Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

উদীয়মান সংগীত শিল্পী কাশ্মীৰী পাঠকৰ সৈতে ‘গণ অধিকাৰ’ৰ আছুতীয়া সাক্ষাৎকাৰ

কাশ্মীৰীঃ প্ৰথমে আপোনাৰ নতুন মিউজিক ভিডিঅ’ এলবামৰ সফলতাক লৈ অভিনন্দন জনাইছো। এই বিষয়ে আমাক অধিকভাৱে জনাওক। যেনে- আপুনি ইয়াৰসফলতাৰ বাবে কাক ...



কাশ্মীৰীঃ প্ৰথমে আপোনাৰ নতুন মিউজিক ভিডিঅ’ এলবামৰ সফলতাক লৈ অভিনন্দন জনাইছো। এই বিষয়ে আমাক অধিকভাৱে জনাওক। যেনে- আপুনি ইয়াৰসফলতাৰ বাবে কাক কৃতিত্ব দিব বিচাৰিছে ?

গণ অধিকাৰঃ অভিনন্দন জনোৱাৰ বাবে ধন্যবাদ জনাইছো ধনদা আৰু ফিৰোজদাৰ লগতে ‘গণ অধিকাৰ’ গোষ্ঠীক। তিনি বছৰৰ অন্তত মই পলাশ সূৰ্য্য গগৈৰ সংগীত পৰিচালনাত সুন্দৰভাৱে অতি কম সময়ৰ ভিতৰতে শেহতীয়াকৈ মুক্তি লাভ কৰা ‘বাটৰুৱা বতাহে’ গীতটো সংগীতপ্ৰেমীৰ মাজত বিলাবলৈ সক্ষম হৈছে। এই গীতৰ বাবে কৃতিত্ব দিব বিচাৰো মোৰ পৰিয়ালবৰ্গৰ লগতে বিশেষকৈ ভাতৃ অনুভৱ দত্তক। ইয়াৰ উপৰি গীতটো প্ৰস্তুত কৰি উলিওৱাত সহায় কৰা সমগ্ৰ দলটোক ইয়াৰ কৃতিত্ব দিব বিচাৰো। 

কাশ্মীৰীঃ আপুনি কেতিয়াৰ পৰা ৰাজহুৱা অনুষ্ঠানত গীত পৰিৱেশন কৰিছে, সেয়া বিহু অনুষ্ঠান অথবা শিক্ষানুষ্ঠানতে হওক৷ সংগীতৰ জগতত খোজ পেলোৱাৰ ক্ষেত্ৰত কোনে আপোনাক অনুপ্ৰেৰণা যোগাইছিল সেই বিষয়ে আমাক জনাব নেকি ? আপুনি এনেদৰে গান গোৱাটো বৃত্তি হিচাপে লৈছে নেকি?

গণ অধিকাৰঃ  ৰাজহুৱা অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ পঞ্চম শ্ৰেণীৰ পৰাই আৰম্ভ কৰিছিলো। পঞ্চম শ্ৰেণীতেই সংগীতৰ জগতখনত প্ৰথম খোজ পেলাইছিলো। পিছলৈ স্কুল-কলেজতো গীত পৰিৱেশন কৰিছিলো। প্ৰথমবাৰলৈ মঞ্চত গীত পৰিৱেশন ২০০৮ চনত কৰিছিলো। সংগীতৰ জগতখনত খোজ পেলোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় আগবঢ়াইছিল মোৰ মা আৰু মাহীয়ে। মা আৰু মাহী সংগীত জগতখনৰ লগত জড়িত হৈ আছে। সেইবাবে পৰিয়ালগতভাৱে মই সংগীতৰ লগত জড়িত হৈ পৰিছো। সংগীত গোৱাটো মোৰ আৱেগ। কিন্তু আৱেগক জীৱিকা হিচাপে বাছি লৈ অনাগত সময়ত গীত পৰিৱেশ কৰি যোৱাৰ মনত এক হাবিয়াস ৰাখিছো।

কাশ্মীৰীঃ আপুনি লাইভ শ্ব’ সম্পৰ্কে জনাব নেকি ? আপুনি টেলিভিছন, ৰেডিঅ’, ডিজিটেল মিডিয়া আদিত পৰিৱেশন কৰা লাইভ শ্ব’ সম্পৰ্কে  জনাব নেকি?

