ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৫ নৱেম্বৰ : ভাৰতৰ স্বাধীনতা যুঁজৰ অগ্ৰণী সেনানী যোৰহাটৰ দেৱেশ্বৰ দ'লেয়ে আজি জীৱনৰ ৯৯ বছৰত ভৰি দিলে । ব্ৰিটিছৰ ব...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৫ নৱেম্বৰ : ভাৰতৰ স্বাধীনতা যুঁজৰ অগ্ৰণী সেনানী যোৰহাটৰ দেৱেশ্বৰ দ'লেয়ে আজি জীৱনৰ ৯৯ বছৰত ভৰি দিলে । ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি কাৰাবাস খাটিবলগীয়া হোৱা এই জন মুক্তিযোদ্ধা যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতিৰ দায়িত্ব পালন কৰি আহিছে । প্ৰয়াত মুক্তিযোদ্ধা তিলেশ্বৰ বৰদলৈৰ সৈতে তেওঁ যোৰহাট জিলাৰ মুক্তিযুঁজাৰুসকলৰ জীৱনী সংকলন কৰিছিল । যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনে প্ৰতি বছৰে স্বাধীনতা সেনানীজনৰ ওপজা দিন উদযাপন কৰি আহিছিল যদিও এইবছৰ কৰোনা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মুক্তি যোদ্ধা জনৰ বাহগৃহত নেছিয়াৰ কেইজনমান বিশিষ্ট লোক উপস্থিত হৈ কেক কাটি মুক্তি যোদ্ধা জনৰ জন্ম দিন উদযাপন কৰে ।
No comments