Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাজুলীৰ আজলী আই থানৰ সাংস্কৃতিক গৱেষণা কেন্দ্ৰ মুকলি মুখ্যমন্ত্ৰীৰ

গণ বাৰ্তা, মাজুলী, ২৮ নৱেম্বৰ ঃ মাজুলী অঞ্চলৰ ৰাইজ সহিষ্ণু আৰু সংস্কৃতিৱান। জিলাখনৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনধাৰা অতি শক্তিশালী। মহাপুৰ...

গণ বাৰ্তা, মাজুলী, ২৮ নৱেম্বৰ ঃ মাজুলী অঞ্চলৰ ৰাইজ সহিষ্ণু আৰু সংস্কৃতিৱান। জিলাখনৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনধাৰা অতি শক্তিশালী। মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে আমাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনধাৰা শক্তিশালী কৰি থৈ গৈছে। আমি সেই পথেৰেই আগুৱাই যাব লাগিব। আজি মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে  মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে স্থাপন কৰা আজলী আই থানত উপস্থিত হৈ থানখনৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি এনেদৰে কয়। মুখ্যমন্ত্ৰীয়ে থানখনৰ ক্ৰমে সাংস্কৃতিক গৱেষণা কেন্দ্ৰ, অতিথিগৃহ আৰু পকী দেৱাল নিৰ্মাণৰ আধাৰশিলা, প্ৰেক্ষাগৃহৰ আধাৰশিলা, ‘অসম দৰ্শন’ আঁচনিৰ অধীনত আজলী আই থানৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা, সাংস্কৃতিক কেন্দ্ৰ গৃহৰ শুভ উদ্বোধন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে এপিডিচিএলৰ দ্বাৰা নিৰ্মাণ কৰা ৫ কিলোৱাটৰ সৌৰশক্তিচালিত বিদ্যুৎ কেন্দ্ৰৰো শুভ উদ্বোধন কৰে। লগতে অনিৰুদ্ধদেৱৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আৰু কয় যে আমি এইগৰাকী মহাপুৰুষৰ নামেৰে ক্ৰীড়া বিশ্ববিদ্যালয় গঢ়ি তুলিছোঁ। 

আমাৰ নতুন প্ৰজন্ম ই যাতে গুৰুজনাৰ আদৰ্শৰে পৰিচালিত হৈ ৰাজ্যখনক আগুৱাই নিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আমাৰ সাংস্কৃতিক জীৱনধাৰা শক্তিশালী কৰাৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীৰ লগতে মাজুলীৰ সাংস্কৃতিক সমাজৰ বিশিষ্ট অৱদান আছে। মাজুলীৰ সাংস্কৃতিক আৰু ঐতিহ্য অক্ষুণ্ণ ৰাখি ৰাজ্য চৰকাৰে মাজুলীৰ সৰ্বাধিক উন্নয়নৰ বাবে কাম কৰি আহিছিল বুলি তেওঁ উল্লেখ কৰে। চাৰিদিনীয়া ভ্ৰমণসূচীৰে যোৱা ২৭ নৱেম্বৰৰ বিয়লি ৪ বজাত মাজুলীত আহি উপস্থিত হোৱা মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আগবেলাতে উক্ত কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকি স্থানীয় সাংসদ প্ৰদান বৰুৱাই ভাষণ দিয়াৰ লগতে দেউৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰী, কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰী আদি উপস্থিত থাকে। 

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দীপক দাসৰ গ্ৰন্থ ‘কালানুক্ৰমত আজলি আই (বা-ভগা) থান সত্ৰ’ আৰু জিতুল দাসৰ গ্ৰন্থ ‘বৈষ্ণৱবাদৰ ছাঁ পোহৰত মায়ামৰা সংস্কৃতি’ উন্মোচন কৰে। নামনি মাজুলীত বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ তিনি গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ ঃ কৰতিপাৰ বহুমুখী বান আশ্ৰয়গৃহৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভঃ মাজুলীৰ ভৌগোলিক পৰিসীমা খহনীয়াত ক্ৰমে সংকুচিত হৈ থকাৰ সময়তে আজি মাজুলীৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ দিশত বিশেষ ব্যৱস্থা গ্ৰহণেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলাখনৰ কৰতিপাৰত একেদিনাই ক্ৰমে কৰতিপাৰ বহুমুখী বান আশ্ৰয়গৃহৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ আৰু ভূমি পূজন, ‘ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি’ৰ অধীনত আঁহতগুৰি অঞ্চলৰ খহনীয়া প্ৰতিৰোধী আঁচনি, ‘ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজি’ৰে গড়মূৰ অঞ্চলৰ খহনীয়া প্ৰতিৰোধী আঁচনি আৰু ‘ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজি’ৰে কৰতিপাৰ খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম-কাজৰ শুভাৰম্ভ কৰে।

 একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ ‘ব্যক্তিগত হিতাধিকাৰীলৈ অনুদান আঁচনি (২০১৯-২০ বৰ্ষ)’ৰ ৫গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন-পত্ৰ প্ৰদান কৰে। এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে-১৯৫১ চনৰ পৰা ক্ৰমান্বয়ে ৰাজ্যখনত বান আৰু গৰাখহনীয়া সমস্যাই ৰাজ্যখনৰ ভৌগোলিক পৰিগাঁথনি যথেষ্ট পৰিৱৰ্তন কৰিছে। ইয়াৰ লগতে এই সমস্যাটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰাৰ বাবে বহু বছৰ ধৰি দাবী জনাই আহিছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৫৫ বছৰীয়া কাৰ্যকালত এই সমস্যাটো আন্তৰিকতাৰে গ্ৰহণ নকৰাৰ ফলত এইটো সমস্যা হৈয়েই ৰ’ল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০১৭ বৰ্ষত গুৱাহাটীত অনুষ্ঠিত এক বৈঠকত এই সমস্যাটো স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই অনুসৰি এই কাম হাতত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। 

ইফালে, মাজুলীৰ সুৰক্ষাৰ বাবে ২৩৭ কোটিৰ বৃহৎ পঁুজিৰে টি কে ইঞ্জিনীয়াৰিঙে খহনীয়া প্ৰতিৰোধৰ কাম হাতত লৈ সময়মতে কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ ফলত বৰ্তমানেও ভকতচাপৰি, শালমৰাকে আদি কৰি মাজুলীৰ অন্যান্য স্থানত খহনীয়া অব্যাহত আছে। মুখ্যমন্ত্ৰীয়ে টি কে ইঞ্জিনীয়াৰিঙক ইমানৰ পিছতো আজিকোপতি নাকী লগাবলৈ সক্ষম নোহোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীৰ লগতে অনুষ্ঠানত সাংসদ  প্ৰদান বৰুৱা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহন, উচ্চপদস্থ বিষয়াসকলৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আনহাতে, মুখ্যমন্ত্ৰীয়ে চাৰিদিনীয়াকৈ মাজুলী ভ্ৰমণ সূচী লৈ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ, আধাৰশিলা স্থাপনত ব্যস্ত হৈ থকাৰ সময়তে যোৱা ২২ অক্টোবৰতে মাজুলী নিমাতি জলপথৰ বাবে আহি পোৱা দুখনকৈ ৰোপ-ৱে’ আজি এমাহ পৰ্যন্ত চলাচল নকৰি নিমাতিতে ৰাখি থোৱাত মাজুলীৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাজুলীৰ এই ৰাস মহোৎসৱৰ সময়ত মাজুলীলৈ যথেষ্ট দৰ্শনাৰ্থীৰ আগমন ঘটে। গতিকে এনে সময়ত ৰোপ-ৱে’কেইখন চলাচল কৰা হ’লে যাত্ৰীসকলৰ যথেষ্ট সুবিধা হ’লহেঁতেন বুলি ৰাইজে মন্তব্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি উক্ত কাৰ্যসূচীৰ পাছতে বিয়লি ডিব্ৰুগড়লৈ ৰাওনা হয় আৰু নিশাটো ডিব্ৰুগড়ত কটাই পুনৰ কাইলৈ পুৱা ১১ বজাত হেলিকপ্টাৰেৰে  জেংৰাইমুখত পদাৰ্পণ কৰি মাজুলীৰ অন্যান্য বহুকেইটা চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ২৯ নৱেম্বৰৰ দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে দিনৰ ১১ বজাত জেংৰাইমুখ থানাত মৈত্ৰী আঁচনিৰ অধীনত পুলিচ বেৰেক নিৰ্মাণ আঁচনিৰ শিলান্যাস কৰাৰ লগতে ১১.৩০ বজাত উজনি মাজুলী উন্নয়ন খণ্ডৰ সমীপত নৱগঠিত উজনি মাজুলী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিব। দুপৰীয়া ১২ বজাত  জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নৱগঠিত উজনি মাজুলী ৰাজহ চক্ৰৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশ ল’ব।

No comments