গণ বাৰ্তা, ডিব্ৰুগড়, ২৭ নৱেম্বৰঃ ছহীদ বেদী পৰাই পণ ললে কোনো কাৰণতে সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইন মানি নলয়। পুনৰ অসমৰ ৰাইজৰ সৈত...
গণ বাৰ্তা, ডিব্ৰুগড়, ২৭ নৱেম্বৰঃ ছহীদ বেদী পৰাই পণ ললে কোনো কাৰণতে সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইন মানি নলয়। পুনৰ অসমৰ ৰাইজৰ সৈতে এই আইনৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি "কা" বিৰোধীতা কৰিব সদৌ অসম ছাত্ৰ সন্থাই। আজি ডিব্ৰুগড়ত আদৰণি জনোৱাৰ পাছতে ছহীদ ভৱনত এই মন্তব্য আগবঢ়ায় আছুৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শঙ্কৰজ্যোতি বৰুৱাই। আছুৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লোৱা পাছতে প্ৰথমবাৰলৈ ডিব্ৰুগড় ছহীদ ভৱনত আজি উপস্থিত হয় শঙ্কৰজ্যোতি বৰুৱা। এক বিশাল কাৰ্য্যসূচী জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ কৰ্মকৰ্তা সকলে আদৰণি জনাই কেন্দ্ৰীয় সাধাৰণ সম্পাদক শঙ্কৰজ্যোতি বৰুৱাৰ লগতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তচেন ডেকাক। অসমৰ জাতি-জনগোষ্ঠীয় ভাষা কলা সংস্কৃতি দিশত সদায় কাম কৰি যোৱা দিশত গুৰুত্ব প্ৰদান কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে।
No comments