গণ বাৰ্তা নকছাৰি ২৮ নবেম্বৰ : মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগালেণ্ড আৰক্ষীয়ে অবৈধ ভাবে স্থাপন কৰা আৰক্ষী শিৱিৰ নগালেণ্ড প্ৰশাসনে উচ্...
গণ বাৰ্তা নকছাৰি ২৮ নবেম্বৰ : মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগালেণ্ড আৰক্ষীয়ে অবৈধ ভাবে স্থাপন কৰা আৰক্ষী শিৱিৰ নগালেণ্ড প্ৰশাসনে উচ্ছেদ নকৰাৰ প্ৰতিবাদত বিগত ভালে দিনৰ পৰা মৰিয়নীৰ নিউসোনোৱালত সদৌ চুতীয়াঁ ছাত্ৰ সন্থা,তাই আহোম ছাত্ৰ সন্থা,বৃহত্তৰ নাগাজাংকা যুৱ সমাজৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনিদিষ্ট কালৰ বাবে মৰিয়নী-মোককচাং আন্তৰাজ্যিক পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল। যদিও ২ দিন পূৰ্ৱে যোৰহাট জিলা উপায়ুক্ত কাৰ্য্যলয় প্ৰেক্ষাগৃহত দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়া আৰু অৱৰোধকাৰী দলসংগঠনৰ সদস্য এখন আলোচনাত বহে কিন্তু দুয়োখন ৰাজ্যৰ বিষয়ববীয়া আৰু দলসংগঠনৰ সদস্য সকল কোনো সিদ্ধান্ত উপনিত নোহোৱাৰ বাবে ২৬ নবেম্বৰ বৃহস্পতিবাৰে সন্ধিয়া ভাগৰ পৰা পুনৰ নগালেণ্ডৰ বিৰুদ্ধে অনিদিষ্ট কাললৈ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰে কেইবাটাও জাতীয় সংগঠনে ৷ এই অৱৰোধ কাৰ্য্যসূচীত ২৮ নবেম্বৰ শনিবাৰে পুৱাৰ পৰা মৰিয়নী নাগাজাংকাৰ কল্যাণপুৰ গাঁওৰ সৰুমাই ভৰালীয়ে (১০০) পুৱাৰ পৰা প্ৰতিবাদকাৰী দলসংগঠনৰ সদস্য সকলক সহযোগিতা আগবঢ়াই নিজেও নিউসোনোৱাল খণ্ড বন বিষয়া কাৰ্য্যলয়ৰ সন্মুখত ৰাজপথতত নগালেণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পথ অৱৰোধ সাব্যস্ত কৰে৷ লগতে তেওঁ সংবাদ মাধ্যমৰ আগত নিজে মন্তব্য প্ৰকাশ কৰে অনাগত দিনত প্ৰয়োজন হ’লে তেওঁ তেজ দিব যদিও মাটি নগাৰ হাতলৈ যাব নিদিয়ে ৷ আনহাতে মৰিয়নী মোককচোং সংযোগী আন্তৰাজ্যক পথটোৰ উপৰিও ২৯ নবেম্বৰৰ পুৱাৰ পৰা আমগুৰি হালোৱাটিং হৈ নগালেণ্ডৰ তুলি সংযোগী পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে অসম অভিমুখী বহু সংখ্যাক যানবাহন পথ অৱৰোধৰ ফলত নগালেণ্ডৰ বিভিন্ন স্থানত ৰাজপথত আৱদ্ধ হৈ পৰিছে ৷
( সপোন ৰহমান শইকীয়া নকছাৰি )
No comments