Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ওদালগুৰিত হেলিকাপ্টাৰেৰে তিনিখনকৈ জনসভাত হিমন্ত বিশ্ব শৰ্মা।

বিপিএফ দল মিউজিয়ামত থাকিব বুলি মিত্ৰ দলক সমালোচনা হিমন্তৰ    হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ মৰমতহে ইমান দিনে কোকৰাঝাৰত বহি আছিল  গণবাৰ্তা বিশেষ ...

বিপিএফ দল মিউজিয়ামত থাকিব বুলি মিত্ৰ দলক সমালোচনা হিমন্তৰ 

 হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ মৰমতহে ইমান দিনে কোকৰাঝাৰত বহি আছিল 




গণবাৰ্তা বিশেষ ওদালগুৰি , ৯ নবেম্বৰঃ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগীয়া  বিটিচিৰ পৰিষদীয় নিৰ্বাচনকলৈ  এতিয়া বিপিএফ আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে আক্ৰমনাত্মক হৈ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি মন্ত্ৰী গৰাকীয়ে ওদালগুৰি জিলাৰ ধনশ্ৰীঘাট , ওদালগুৰি চহৰ আৰু কবিৰালীত তিনিখনকৈ জনসভা সম্বোধন কৰি পুনৰ তীব্ৰ ভাষাৰে সমালোচনা কৰিলে হাগ্ৰামা মহিলাৰী আৰু বিপিএফক। ওদালগুৰিৰ জন সভাত মিত্ৰতাৰ সকলো বান্ধোন পাহৰি বিপিএফ দলক মিউজিয়ামত থাকিব বুলিও কবলৈ কুণ্ঠাবোধ নকৰিলে হিমন্ত বিশ্ব শৰ্মাই।  জনসভাত বিটিচিত সম অধিকাৰ সম উন্নয়ন নোহোৱাৰ অভিযোগ কৰি বিটিচিত আৰু কোনেও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নালাগে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য  কৰে। হিমন্ত বিশ্ব শৰ্মাই বিটিচিত ভূমি সমস্যাৰ কথা উল্লেখ কৰি সমস্যা সমূহ সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে। বিটিচিত টেটৰ দৰে নিকা  পদ্ধতিত নিযুক্তি হোৱা নাই বুলিও মন্ত্ৰী গৰাকীয়ে অভিযোগ কৰে। মন্ত্ৰী গৰাকীয়ে লগতে হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ মৰমতহে ইমান দিনে কোকৰাঝাৰত বহি আছিল বুলি  মন্তব্য কৰি এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ হ'ব বুলিও দাবী কৰে । ইপিনে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে আজি সাংবাদিকৰে হোৱা বাৰ্তালাপত হিমন্ত বিশ্ব শৰ্মাই বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মোছাহাৰী অতি শীঘ্ৰে বিজেপি দলত যোগদান কৰিব বুলি ঘোষণা কৰে। বিশ্বজিৎ দৈমাৰীৰ শৰীৰ আৰু আত্মা বিজেপিৰ লগত থকা বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ দিয়া প্ৰসংগত  ৰিপুন বৰাকো তীব্ৰ ভাষাৰে সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ। মন্ত্ৰী গৰাকীয়ে কয় - আজমলৰ এজেন্ট কিয় হৈছে ৰিপুন বৰা ?


মই কৈছো আজমলক পাকিস্তান জিন্দাবাদ বুলি কোৱাটো। ৰিপুন বৰাই মোৰ ওপৰত কিয় কেছ দিয়ে? কেছ দিলে আমজলেহে দিব । মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ পাৰ্টি  আজমলৰ জোতাত পৰি গৈছে বুলিও তীৱ্ৰ ভাষাৰে সমালোচনা কৰে। উল্লেখ যে মন্ত্ৰী গৰাকীয়ে আজি প্ৰথমে হেলিকাপ্তাৰেৰে ধনশ্ৰীঘাটত উপস্থিত হৈ ৰৌতা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কষ্ট বাগ্লাৰীৰ সমৰ্থনত জন সভা সম্বোধন কৰে। ইয়াৰ পিছতে হেলিকাপ্তাৰ যোগে মন্ত্ৰী গৰাকীয়ে ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পিছত ওদালগুৰি চহৰৰ মাজেৰে বাইক ৰেলী কৰি ৰাস মৈদানত ভৈৰৱকুণ্ড সমষ্টিৰ প্ৰাৰ্থী বিৰদাও বসুমতাৰীৰ সমৰ্থনত আয়োজন কৰা জন সভাত অংশ গ্ৰহন কৰে। মন্ত্ৰী গৰাকীয়ে নিজেই স্কুটি চলাই ৰেলীত অংশ গ্ৰহণ কৰে। জিলা বিজেপিৰ সাধাৰণ সম্পাদক  অজয় কুমাৰ হাজৰিকাই আত ধৰা ধনশ্ৰীঘাট আৰু ওদালগুৰিৰ জনসভাত সাংসদ দিলীপ শইকীয়া আৰু পল্লৱ লোচন দাসৰ লগতে বহু কেইজন শীৰ্ষ বিজেপি নেতা উপস্থিত থাকে। ওদালগুৰিৰ সভাৰ পিছতে কবিৰালীত হৰিশিঙা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰিঞ্জয় বড়োৰ সমৰ্থনত অনষ্ঠিত জনসভাত অংশ গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই।

No comments