Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কাজিৰঙাত আৰম্ভ হ'ল এলিফেন্ট ছাফাৰী: দ্বায়িত্ব বাঢ়িল প্ৰদুণ্য , বৰষা,বিষ্ণুহতৰ

গণ বাৰ্তা, বোকাখাত , ১ নৱেম্বৰ  :  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰ পৰা দেশ - বিদেশৰ পৰ্যটকৰ বাবে এলিফেন্ট ছাফাৰী আৰম্ভ কৰা হয় । ৰাষ্ট্ৰীয় উদ্...


গণ বাৰ্তা, বোকাখাত , ১ নৱেম্বৰ  :  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰ পৰা দেশ - বিদেশৰ পৰ্যটকৰ বাবে এলিফেন্ট ছাফাৰী আৰম্ভ কৰা হয় । ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত আজি পুৱা ৫-১৫ বজাত প্ৰথমে পৰম্পৰাগত ভাৱে হস্তী পূজা কৰাৰ পিছত  সঞ্চালক পি শিৱকুমাৰে ফিতা কাটি আৰু বন সংমন্ডল বিষয়া ৰমেশ গগৈয়ে নাৰিকল ভাঙি আনুষ্ঠানিক ভাৱে পৰ্যটকৰ বাবে  এলিফেন্ট ছাফাৰী আৰম্ভ কৰে । উল্লেখ্য আজিৰ পৰা প্ৰদুণ্য, বৰষা, বিষ্ণু, লক্ষীমাই, পৱণ, ৰাখী আদিৰ দ্বায়িত্ব বাঢ়িল । ৰাষ্ট্ৰীয় উদ্যানখনৰ অটব্য অৰণ্যৰ মাজত ইমান দিনে অৰ্থাৎ বাৰিষা কালত উদ্যান সংৰক্ষণৰ কাম কৰি থকাৰ পিছত আজিৰ পৰা প্ৰতি দিন পুৱা দেশ - বিদেশৰ পৰা অহা পৰ্যটকক পিঠিত উঠাই  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ভ্ৰমণ কৰাব লাগিব । ইফালে আজি প্ৰথম দিনা  ৰাজ্যখনৰ লগতে মহাৰাষ্ট্ৰ, দিল্লী, গুজৰাট, ভূপাল আদি বিভিন্ন ঠাইৰ পৰা ৪৬ জন পৰ্যটকে এলিফেন্ট ছাফাৰী কৰি আনন্দিত হৈ পৰে  । কভিড ১৯ মহামাৰীৰ সময়তো কভিডৰ আতংকক পাহৰি আজি দেশীয় পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানত এলিফেন্ট ছাফাৰী কৰি আনন্দিত হৈ পৰে বুলি মত প্ৰকাশ কৰে  ।    আন ৰাজ্যৰ তুলনাত অসমত কভিডৰ পৰিমাণ কম হোৱাৰ বাবে বিনা চিন্তাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ আহিছে বুলি পৰ্যটকে মত প্ৰকাশ কৰে । উল্লেখ্য ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাৰিবাৰকৈ প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি কৰাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাট , পথ ,দলং আদিৰ বিস্তৰ ক্ষতি হৈছিল । যাৰ ফলত পৰ্যটকে উদ্যানৰ ভিতৰত ভ্ৰমণ কৰাত কিছু সমস্যাৰ সৃষ্টি হৈছিল । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ২১ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকে জীপ ছাফাৰী কৰাৰ বাবে  আনুষ্ঠানিক ভাৱে মুকলি কৰিছিল । ইফালে   কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে জানিব দিয়া মতে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে জাৰি কৰা কভিড প্ৰটকলৰ নীতি নিৰ্দেশনা মানি আজি কাজিৰঙাৰ মিহিমুখত এলিফেন্ট ছাফাৰী আৰম্ভ কৰা হয় । আজি প্ৰথম দিনা বিভাগীয় ১০ টা হাতীৰে এলিফেন্ট ছাফাৰী আৰম্ভ কৰা হয় যদিও পৰৱৰ্তী সময়ত পৰ্যটকৰ আগমনৰ ওপৰত ভিত্তি কৰি হাতীৰ সংখ্যা বৃদ্ধি কৰা হব । সঞ্চালকজনে আৰু জানিব দিয়া মতে এলিফেন্ট ছাফাৰী আৰম্ভ কৰাৰ আগত বিভাগীয় হাতীবোৰৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে হাতী মাউতসকলৰো কভিড পৰীক্ষা কৰোৱা হয় । উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত বিভাগীয় হাতীৰে আৰু বাগৰি বনাঞ্চলত ব্যক্তিগত হাতীৰে এলিফেন্ট ছাফাৰী কৰোৱা হয় । এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত আজি এলিফেন্ট ছাফাৰী আৰম্ভ কৰা হয় যদিও বাগৰি বনাঞ্চলত এলিফেন্ট ছাফাৰী কৰা স্থান বোকা - পানী থকাৰ বাবে প্ৰতি বছৰৰ দৰে  আজি আৰম্ভ কৰিব পৰা নগল । পানী শুকালে অৰ্থাৎ ১০ নবেম্বৰৰ পিছতহে বাগৰিত এলিফেন্ট ছাফাৰী আৰম্ভ কৰা হব বুলি সঞ্চালকে জানিব দিয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকে জীপ ছাফাৰী কৰাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ২১ অক্টোবৰত মুকলি কৰি দিছিল যদিও বাট , পথ , দলং আদি মেৰামতি সম্পূৰ্ণ নোহোৱাৰ বাবে আজিও ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰিব পৰা নাই । ইফালে কভিডৰ প্ৰকোপ কিছু নিয়ন্ত্ৰণ হোৱাৰ পিছত ৰাজ্যৰ উপৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লোকৰ আগমন কাজিৰঙালৈ ঘটি আছে । ভবিষ্যতৰ দিনত পৰিবেশ আৰু উন্নতি হলে কাজিৰঙালৈ পৰ্যটকৰ আগমন আৰু বৃদ্ধি পাব বুলি পৰ্যটন ব্যৱসায়ীয়ে আশা কৰি মত ব্যক্ত কৰে । 

No comments