Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ যোৰহাট জিলা সমিতিৰ দ্বী বাৰ্ষিক অধিৱেশন সম্পন্ন, প্ৰণৱজ্যোতি শইকীয়াক সভাপতি - বাবু দত্তক সম্পাদকৰ দায়িত্ব

 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৬ নৱেম্বৰ :  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ আজি মুক্তি যুঁজাৰু ভৱনত দ্বী বাৰ্ষিক অধিৱেশন অনুষ্...


 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৬ নৱেম্বৰ :  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ আজি মুক্তি যুঁজাৰু ভৱনত দ্বী বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় । উক্ত অধিৱেশনৰ বিষয় বাছনি সভাত প্ৰণৱজ্যোতি শইকীয়াক সভাপতি আৰু বাবু দত্তক সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ দিয়া হয় । ৪৩ জনীয়া সমিতি খনৰ উপদেষ্টা মণ্ডলীত থাকে জীৱ কান্ত বৰা, অজিত বৰা, উৎপল বৰঠাকুৰ, পৰাগ মহন্ত আৰু নৃপেন ৰাজখোৱা । উল্লেখ্য যে পুৱা পতাকা উত্তোলন কৰাৰ পাছতে শ্বহীদ তৰ্পণ আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয় । উক্ত প্ৰতিনিধি সভাত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পলাশ চাংমাইৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ৰঞ্জিত চাংমাইৰ লগতে কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰে । সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত পলাশ চাংমাইয়ে কয় যে অসমৰ ৰাইজলৈ এটি  অনুৰোধ কৰি কয় যে যি বিলাক ৰাজনৈতিক দলে ধৰ্মীয় উদমানতা সৃষ্টি কৰি ৰাজনৈতিকভাবে লাভবান হব বিচাৰে সেই ৰাজনৈতিক দল সমূহক চিনাক্ত কৰি পৰাভূত কৰিব পৰা নাযায় তেনেহলে কিন্তু অসমীয়া সমাজখন বাচি নাথাকিব । আমি সকলোৱে জানো অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ধৰ্মৰ ভিত্তিত তৰাম্বিত হোৱা নাই ।অসমীয়া জাতি গঠন প্ৰক্ৰিয়া তৰাম্বিত হৈছে ভাষাৰ ভিত্তিত । অসমত বসবাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী জনজাতীয় সমূহৰ যি বিলাক সাংস্কৃতিক উপাদান সেই উপাদান সমুহ দ্বাৰা বৃহৎ অসমীয়া  জাতি তৰাম্বিত কৰিছে । ধৰ্ম সকলোৱে বেলেগ বেলেগ হিন্দু, মুছলমান , আদি ধৰ্মীয় পৰিচয় সেইটো সুকীয়া । কিন্তু এই ৰাজনৈতিক দলসমূহে অসমীয়া আৰু ধৰ্মীয় পৰিচয় একাকাৰ কৰিব বিচাৰিছে ৰাজনৈতিকভাবে লাভম্বিত হোৱাৰ কাৰণে । কোনোবাই মিঞা কোনোবাই বঙালী মিউজিয়াম স্থাপন কৰি লাভবান হব বিচাৰে । কিন্তু ক্ষতি হৈছে অসমীয়া সমাজ খনৰ, অসমৰ জনসাধাৰণৰ । মহাপুৰুষ সকলে সৃষ্টি কৰি যোৱা এই খন বৰ অসমক আমি ৰাজনৈতিক স্বাৰ্থৰ খাতিৰত ধৰ্মীয় উন্মাদনাৰ বাবে অসমীয়া সমাজখনত থান বান হব দিব নোৱাৰো বুলি উল্লেখ কৰে ।  ধৰ্মৰ ভিত্তিত ভাগ ভাগ কৰিব বিচৰা ৰাজনৈতিক দলসমূহক পৰাভূত কৰিবলৈ তেওঁ আহ্বান জনোৱা বুলি উল্লেখ কৰে ।

No comments