Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অচিৰেই পৰিধান কৰিব গেৰুৱা বসন ঃ বিপিএফ এৰিলে সাংসদ বিশ্বজিত দৈমাৰীয়ে

বিটিচিত এতিয়া বিপিএফে সৃষ্টি কৰিছে বিশ্বাসীহনতাৰ পৰিৱেশ ঃ দৈমাৰী ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ নৱেম্বৰ ঃ সম্প্ৰতি বিটিএডি এলেকাত ইয়াৰ জনসাধা...

বিটিচিত এতিয়া বিপিএফে সৃষ্টি কৰিছে বিশ্বাসীহনতাৰ পৰিৱেশ ঃ দৈমাৰী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ নৱেম্বৰ ঃ সম্প্ৰতি বিটিএডি এলেকাত ইয়াৰ জনসাধাৰণৰ সমস্যাসমূহ সমাধানৰ বিপৰীতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে এনে কিছুমান নীতি গ্ৰহণ কৰি আহিছে যে এইবোৰ নীতিয়ে সমগ্ৰ বিটিএডি অঞ্চলতে সৃষ্টি কৰিছে এক চৰম বিশ্বাসহীনতাৰ পৰিৱেশ। ইয়াত বসবাস কৰা বড়ো, অবড়ো সকলো শ্ৰেণীৰ ৰাইজৰ অধিকাৰ নিশ্চিত কৰিব লাগে পৰিষদীয় চৰকাৰে। ইয়াৰ বাবে বিভিন্ন ধৰণৰ নীতি, আঁচনি আদি গ্ৰহণ কৰিব লাগে। কিন্তু তাকে নকৰি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ পৰিষদীয় চৰকাৰে কেতবোৰ বিভ্ৰান্তিকৰ আৰু ইয়াৰ ৰাইজে নিবিচৰা সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। এনেবোৰ কাৰণত বিটিএডিৰ বাসিন্দাই এতিয়া নিজৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ পৰা ভূমিৰ অধিকাৰ আদি লৈও আশংকাত দিন কটাব লগা হৈছে। এই মহাবিস্ফোৰক অভিযোগ বিপিএফ দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ। 

বুধবাৰে গুৱাহাটীত সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সংবাদমেল সম্বোধন কৰি হাগ্ৰামা মহিলাৰী তথা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ বিৰুদ্ধে এনেদৰে সৰৱ হোৱাই নহয়, দৈমাৰীয়ে বিপিএফ এৰি অতিশীঘ্ৰে বিজেপি দলত যোগদান কৰিব বুলি ঘোষণা কৰে। সংবাদ মেলত তেওঁ দলৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব এৰা বুলিও ঘোষণা কৰে। অৱশ্যে বিপিএফ দলৰ পৰা বৰ্তমানো ৰাজ্যসভাৰ সাংসদ হৈ থকাৰ পৰিপ্ৰেক্ষিতত কিছু আইনগত কাম-কাজৰ বাবে দলৰ প্ৰাথমিক সদস্যপদ এৰা নাই বুলিও স্পষ্ট কৰি দিয়ে। বিপিএফ দল এৰা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীয়ে কয়— এটা ৰাজনৈতিক দলৰ প্ৰতিনিধি হিচাপে আমি সকলো শ্ৰেণীৰ ৰাইজৰ কাম কৰিবলৈ সুবিধা পাব লাগে। কিন্তু আজি আহি আহি মোৰ অনুভৱ হৈছে আমি প্ৰথম পৰ্যায়ত বিটিচিবাসীক দিয়া প্ৰতিশ্ৰুতি, আশ্বাস সেইবোৰ সম্পূৰ্ণ কৰা হ’ল। বিটিচি জন্মৰ পিছত বিটিচিৰ প্ৰায় সকলো সমস্যা সমাধান হৈছে।  বিটিচি চুক্তি কাৰ্যকৰী কৰা হ’ল। বিটিচিৰ আন্তঃগাঁথনি হৈ গ’ল। এতিয়া বড়ো জাতিৰ ভাষা, সংস্কৃতি, কলা-কৃষ্টিৰ পৰা আৰম্ভ কৰি শিক্ষা-দীক্ষাৰ সমস্যা আছে। 

