Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা বুমেৰাংঃ কাৰাগাৰতেই বন্দিত্বৰ জীৱন কটাইছে ‘ডি’ ভোটাৰে

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ নৱেম্বৰ ঃ  ঘোষিত বিদেশীক কাৰাগাৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিব নোৱাৰিব। আনকি দাগী অপৰাধী কিম্বা আন বন্দীৰ সৈতে ‘ডি-ভো...




ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ নৱেম্বৰ ঃ  ঘোষিত বিদেশীক কাৰাগাৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিব নোৱাৰিব। আনকি দাগী অপৰাধী কিম্বা আন বন্দীৰ সৈতে ‘ডি-ভোটাৰ’ তথা ঘোষিত বিদেশীক ৰখাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই ঘোষিত বিদেশীক ৰাখিবলৈ প্ৰয়োজন সাপেক্ষে চৰকাৰী আৱাস তথা ভাৰাঘৰৰ ব্যৱস্থা কৰিবলৈ যোৱা ৮ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু ৰহস্যজনকভাৱে ন্যায়ালয়ৰ উক্ত নিৰ্দেশনা প্ৰায় ডেৰ মাহ উকলি যোৱাৰ পিছতো কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ঘোষিত বিদেশীসকলক পৃথকে পৃথকে ৰখাৰ ব্যৱস্থা কৰা নহ’ল। যাৰ পৰিপ্ৰেক্ষিতত আজিও এই ঘোষিত বিদেশী লোকসকলে দাগী অপৰাধীৰ সৈতে বন্দী জীৱন কটাবলগীয়া হৈছে। মন কৰিবলগীয়া যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উক্ত নিৰ্দেশনাৰ পিছতেই ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰতিখন জিলাৰ উপায়ুক্তৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বৈঠক অনুষ্ঠিত কৰি বিষয়টো পৰ্যালোচনা কৰিছিল। উক্ত বৈঠকতে আদালতৰ নিৰ্দেশ অনুসৰি ঘোষিত বিদেশীসকলক কাৰাগাৰৰ পৰা উলিয়াই সুকীয়াকৈ ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছিল। উল্লেখ্য যে আদালতৰ নিৰ্দেশৰ সাত দিনৰ ভিতৰতেই উক্ত বৈঠক অনুষ্ঠিত হৈছিল। ঘোষিত বিদেশীক সুকীয়াকৈ ৰখাৰ বাবে প্ৰয়োজন সাপেক্ষে সকলো ধৰণৰ আন্তঃগাঁথনি থকা ভাৰাঘৰ কিম্বা চৰকাৰী আৱাসৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল। কিন্তু ৰহস্যজনকভাৱে উক্ত চৰকাৰী নিৰ্দেশনাৰ পিছতো আজিও কাৰাগাৰৰ পৰা ঘোষিত বিদেশীসকলক আন স্থানলৈ স্থানান্তৰ কৰা নহ’ল। চৰকাৰী এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি কাৰাগাৰৰ পৰা ঘোষিত বিদেশীসকলক স্থানান্তৰ কৰাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। আনকি চৰকাৰী আৱাসত ঘোষিত বিদেশী ৰখাৰ ক্ষেত্ৰত প্ৰশাসন সমস্যাৰ সন্মুখীন হৈছে। যাৰ পৰিপ্ৰেক্ষিত প্ৰক্ৰিয়াটো জটিলতাৰ দিশে গতি কৰিছে। যি কি নহওক, কাৰাগাৰত ঘোষিত বিদেশীক ৰাখিব নোৱাৰিব। আনকি সেই লোকসকলক কাৰাগাৰৰ পৰা উলিয়াই প্ৰয়োজন সাপেক্ষে সকলো ধৰণৰ সুবিধা থকা ভাৰাঘৰৰ ব্যৱস্থা কৰিবলৈ আদালতে আদালতে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতো আজিৰ তাৰিখলৈকে দাগী অপৰাধীৰ সৈতে একেলগে বন্দী জীৱন কটাবলগীয়া হোৱা বিষয়টোৱে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে। ৰাজ্য চৰকাৰৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবেই কাৰাবন্দীৰ নামত ডি-ভোটাৰসকলে এনেদৰে যমৰ যাতনা ভুগিবলগীয়া হৈছে।

No comments