Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে তিতাবৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা

চিত্তকমল বেজবৰা,তিতাবৰ ২২ নৱেম্বৰ:  ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাৰ সময়তে আজি তিতাবৰ ষ্টেচন তিনি আল...


চিত্তকমল বেজবৰা,তিতাবৰ ২২ নৱেম্বৰ:  ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাৰ সময়তে আজি তিতাবৰ ষ্টেচন তিনি আলিত বিভিন্ন দল সংগঠন আৰু শুভাকাংখী সকলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনা কৰি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰে। তিতাবৰ ব্লক কংগ্ৰেছ, তিতাবৰৰ সাংবাদিক সকল আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰাৰ্থনা সভাখনত বন্তি প্ৰজ্বলনৰ পাছতে ইছলাম ধৰ্মৰ কোৰান পাঠ, খ্ৰীষ্টান ধৰ্মৰ বাইবেল, বৌদ্ধ ধৰ্মৰ  ধৰ্মগ্ৰন্থ টিপিতকৰ সূত্ৰ পাঠ আৰু মহাপুৰুষ গুৰুজনাৰ নামঘোষাৰ শ্লোক পাঠ কৰি মুখ্যমন্ত্ৰী গগৈৰ সুস্বাস্থ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে।

No comments