তপন কুমাৰ শইকীয়া, ডিব্ৰুগড়, ১৯ নৱেম্বৰঃ আজি অধিৱেশনৰ দ্বিতীয় দিনা লোকাৰণ্য হৈ পৰে ছলাকটকী ৰাজহুৱা খেলপথাৰ। পুৱাৰ ভাগত আছুৰ সভাপতি দীপাংক ক...
তপন কুমাৰ শইকীয়া, ডিব্ৰুগড়, ১৯ নৱেম্বৰঃ আজি অধিৱেশনৰ দ্বিতীয় দিনা লোকাৰণ্য হৈ পৰে ছলাকটকী ৰাজহুৱা খেলপথাৰ। পুৱাৰ ভাগত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে আছুৰ পতাকা উত্তোলন কৰাৰ পিছতে শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। ইয়াৰ পিছতে সমন্বয়ৰ শোভাযাত্ৰা শীৰ্ষক এক বৰ্ণময় শোভাযাত্ৰা উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ে। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ স্বকীয় লোককলা-সংস্কৃতি উদ্ভাসিত কৰি দুলীয়াজানৰ ৰাজপথ মুখৰিত কৰি তুলে আজিৰ এই বিশাল বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰায়ে। এক কথাত ক’বলৈ হ’লে কিছু সময়ৰ বাবে জন সমুদ্ৰলৈ পৰিণত হয় তৈলনগৰী দুলীয়াজান। প্ৰায় ২০ সহস্ৰাধিক অংশগ্ৰহণকাৰীয়ে উলিওৱা প্ৰায় ৫ কিলোমিটাৰজোৰা এই শোভাযাত্ৰা চাবলৈ ৰাজপথৰ দুয়োকাষ অগণন লোকে থাহ খাই পৰে। একে সময়তে চহৰখনত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। এই শোভাযাত্ৰা দুপৰীয়া ১১ বজাতে বাহিৰ কৰাৰ কথা আছিল যদিও সুবিশাল এই শোভাযাত্ৰা পৰিপাটি আৰু নিয়াৰীকৈ সম্পন্ন কৰাৰ বাবে যো-জা চলাওতেই বিয়লি ১.৩০ বাজিল। ফলত আন কাৰ্যসূচীসমূহ অনুষ্ঠিত কৰাত কিছু পলম হয়। শোভাযাত্ৰাৰ পিছত অনুষ্ঠিত জগত শইকীয়া সোঁৱৰণী জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহখনি উদ্বোধন কৰে ৰজত কমল বঁটাপ্ৰাপক বিশিষ্ট চলচ্চিত্ৰ পৰিচালক যদুমণি দত্তই। ইয়াৰ পিছতে গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীস্থলীত আয়োজিত মুকলি কুইজ প্ৰতিযোগিতাৰ পিছতে মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতিনিধি সভা উন্মোচন কৰে। আমন্ত্ৰিত শিল্পীৰ দ্বাৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পোনাৰাম বৰগোহাঁঞিয়ে। কাইলৈ পুৱা ১০ বজাৰপৰা প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। ১১ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু ১২ বজাত মূল মণ্ডপত সদৌ অসমভিত্তিত আন্তঃমহাবিদ্যালয় শ্বহীদ সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনি উদ্বোধন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড০ সত্যকাম বৰঠাকুৰে। বিয়লি ২ বজাত সদৌ অসমভিত্তিত কবি সন্মিলন অনুষ্ঠিত হয়। ইফালে সন্ধিয়া ৬ বজাৰ পৰা আৰাম্ভ হয় কেইবা গৰাকী শিল্পীৰ দ্বাৰা পৰিবেশন কৰা সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা শিক্ষাবিদ জগত বৰুৱাই।
No comments