Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অখিল গগৈক শীঘ্ৰে মুক্তি, 'কা' বাতিল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধ কৰাৰ দাবীত খোৱাঙত ২১ টাকৈ সংগঠনৰ প্ৰতিবাদ

গণ বাৰ্তা,মৰাণ, ২৮ নৱেম্বৰঃ  উজনিত পুনৰ তীব্ৰতৰ হৈ উঠিছে 'কা' বিৰোধী আন্দোন । বিভিন্ন জাতীয় সংগঠনে লৈছে আন্দোলনৰ কাৰ্যসূচী । আজি ডিব...


গণ বাৰ্তা,মৰাণ, ২৮ নৱেম্বৰঃ  উজনিত পুনৰ তীব্ৰতৰ হৈ উঠিছে 'কা' বিৰোধী আন্দোন । বিভিন্ন জাতীয় সংগঠনে লৈছে আন্দোলনৰ কাৰ্যসূচী । আজি ডিব্ৰুগড় জিলাৰ খোৱাঙত 'কা' বিৰোধী মঞ্চ মৰাণৰ উদ্যোগত ২১ টাকৈ জাতীয় সংগঠনে অৱস্থান ধৰ্মঘটেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কৃষক নেতা  অখিল গগৈৰ মুক্তি, জাতিধ্বংসী 'কা' বাতিল আৰু অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধৰ দাবীৰে লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত 'কা'আমি নামানো, 'কা' বাতিল কৰক, অখিল গগৈক মুক্তি দিয়ক, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ৰোধ কৰক, সৰ্বানন্দ সোনোৱাল হায় হায়, ফণিভূষণ চৌধুৰী হায় হায়, হিমন্ত বিশ্ব হায় হায়, বিজেপি কাম নাই আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । খোৱাং চাৰিআলিত লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে আলু পিয়াজৰ মালা গাঁ‌ঠি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান লিখা প্লেকাৰ্ড লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে । আজি এই প্ৰতিবাদী কাৰ্যসূচীত 'কা' বিৰোধী মঞ্চৰ মৰাণৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি, সোনোৱাল কছাৰী ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, প্ৰগতিশীল নাৰী সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, ৰাইজৰ দলৰ আহ্বায়ক সমিতি, অসম জাতীয় পৰিষদৰ আহ্বায়ক সমিতি, সোনোৱাল কছাৰী গণ মঞ্চ, অনুসূচিত জাতি ছাত্ৰ সন্থাকে ধৰি ২১ টাকৈ সংগঠনৰ নেতৃত্ব উপস্থিত থাকি বিজেপি চৰকাৰৰ কাম কাজক কঠোৰ সমালোচনা কৰি মন্তব্য দাঙি ধৰে । ( প্ৰণৱ ডেকাবৰুৱা, মৰাণ  )

No comments