Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সাংবাদিকক নিৰাপত্তা প্ৰদানৰ দাবীত যোৰহাটত প্ৰতিবাদ

গণ বার্তা, যোৰহাট, ২৩ নৱেম্বৰঃ  সমগ্ৰ ৰাজ্যতে সম্প্ৰতি সাংবাদিক নিগ্রহৰ ঘটনা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে। যাৰ বাবে সংবাদ জগতৰ লগত জড়িত সংবাদকৰ্ম...


গণ বার্তা, যোৰহাট, ২৩ নৱেম্বৰঃ  সমগ্ৰ ৰাজ্যতে সম্প্ৰতি সাংবাদিক নিগ্রহৰ ঘটনা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে। যাৰ বাবে সংবাদ জগতৰ লগত জড়িত সংবাদকৰ্মী সকলে সংশয় আৰু আতংকৰ মাজত জীৱন যাপন কৰিবলগীয়া হৈছে। কিন্তু ইয়াক ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে যি ভূমিকা লব লাগিছিল সেইয়া কিন্তু হতাশ জনক। যাৰ বাবে দুস্কৃতিকাৰীয়ে  সাংবাদিক নিগ্ৰহৰ দৰে দুষ্কাৰ্য সংঘটিত কৰিবলৈ উৎসাহ লাভ কৰি আহিছে। শেহতীয়া কৈ ৰাজ্যত সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাই ইয়াকে প্ৰমাণ কৰিছে। এই অভিযোগ উত্থাপিত কৰি আজি যোৰহাট ত সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত আৰু সাংবাদিকক নিৰ্যাতন কৰা দূষিক  উচিত শাস্তি প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাটৰ সাংবাদিক সকলে। যোৰহাট জিলা সাংবাদিক সংস্থা আৰু যোৰহাট জিলা ই মিডিয়া এছচিয়েজনৰ উদ্যোগত যোৰহাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ন কৰা  অৱস্থান কাৰ্যসূচীত  যোৰহাট জিলাৰ বিভিন্ন সাংবাদিকৰ লগতে সদৌ অসম ছাত্ৰ সন্থা, তাই আহোম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কে ধৰি বিভিন্ন সংগঠনৰ  বিষয়ববীয়া ই অংশ গ্ৰহণ কৰি সম্প্ৰতি ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰে এই সাংবাদিক নিগ্ৰহ ঘটনাক তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়ে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সহকাৰী সম্পাদক জুল খাউণ্ডে কয় যে, সাংবাদিক নিগ্ৰহ ঘটনা আজিৰ নহয়, অতীজৰ পৰাই ই চলি আহিছে। কিন্তু কোনো এখন চৰকাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নাই। সাংবাদিক সকল হৈছে সমাজৰ দাপোন স্বৰূপ। সাংবাদিকে সকলো ক্ষেত্ৰতে ৰাইজক সচেতন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু ৰাজনৈতিক প্ৰৰোচনাতেই হওঁক বা আন কাৰণতেই হওঁক সাংবাদৰ ওপৰত নিৰ্যাতন চলি আহিছে। সেইবাবে সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে এখন পৃথক আইন প্ৰণয়ন কৰা উচিত। প্ৰতিবাদী কাৰ্যসূচী ত উপস্থিত থাকি তাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ সম্পাদক ৰাজীৱ গগৈয়ে কয় য়ে, সাংবাদিক সকলক বহুতেই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰে কিন্তু সাংবাদিক ৰ সুৰক্ষাৰ বাবে কোনেও মাত নামাতে। যাৰ সুবিধা গ্ৰহণ কৰিছে বিভিন্ন পক্ষই। আৰু কোনো দুৰ্নীতি উদঙাই দিলেই সাংবাদিক সকল নিৰ্যাতনৰ বলি হবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ই কোনো পধ্যেই গ্রহণযোগ্য নহয়। অনুষ্ঠান ত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক অনন্ত নাৰায়ণ বৰঠাকুৰে কয় যে, সাংবাদিক সকল এইদৰে নিজৰ দাবী পূৰণ কৰিবৰ বাবে ৰাজপথত বহিবলগীয়া হোৱাটোৱেই লজ্জাজনক কথা। সংবাদকৰ্মীক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কৈ ৰজাঘৰে বিভিন্ন সুবিধা গ্ৰহণ কৰি আহিছে। কিন্তু এই ৰজাঘৰে সাংবাদিকৰ বাবে কোনো কাম কৰা নাই। ইয়াৰ উপৰিও জাতীয় সংগঠন সমূহে নিজ স্বাৰ্থ পূৰণৰ বাবে সাংবাদিক ক বিচাৰে, কিন্তু যেতিয়াই সাংবাদিক বিপদত পৰে তেতিয়া তেওঁলোক কেতিয়াও ওলাই নাহে। ই অতি পৰিতাপৰ বিষয়। কাৰ্যসূচী ত উপস্থিত থাকি পশ্চিম যোৰহাট সাংবাদিক সন্থাৰ সভাপতি ৰমেন শইকীয়াই কয় যে, সাংবাদিক ৰ এনে আন্দোলনৰ কাৰ্যসূচী পূৰ্বৰে পৰা চলি আহিছে। কিন্তু সাংবাদিকে কোনো ন্যায় পোৱা নাই। বৰ্তমান সাংবাদিকে সাংবাদিকৰ বাবে মাত নমতাটো অতি দুখৰ বিষয়। সাংবাদিক সকল একত্ৰিত হবোৰ সময় আহি পৰিল। আজিৰ কাৰ্যসূচী ত উপস্থিত থাকি যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি ৰীতুল পাঠক, জেষ্ঠ সাংবাদিক নিৰঞ্জন মহন্ত, বাতৰি কাকত বিতৰক নিৰুদ চাংকাকটি প্ৰমুখ্যে বহু ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে। আজিৰ কাৰ্য্যসূচীৰ জৰিয়তে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। ( ঋতুৰাজ ফুকন

যোৰহাট ) 

No comments