Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিজেপিৰ কাৰ্যকালত বন্ধ হৈছে মুছলমান-আদিবাসী হত্যাযজ্ঞ”-মুক্তাৰ হুছেইন খান

আজিজুল হক, ভেল্লা, ২৮ নৱেম্বৰ : ‘বিজেপিৰ কাৰ্যকালত বন্ধ হৈছে মুছলমান হত্যাযজ্ঞ। আদিবাসী লোকসকলো শান্তিত থাকিব পাৰিছে। সংখ্যালঘু সম্প্ৰদায়ৰ ল...

আজিজুল হক, ভেল্লা, ২৮ নৱেম্বৰ : ‘বিজেপিৰ কাৰ্যকালত বন্ধ হৈছে মুছলমান হত্যাযজ্ঞ। আদিবাসী লোকসকলো শান্তিত থাকিব পাৰিছে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকে শান্তি-সম্প্ৰীতি বিচাৰে, যিটো বিজেপিৰ দিনত সম্ভৱ হৈছে। বিজেপিৰ কাৰ্যকালত মুছলমানসকল অধিক সুৰক্ষিত অনুভৱ হৈছে। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ থকা বাবে এজনো মুছলমান অত্যাচাৰিত, নিৰ্যাতিত হোৱা নাই, যিবোৰ অইন চৰকাৰৰ দিনত হৈছিল।’—এই বক্তব্য সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানৰ। বৰপেটাৰ চেঙা সমষ্টিৰ বিষ্ণুপুৰত বিজেপিৰ কিষাণ মৰ্চাৰ গোমাফুলবাৰী মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাৰ অন্তত মৰ্চাৰ জিলা সভাপতি ৰাতুল পাঠকৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁ এইদৰে কয়। 

বিটিচিত বিজেপিৰে চৰকাৰ হ’ব বুলি কৈ তেওঁ কয় যে ২১খন আসন নাপালেও বিজেপিয়ে চৰকাৰ গঠন কৰিব বিটিচিত। বিটিচিত ৬খন আসন সংখ্যালঘু ভোটাৰৰ সহযোগত বিজেপিৰ দখললৈ আহিব। সভাত উপস্থিত থকা অৰুণাচলৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা কিষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদক মনোজ ডেকাৰে হোৱা সাক্ষাৎকাৰত তেওঁ কয় যে ‘অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা সবল নেতৃত্বৰ বাবে বিটিচিৰ ৰাইজে এইবাৰ বিজেপিক জয়ী কৰাব। সবকা সাথ সবকা বিকাশ নীতিত বিশ্বাস কৰি বিটিচিৰ ৰাইজে হিয়া উজাৰি বিজেপিক দিব সমৰ্থন।’ উল্লেখ্য যে চেঙা সমষ্টিত গণভেটি শক্তিশালী কৰাৰ বাবে অধিক তৎপৰ হোৱা দেখা গৈছে বিজেপিক।

 সমষ্টিটো কংগ্ৰেছী বিধায়ক শুকুৰ আলী আহমেদৰ দখলৰ পৰা আঁজুৰি আনি বিজেপিৰ দখললৈ নিয়াৰ বাবে বিজেপিয়ে চেঙা সমষ্টিত অনুষ্ঠিত কৰি আহিছে ইখনৰ পিছত সিখন সভা। বিজেপিৰ কিষাণ মৰ্চাৰ উদ্যোগতো চেঙাৰ বিভিন্ন পঞ্চায়তত সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। আজিও বিষ্ণুপুৰত অনুষ্ঠিত কৰিছে এখন কাৰ্যনিৰ্বাহক সভা। কাৰ্যকৰ্তাসকলৰ সৈতে ৰাতিপুৱাৰ পৰা বিভিন্ন মত বিনিময় হোৱাৰ লগতে বিভিন্ন কাৰ্যসূচী হাতত লয়। উক্ত সভাত উপস্থিত থাকে কিষাণ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ কৌশিক বৰা, সম্পাদক মনোজ ডেকা, বিজেপিৰ জিলা সাধাৰণ সম্পাদক নৱ কুমাৰ দাস, বসন্ত ঠাকুৰীয়া আৰু গোমাফুলবাৰী মণ্ডলৰ সভাপতি আনন্দ তালুকদাৰৰ লগতে চেঙা সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তাসকল। 

No comments