— IndianPremierLeague (@IPL) November 10, 2020 ডুবাই, ১১ নৱেম্বৰঃ মঙলবাৰে ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ-২০২০...
— IndianPremierLeague (@IPL) November 10, 2020
ডুবাই, ১১ নৱেম্বৰঃ মঙলবাৰে ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ-২০২০ ফাইনেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক ৫ টা উইকেটত পৰাজিত কৰি আই পি এলৰ ১৩তম চিজন ত জয় লাভ কৰে। এয়া আছিল মুম্বাই ইণ্ডিয়ানছৰ পঞ্চম আই পি এলৰ চেম্পিয়নৰখিতাপ। ইয়াৰ আগতে, তেওঁ ২০১৩, ২০১৫, ২০১৭ আৰু ২০১৯ চনত আই পি এলৰ ট্ৰফী লাভ কৰিছিল। আজি অনুষ্ঠিত ফাইনেল মেচখনত দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি দিল্লীয়ে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৫৬ ৰান সংগ্ৰহ কৰে। দিল্লীৰ আৰম্ভণি অতিকৈ নিৰাশাজনক জনক আছিল। মেচৰ প্ৰথমটো বলতে ট্ৰেণ্ট বল্টৰ চিকাৰ হয় অপেনাৰ বেটছমেন মাক্ৰুছ ষ্টনিছ। তাৰ পিছত আজিয়েংকা ৰাহানেও মাত্ৰ চাৰিটা বল খেলি দুই ৰানতে ট্ৰেণ্ট বল্টৰ বলত আউট হয়। শিখৰ ধাৱানে কিছু খেলিবলৈ চেষ্টা কৰে যদিও বেছি সময় ক্ৰিজত টিকিবলৈ সক্ষম নহ’ল। তেওঁ ১৩ বল খেলি তিনিটা ৪ৰ সহায়ত মাত্ৰ ১৫ ৰানত জয়ন্ত যাদবৰ বলত আউট হয়।
পিছলৈ শ্ৰেয়াছ আয়াৰ আৰু ঋষভ পেণ্ট সুন্দৰ প্ৰদৰ্শনেৰে খেলি দলৰ স্ক’ৰ কিছুু সন্তোষজনক স্থানত নিবলৈ সক্ষম হয়। ঋষভ পেণ্ট ৩৮টা বল খেলি ২টা ছিক্সাৰ আৰু ৪টা চাৰিৰ কোবাই ৫৬ ৰান কৰি কাল্টাৰ নাইলৰ বলৰ আউট। অৱশ্যে শ্ৰেয়াছ আয়াৰে কিছু সময়ত খেলি ৫০ বল খেলি ২টা ছিক্সাৰ আৰু ৬টা চাৰিৰে অপৰাজিত ৬৫ ৰান আৰু অক্ষৰ পাটেলেৰ ৯ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৫৬ ৰান সংগ্ৰহ কৰে।
১৫৭ ৰানৰ লক্ষ্য আগত লৈ খেলিবলৈ আহে মুম্বাই ইণ্ডিয়ানছৰ অপেনাৰ ৰোহিত শৰ্মা আৰু ডি ক’ক। ডি ক’কে এটা ছিক্সাৰ আৰু তিনিটা ৪ৰ সহায়ত ১২ বলত ২০ ৰান কৰি ষ্টনিছৰ বলত আউট হয়। ইয়াৰ পিছত ৰোহিত সূৰ্যকুমাৰ খেলিবলৈ আহি তেওঁ ২০ ৰানত ৰানআউট হয়। অৱশ্যেৰোহিট শৰ্মাই সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি ৫১টা বলত ৪টা ছিক্স আৰু ৫টা চাৰিৰ সহায়ত ৬৮ ৰান কৰি নৰ্টজেৰ বলত আউট হয়। ৰোহিতৰ পিছত ঈষান কিষান আৰু কিৰেন প’লাৰ্ডে খেলি মেচনখন নিজৰ হাতলৈ আনে। প’লাৰ্ডে ৪ বল খেলি দুটা ৪ৰ সহায়ত ৯ ৰান কৰি ৰাবাডাৰ বলত আউট হয়। শেষত হাৰ্দিক পাণ্ডিয়া আহি ৩ ৰান আৰু কুনা পাণ্ডিয়াই ১ ৰানত কৰি ১৮.৪ অভাৰত ৫ উইকেট বিজয় সাব্যস্ত কৰি আই পি এল-২০২০ৰ চেম্পিয়ন খিতাপ দখল কৰে।
উল্লেখ্য যে পাৱাৰ প্লে অফ মেচ, মেন অফ দ্য মেচ আৰু ক্ৰিড পাৱাৰ প্লে অফ ছিজনৰ খিতাপ Îট্ৰণ্ট বেŒট লাভ কৰে। এমেজিং প্লেয়াৰ অফ ছিজনৰ খিতাপ দেৱদত্ত পাড়িকালে লাভ কৰে। আনহাতে গেম ছেঞ্জাৰ প্লেয়াৰ অফ ছিজনৰ বঁটা লাভ কৰে হাৰ্দিক পাণ্ডিয়াই। একেদৰে ছিজনটোত সৰ্বাধিক ছিক্সাৰৰ বাবে এই বঁটা লাভ কৰে ঈষান কিষানে। ইফালে সৰ্বাধিক ৩০ উইকেট লাভ কৰা ৰাবাডাই পাৰ্পল কেপৰ সন্মান লাভ কৰে। একেদৰে ছিজনটোত সৰ্বাঝিক ৰান কৰাৰ বাবে অৰেন্স কাপৰ সন্মান লাভ কৰে কে এল ৰাহুলে। উল্লেখ্য যে মেন অফ দ্যা ভেলুৱেল প্লেয়াৰৰ সন্মান লাভ কৰে জ’ফ্ৰা আৰ্চাৰে।
No comments