গণ বাৰ্তা, চাবুৱা, ৮ নৱেম্বৰঃ এইখন পৃথিৱীত অসম্ভৱ কাৰ্য বুলি একো নাই। নিৰলস সাধনাৰে অসাধ্যকো সাধন কৰি এই পৃথিৱীত বহুজনে নিজৰ নাম খোদিত কৰা উ...
গণ বাৰ্তা, চাবুৱা, ৮ নৱেম্বৰঃ এইখন পৃথিৱীত অসম্ভৱ কাৰ্য বুলি একো নাই। নিৰলস সাধনাৰে অসাধ্যকো সাধন কৰি এই পৃথিৱীত বহুজনে নিজৰ নাম খোদিত কৰা উদাহৰণ সততে দেখা পোৱা যায়। নিৰলস সাধনাৰে তেনে অসম্ভৱ কাৰ্যকো সম্ভৱ কৰি তোলা তেনে এগৰাকী ব্যক্তিৰ উদাহৰণ হ'ল চবুৱাৰ জীয়ৰী বিপাশা বৰুৱা। বিপাশা বৰুৱা আজি চাবুৱাৰ সৰ্বাধিক চৰ্চিত ব্যক্তি হিচাপে পৰিগণিত হৈছে। চাবুৱা নগৰৰ মাখনী বৰুৱাৰ জীয়ৰী বিপাশাই এক নৱ প্ৰয়াসেৰে চিত্ৰ আঁকি নিজৰ নাম অসম বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। বিপাশাই চলিত বৰ্ষৰ ২০ অক্টোবৰত ৫ মিনিট ১৫ চেকেণ্ডত জুই শিখাৰে ৩৫ ইঞ্চি উচ্চতা আৰু ২৩ ইঞ্চিৰ প্ৰস্থৰ মাডাৰ টেৰেছাৰ এখন চিত্ৰ আঁকি অসমৰ প্ৰথম গৰাকী মহিলা চিত্ৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰি এই বিৰল সন্মানৰ অধিকাৰী হয়। বিপাশাই কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নথকা বিপাশাই ২০১৫ চনত অসম ভিত্তিত স্পিচিয়েল টেলেণ্ট প্ৰতিযোগিতাত বিজয়ী হৈছিল। বিপাশাই ইতিমধ্যে বিভিন্ন সামাজিক সমস্যাক বিষয় হিচাপে লৈ নানা ধৰণৰ চিত্ৰ আঁকি নিৰ্পুণতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
No comments