সেয়া বিটিআৰ চুক্তি স্বাক্ষৰৰ যোগেদি সমাধানৰ পথ মুকলি হ’ল। এনে অৱস্থাত মই ভাবো বিটিচিত আৰু কোনো সমস্যা নাই। কিন্তু জনগণৰ কাম কৰিব লগা আছে। সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয়— ৰাজনৈতিক দল ৰাইজৰ  সকলো দুখ-সুখৰ সমভাগী হ’ব লাগে। ৰাইজৰ কাম কৰিবলৈ হ’লে এতিয়া ৰাজনৈতিক ক্ষেত্ৰ কিছু বহল ভিত্তিত হ’ব লাগিব। আমি বিটিচিৰ পৰা ওলাই সমগ্ৰ অসম, উঃ-পূঃ অথবা ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰিবলৈ হ’লে মূল সুঁতিৰ ৰাজনীতিৰ লগত থাকি কাম কৰিব লাগিব। বিপিএফত থাকি কাম কৰিলে সেয়া সম্ভৱ নহয়। প্ৰণিধানযোগ্য যে কিছুদিন পূৰ্বে মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি বিপিএফ দলৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক ইমানুৱেল মুছাহাৰীয়ে বিপিএফ এৰি বিজেপি দলত যোগদান কৰিব বুলি উল্লেখ কৰিছিল। ইয়াৰ পিছতে বিশেষকৈ বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত বিপিএফ দলৰ কাৰ্যকৰী সভাপতি বিশ্বজিৎ দৈমাৰীয়ে হাগ্ৰামা মহিলাৰীৰ সংগ ত্যাগ কৰাটো বিপিএফৰ বাবে এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে। 

আনকি বিশ্বজিৎ দৈমাৰীৰ বিপিএফ দল ত্যাগ আৰু বিজেপিত যোগদানৰ ঘোষণাই দল দুটাৰ মিত্ৰতা সন্দৰ্ভতো এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিশ্বজিৎ দৈমাৰীয়ে কয়— বিজেপি আৰু বিপিএফৰ মাজৰ মিত্ৰতা ভংগ হ’বও পাৰে। কিয়নো বৰ্তমান যি পৰ্যায়ত দল দুটাৰ মিত্ৰতা চলি আছে সেয়া মিত্ৰতা থকা-নথকা একে কথা। এনে সম্পৰ্ক নীতিগতভাৱে মনপুত নহ’লে মিত্ৰতা ভংগ হ’ব। তেওঁ লগতে স্পষ্ট কৰে যে ব্যক্তিগতভাৱে তেওঁৰ হাগ্ৰামা মহিলাৰীৰ লগত কোনো সংঘাত হোৱা নাই। কিন্তু দলৰ কিছু কাম-কাজ, নীতিক লৈ মতানৈক্য হৈছে। সম্প্ৰতি বিটিচিত দেখা সমস্যা সমাধানত বিপিএফৰ কোনো নীতি নাই। আনকি এতিয়া কেৱল বিৰোধিতা কৰাই হৈছে দলটোৰ নীতি। বিটিআৰ, বড়ো-কছাৰী স্বায়ত্তশাসিত পৰিষদ আদিৰ পৰা সকলোতে কেৱল বিৰোধিতা। এনেবোৰ কাম আমি সমৰ্থন নকৰো। এতিয়া বিটিচিত মানুহৰ বিপিএফৰ ওপৰত বিশ্বাস নোহোৱা হৈ পৰিছে। এতিয়াৰ পৰা বিপিএফমুক্ত হৈ দলটোৰ ভুলবোৰ ৰাইজৰ সন্মুখত তুলি ধৰিব বুলিও তেওঁ সদৰী কৰে।

No comments