গণ অধিকাৰঃ লাইভ শ্ব’ সদায় আনন্দদায়ক। মঞ্চত লাইভ সংগীত পৰিৱেশন কৰি আনন্দ লাভ কৰো। মঞ্চত যেতিয়া প্ৰথমে সংগীত পৰিৱেশন কৰিবলৈ উঠো তেতিয়া অলপ বিবুধিত পৰো। কিন্তু যেতিয়া মঞ্চৰ দৰ্শকসকলৰ উৎসাহ প্ৰত্যক্ষ কৰো তেতিয়া আত্মবিশ্বাস বৃদ্ধি পায় আৰু হৃদয় উজাৰি গীত পৰিৱেশন কৰিবলৈ মন যায়। সকলো ধৰণৰ মঞ্চতেই মই গীত পৰিৱেশন কৰিবলৈ ভাল পাওঁ। মই দৰ্শকক আনন্দ দিয়াৰ বাবেই গীত পৰিৱেশন কৰিবলৈ সদায় প্ৰস্তুত। 

কাশ্মীৰীঃ শেহতীয়া গীতটোৰ মুক্তিৰ সফলতাৰ পিছত আগন্তুক সময়ত এনেদৰে গীত গাই যোৱাৰ পৰিকল্পনা কৰিছে নেকি ?

গণ অধিকাৰঃ ‘বাটৰুৱা বতাহে’ সফলতাৰ পিছত আগন্তুক সময়তো গীত পৰিৱেশন কৰি যোৱাৰ পৰিকল্পনা আছে। ‘বাটৰুৱা বতাহে’ গীতটো শ্ৰোতাসকলে আঁকোৱালি লোৱাৰ পিছত আত্মবিশ্বাস বৃদ্ধি পাইছে। সেইবাবে এনেদৰে নতুন নতুন গীত গাই যোৱাৰ পৰিকল্পনা আছে। শেহতীয়াভাৱে মুক্তি লাভ কৰা ‘বাটৰুৱা বতাহে’ গীতটোৰ পৰিচালক তিৰাপ সীমান্ত মেধিক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰো। তেওঁৰ নতুন পৰিকল্পনা লৈ পৰিচালনা কৰা গীতটো শ্ৰোতাসকলে আদৰি লোৱাৰ পিছতেই সংগীতৰ জগতত এতিয়া বহুসংখ্যকৰ ওচৰত এটা চিনাকি নাম হ’বলৈ ধৰিছো। ইয়াৰ উপৰি সংগীত জগতখনত অনুপ্ৰাণিত কৰাসকলৰ ভিতৰত আছে গুঞ্জন ভৰদ্বাজ। তেওঁক বিশেষভাৱে ধন্যবাদ জনাওঁ।

কাশ্মীৰীঃ সংগীতৰ জগতখনত খোজ পেলোৱাৰ বাবে কোনে অধিক প্ৰভাৱিত কৰিছে সেই সম্পৰ্কে আমাক জনাব নেকি,  লগতে পৰিয়ালৰ বিষয়েও কিছু জনাব নেকি ? আপোনাক কেৰিয়াৰ গঢ়াত পৰিয়ালৰ ভূমিকাৰ বিষয়ে শ্ৰোতাক জনাব নেকি ?

গণ অধিকাঃ সংগীতৰ জগতত খোজ পেলোৱাৰ ক্ষেত্ৰত মোক অধিকভাৱে অনুপ্ৰাণিত কৰিছে মোৰ জ্যেষ্ঠ ভাতৃ পাৰ্থপ্ৰতিম পাটগিৰি আৰু জিণ্টু দাসে। গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰাৰ দিনৰে পৰা এই দুয়োগৰাকীয়ে সদায় মোক উৎসাহ আৰু উদ্দীপনা যোগাই আহিছে। মোৰ কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকাও অভূতপূৰ্ব। এইক্ষেত্ৰত পিতৃৰ ভূমিকা বহু বেছি। পিতৃয়ে সদায় গীত গাই যোৱাৰ ক্ষেত্ৰত উৎসাহ যোগাই আহিছে। বিহুৰ সংগীতানুষ্ঠানত যেতিয়া গীত পৰিৱেশন কৰিবলৈ যাওঁ তেতিয়া মোৰ সংগীতানুষ্ঠানৰ অন্ত নপৰালৈকে পুৱতি নিশালৈ মা আৰু দেউতা মোৰ বাবে অপেক্ষাৰত হৈ থাকে। এই ক্ষেত্ৰত মা-দেউতাক লৈ মই গৌৰৱ অনুভৱ কৰো।

কাশ্মীৰীঃ আপুনি কি সংগীতক অধিক অগ্ৰাধিকাৰ দিব, যেনে— বিহু, লোকসংগীত, হিন্দী, ইংৰাজী, পপ ছং আদি ?

