Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লেখাপানীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা

গণ বার্তা, লেখাপানী ৫ নৱেম্বৰ :  ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰ খনৰ এক প্ৰবীণ ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য অৱনতি হ...


গণ বার্তা, লেখাপানী ৫ নৱেম্বৰ :  ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰ খনৰ এক প্ৰবীণ ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য অৱনতি হোৱাত সমগ্ৰ ৰাজ্যতে তেওৰ  স্বাস্থ্য আশু আৰোগ্য কামনা কৰি বিভিন্ন জনে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছে । ঠিক তেনে স্থলত অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল লেখাপানীৰ উদয়পুৰ ৰাষ্ট্রীয় ঘাই পথৰ দাঁতিত আজি  প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে এশ একৈশ গছি বন্তি জ্বলাই নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায় । উক্ত কাৰ্য্যসূচীত মাৰ্ঘেৰিটা সমষ্টিৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা তিনিচুকীয়া জিলাৰ কংগ্ৰেছ দলৰ সম্পাদক বাসুদেৱ ছেত্ৰী, মাৰ্ঘেৰিটা ব্লক যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি দেৱ গুৰুং, তিনিচুকীয়া জিলাৰ যুৱ কংগ্ৰেছৰ সম্পাদক বিজয় শৰ্মাৰ লগতে টিৰাপ জাগুন জ্যেষ্ঠ নাগৰিক সন্থাৰ বিষয়ববীয়া অজিত চন্দ্ৰ ভূঞাৰ লগতে লেখাপানী জাগুনৰ ব্লক কংগ্ৰেছৰ সদস্য সকল আৰু অন্যান্য গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে । সদৌ শেষত বাসুদেৱ ছাত্ৰী আৰু দেৱ গুৰুঙে সংবাদ মাধ্যমৰ যোগেদি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰে । ( লেখাপানীৰ পৰা শৰৎ গগৈ )

No comments