন্নীতকৰণে অঞ্চলটোক দেশৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে সম্প্ৰতি পৰিগণিত কৰিছে। অঞ্চলটোৰ যোগাযোগ খণ্ডৰ সামগ্ৰিক বিকাশে দক্ষিণ-পূব এছিয়া আৰু আছিয়ান দেশসমূহৰ বাবে দুৱাৰমুখ হিচাপে পৰিগণিত কৰাৰ পথ প্ৰশস্ত কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। 

বৰ্তমান এই সমগ্ৰ অঞ্চলটো সাংস্কৃতিক বিনিময়, ব্যৱসায়-বাণিজ্য, ভ্ৰমণ আৰু পৰ্যটনৰ এক উজ্জ্বল সম্ভাৱনীয়তা থকা অঞ্চল হিচাপে পৰিগণিত হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। বৰ্তমানৰ ৰাজ্য চৰকাৰখনে কৃষিখণ্ডত লোৱা বহুসংখ্যক ইতিবাচক পদক্ষেপৰ ফলশ্ৰুতিত ৰাজ্যখনৰ বাৰ্ষিক শস্য উৎপাদন, ফল-মূল, শাক-পাচলিৰ উৎপাদন চমকপ্ৰদভাৱে বৃদ্ধি হৈছে বুলি উল্লেখ কৰি ৰাজ্যখনৰ কৃষকৰ দ্বাৰা উৎপাদিত ফল-মূল আৰু শাক-পাচলি ডুবাই, লণ্ডন, বেংকক, আবু ধাবি তথা অন্যান্য আন্তৰ্জাতিক বজাৰসমূহলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। উত্তৰ-পূৰ্বাঞ্চলক জৈৱিক কৃষিৰ হাব হিচাপে পৰিগণিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা লক্ষ্যৰ কথা উল্লেখ কৰি ৰাজ্য চৰকাৰে এই দিশত লোৱা পদক্ষেপসমূহৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। 

ৰাজ্যখনৰ পৰ্যটন খণ্ডত থকা প্ৰচুৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি এই দিশত ইজৰাইল চৰকাৰৰ সৈতে যৌথভাৱে কাম কৰাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। ৰাজ্যখনত ষ্টাৰ্ট আপৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ইজৰাইলৰ সহযোগিতা কামনা কৰাৰ লগতে ৰাজ্যখনত বৰ্তমানে চলি থকা বিভিন্ন ষ্টাৰ্ট আপ প্ৰকল্পত ইজৰাইলৰ তত্ত্বাৱধান তেওঁ কামনা কৰে। ৰাজ্যখনৰ ঔদ্যোগিক খণ্ডই লাভ কৰা সফলতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ ঔদ্যোগিক বিকাশ আৰু অধিক ত্বৰান্বিত কৰাৰ বাবে ইজৰাইলক সহযোগিতা আগবঢ়াবলৈও আহ্বান জনায়। ৰাজ্যখনৰ কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ড পৰ্যটন, ষ্টাৰ্ট আপ আৰু অন্যান্য খণ্ডত ইজৰাইলৰ সহযোগিতাই অসমৰ কৃষক, উদ্যোগীসকলৰ দ্ৰুত উন্নয়নত বিশেষভাৱে অৰিহণা যোগাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইজৰাইলৰ ভাৰতস্থ ৰাষ্ট্ৰদূত ড০ ৰ’ন মালকাই সাম্প্ৰতিক সময়ত ভাৰত আৰু ইজৰাইলৰ বন্ধুত্বই লাভ কৰা বিশেষ গুৰুত্বৰ কথা তেওঁ উল্লেখ কৰে। ইজৰাইল আৰু ভাৰতে পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা আগবঢ়াব পৰা দুখন বিশেষ ৰাষ্ট্ৰ বুলিও তেওঁ কয়। ক’ভিড-১৯ অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰতো ভাৰত আৰু ইজৰাইলে সহযোগিতাৰে কাম কৰিছে বুলি তেওঁ কয়। ইণ্ডো-ইজৰাইল চেন্টাৰ অৱ এক্সিলেন্স ফৰ ভেজিটেবুল্‌ছ স্থাপনে অসমক ভাৰত-ইজৰাইল সহযোগিতাৰ অংগ হিচাপে পৰিগণিত কৰিলে বুলিও তেওঁ কয়।

 এই অনুষ্ঠানৰ পূৰ্বে আজি ইজৰালৰ ভাৰতস্থ ৰাষ্ট্ৰদূতগৰাকীৰ নেতৃত্বত এক উচ্চপৰ্যায়ৰ প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী সোণোৱালক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি ইজৰাইল আৰু অসমে পৰস্পৰে লাভান্বিত হ’ব পৰা বিভিন্ন বিষয় সামৰি এক আলোচনাত মিলিত হয়। আজিৰ এই অনুষ্ঠানত কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, সাংসদ কুইন ওজা, বিধায়ক অতুল বৰাৰ লগতে বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।   

No comments