গণ অধিকাৰঃ মই ৰোমাণ্টিক ব্যক্তি হোৱাৰ বাবে ৰোমাণ্টিক গীত পৰিৱেশন কৰি ভাল পাওঁ। বিশেষকৈ অসমীয়া সংগীতক অগ্ৰাধিকাৰ দিওঁ। ইয়াৰ উপৰি মই বিহুগীত, লোকগীত, হিন্দী গীত আৰু ইংৰাজী গীত গাই ভাল পাওঁ। সকলো ভাষাৰ গীত পৰিৱেশন কৰিবলৈ মই চেষ্টা চলাই আছো। 

কাশ্মীৰীঃ  আপোনাৰ ৰুচি সম্পৰ্কে কিছু জনাব নেকি?

গণ অধিকাৰ ঃ মই সংগীতক ভাল পাওঁ। সেইবাবে মই গীত শুনি অধিক ভাল পাওঁ। যিহেতু মই এগৰাকী সংগীত শিল্পী সেইবাবে সংগীতকে সবাতোকৈ অধিক অগ্ৰাধিকাৰ দিওঁ। ইয়াৰ উপৰি মই বিশেষকৈ অসমীয়া আৰু হিন্দী গীত শুনি ভাল পাওঁ। তাৰ লগতে আলোচনী আৰু ৰোমাণ্টিক উপন্যাসসমূহ পঢ়ি ভাল পোৱাৰ উপৰি ভ্ৰমণ কৰি, ভিন্ন জুতিৰ খাদ্য গ্ৰহণ কৰি আনন্দ লভো। মোৰ প্ৰিয় স্থান হৈছে ৰাজধানী দিল্লী। আনহাতে মোৰ প্ৰিয় খাদ্য হ’ল চাইনীজৰ লগতে নিৰামিষ খাদ্য।

 কাশ্মীৰীঃ আপোনাৰ সংগীত জগতৰ কেৰিয়াৰত জুবিন গাৰ্গৰ ভূমিকা কি আৰু তেওঁৰ দ্বাৰা প্ৰভাৱিত হৈছে নেকি ?

গণ অধিকাৰঃ হাৰ্টথ্ৰব জুবিন গাৰ্গক মই বহুত ভাল পাওঁ। তেওঁৰ প্ৰতি মোৰ যথেষ্ট সন্মান আছে, যি মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো। শৈশৱৰ পৰাই তেওঁৰ গীত শুনিয়ে ডাঙৰ-দীঘল হৈছো।  অসমৰ যুৱ-প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাদায়ক জুবিন গাৰ্গ। তেওঁৰ সদায় সু-স্বাস্থ্য কামনা কৰো। জুনিব গাৰ্গ হৈছে এটা আৱেগ।

কাশ্মীৰীঃ আপুনি অসমৰ সংগীত জগতখনক কি দৃষ্টিৰে চাইছে, ইয়াৰ ভৱিষ্যৎ সম্পৰ্কে আপোনাৰ কি ধাৰণা চমুকৈ  কিছু জনাব নেকি?

গণ অধিকাৰঃ অসমৰ সংগীত জগতখন আৰু অধিক উন্নত হোৱাটো বিচাৰো। ভৱিষ্যতে অসমৰ সংগীত জগতখন জাকত-জিলিকা হৈ উঠিব। অতি সোনকালে অসমৰ সংগীত জগতখন আৰু অধিক আগুৱাই যাব বুলি মোৰ দৃঢ় বিশ্বাস। এই সংগীত জগতখনৰ লগত জড়িত হ’বলৈ পাই নিজকে মই ভাগ্যৱান বুলি ভাবিছো। এই সংগীত জগতখনৰ বাবে মই কাম কৰি যাম।

কাশ্মীৰীঃ আপুনি কি কি ভাষাত গীত গাব পাৰে ? যেনে— গোৱালপৰীয়া লোকগীত সম্পৰ্কে দৰ্শকক কিছু জনাব নেকি? 

গণ অধিকাৰঃ মই অসমীয়া, হিন্দী, বঙালী, ইংৰাজী ভাষাত গীত গাব পাৰো। মই বিশেষকৈ বিহুগীত ভাল পাওঁ। বিহুগীত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হৈছে। বিহুগীত হৈছে প্ৰতিগৰাকী অসমীয়াৰ আৱেগ। মই  বিহুগীত গাবলৈ ভাল পাওঁ এইবাবেই যে এই গীতৰ কথা-সুৰ অতিকে মনোমোহা আৰু হৃদয়স্পৰ্শী। গোৱালপৰীয়া লোকগীতসমূহ অতিকৈ সুন্দৰ, হৃদয়-বিদাৰক। মই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ অনুৰাগী। মই গোৱালপৰীয়া লোকগীত শুনি ভাল পাওঁ।

                                 শেষত সুন্দৰ সাক্ষাৎকাৰ গ্ৰহণৰ বাবে মই ‘গণ অধিকাৰ’ গোষ্ঠীক ধন্যবাদ জনালো।

No comments