ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৮ নৱেম্বৰ : যোৰহাট জিলা মুক্তি যুঁজাৰু ভৱনত আজি অসম সংগ্ৰামী মঞ্চৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা কাৰ্য্যসূ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৮ নৱেম্বৰ : যোৰহাট জিলা মুক্তি যুঁজাৰু ভৱনত আজি অসম সংগ্ৰামী মঞ্চৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা কাৰ্য্যসূচী উদযাপন কৰা হয় । সংগ্ৰামী মঞ্চৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা কাৰ্য্যসূচীত মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত কুঁৱৰ , সাধাৰণ সম্পাদক ৰাছেল হুছেইন ,কাৰ্য্যকৰী সভাপতি বিমল প্ৰসাদ চৌধুৰী ,সম্পাদক সমৰজ্যোতি বেজবৰুৱাৰ লগতে সংগ্ৰামী মঞ্চৰ যোৰহাট জিলা সমিতিৰ সভাপতি নৰেন্দ্ৰ নাথ দত্ত, সাধাৰণ সম্পাদক উত্তম কুমাৰ দাসকে আদি কৰি বিভিন্ন জিলাৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে । উক্ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰখা অনুষ্ঠিত সভাত এই আঞ্চলিক দলটো কেনেকৈ শক্তিশালী কৰি আগন্তক নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক স্থিতি সবল কৰিব পাৰি সেই সন্দৰ্ভত বিস্তৃতভাবে আলোচনা কৰাৰ লগতে আঞ্চলিক ৰাজনৈতিক দলটোৰ সাংগঠনিক দিশৰ সন্দৰ্ভতো সংগ্ৰামী মঞ্চৰ কেইবাজনো নেতাই আলোকপাত কৰে । সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সংগ্ৰামী মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাছেল হুছেইনে কয় যে ২০২১ ত সকলো আঞ্চলিক দল একত্ৰিত হৈ দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰা হব বুলি কয় । যিহেতু বিজেপিৰ দিল্লী দিছপুৰে অসমৰ ৰাইজৰ বাবে বিশেষ একো নকৰিলে । আজি উক্ত আঞ্চলিক দলটোৰ যোৰহাটত উদযাপন কৰা পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত নেতাজনে এইদৰে কয় । জাতি মাটি ভেটি ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপি দলটোৱে আজি সকলোবোৰ জ্বলাঞ্জলি দিলে ।আমাৰ সকলো গল ,বানপানী সমস্যাৰ কোনো সমাধান নহল ,এন আৰ চি আজি ১৩ মাহে পেলাই থোৱাৰ লগতে ছয় নং দফা কাৰ্যকৰী নকৰি আজি তাৰিখৰলৈকে ফাঁকি দি আছে । সেইহে সকলো আঞ্চলিক দল ঐক্যবৈধ্য হৈ আগন্তক নিৰ্বাচনত দিশপুৰৰ পৰা বিজেপিক বিদায় দিয়া হব বুলি হুছেইনে উল্লেখ কৰে । ইতিমধ্যে সকলো আঞ্চলিক দলৰ হৈ ইতিমধ্যে কথা হৈছে । আমি সকলো আঞ্চলিক দল একলগ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়া হব বুলি তেওঁ উল্লেখ কৰে ।
No comments