নতুন দিল্লী, ২ নৱেম্বৰ : ১৯৬২ৰ পিছত প্ৰথমবাৰ দিল্লীত সৰ্বাধিক শীত বা ঠাণ্ডা পাৰে অক্টোবৰ মাহত। অক্টোবৰ মাহটো দিল্লীবাসীৰ বাবে সবাতোকৈ শীত...
নতুন দিল্লী, ২ নৱেম্বৰ : ১৯৬২ৰ পিছত প্ৰথমবাৰ দিল্লীত সৰ্বাধিক শীত বা ঠাণ্ডা পাৰে অক্টোবৰ মাহত। অক্টোবৰ মাহটো দিল্লীবাসীৰ বাবে সবাতোকৈ শীতৰ মাহ ৰূপে পৰিগণিত হয়। এই কথা প্ৰকাশ কৰিছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে (আইএমডি)। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি ২০২০ৰ অক্টোবৰত দিল্লীত ন্যূনতম ১৭.২ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হয়। যিটো ১৯৬২ৰ পিছত সবাতোকৈ কম তাপমাত্ৰা।
১৯৬২ৰ অক্টোবৰত তাপমান ১৬.৯ ডিগ্ৰী চেলছিয়াছ হৈছিল। আইএমডিয়ে এই কথাও প্ৰকাশ কৰিছে যে ৰাজধানী চহৰত ডাৱৰ নোহোৱাৰ বাবে এনে শীত পৰিছিল। কিন্তু ১ নৱেম্বৰৰ ন্যূনতম তাপমান ১০ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে। ৰাষ্ট্ৰীয় ৰাজধানীত বৃহস্পতিবাৰে তাপমান ১২.৫ ডিগ্ৰী চেলছিয়াছ আছিল। যিটো ২৬ বছৰৰ ভিতৰত সবাতোকৈ কম। ইয়াৰ পূৰ্বে ১৯৩৭ত ৯.৪ ডিগ্ৰী চেলছিয়াছ তাপমান হৈছিল। সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজধানীত অক্টোবৰ মাহত তাপমান ১৯.১ ডিগ্ৰী চেলছিয়াছ হয়।
No comments