Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যােৰহাটত কালী পূজা আৰু ষট পূজা উদযাপন সম্পর্কত পূজা কমিটি সমূহৰ লগত জিলা প্রশাসনৰ আলােচনা

ষ্টাফ ৰিপৰ্টাৰ, যােৰহাট, ৬ নবেম্বৰ :   যােৰহাটত সাম্প্রতিক কৰোণা ভাইৰাছ সংক্রমণ ৰােধৰ প্রতি লক্ষ্য ৰাখি অহা ১৪ আৰু ১৫ নৱেম্বৰত হবলগীয়া কালী...


ষ্টাফ ৰিপৰ্টাৰ, যােৰহাট, ৬ নবেম্বৰ :   যােৰহাটত সাম্প্রতিক কৰোণা ভাইৰাছ সংক্রমণ ৰােধৰ প্রতি লক্ষ্য ৰাখি অহা ১৪ আৰু ১৫ নৱেম্বৰত হবলগীয়া কালী পূজা আৰু ২০ নৱেম্বৰত হ'বলগীয়া ষট  পূজা উদযাপন সন্দৰ্ভত আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত এখন আলােচনা সভা অনুষ্ঠিত হয় । পূজা কমিটি সমূহৰ বিষয়ববীয়া সকলৰ লগত জিলা উপায়ুক্ত  অপৰাঞ্জি কৰাটীৰ সভাপতিত্বত হােৱা আলােচনা মর্মে ক’ভিড প্ৰট'কল মানিহে প্রতিখন কমিটিয়ে পূজা উদযাপন কৰিব পাৰিব । সভাৰ আলােচনা মর্মে পৰম্পৰা ৰক্ষা কৰিবলৈ কেৱল ধর্মীয় নীতি -নিয়ম কৰিব পাৰিব । আগন্তুক কালী পূজা মণ্ডপসমূহত এক নির্দিষ্ট সময়ৰ বাবে ২০ জন ব্যক্তিহে প্ৰৱেশ  কৰিব পাৰিব। ৰাস্তাত পেন্দেল দিব নােৱাৰিব । কোনাে ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, মেলা, প্রতিযােগিতা, খেলা-ধূলা আদি অনুস্থিত কৰিব নােৱাৰিব । মণ্ডপসমূহত মাস্ক পৰিধান কৰি প্ৰৱেশ কৰা আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক হব। নিশা ১০ বজাৰ পিছত পূজা মণ্ডপসমূহত কোনাে লােক প্রৱেশ কৰিব নােৱাৰিব আৰু কতাে জনসমাগম হ'ব নােৱাৰিব। ইয়াৰােপৰি দেৱালীত নিশা ১০ বজাৰ পিছত আটচবাজী আদি ফুটাব নােৱাৰিব। প্রতিমা বিসর্জনৰ সময়ত কোনাে ধৰণৰ শােভাযাত্রা উলিয়াব নােৱাৰিব আৰু সর্বাধিক ৫ জন ব্যক্তিয়েহে প্রতিমা লৈ যাব পাৰিব । অহা ১২ নৱেম্বৰ তাৰিখে স্বাস্থ্য বিভাগৰ দ্বাৰা কালী পূজা কমিটিৰ বিষয়ববীয়া আৰু পূজাৰীসকলক ক'ভিড পৰীক্ষা কৰা হ'ব।

সেইদৰে  ষট পূজা উদযাপনৰ ক্ষেত্রত পৰাপক্ষত ঘৰতে পূজা অনুস্থিত কৰিবলৈ জিলা উপায়ুক্তই আহ্বান জনায়। কালী পূজাৰ দৰেই ষট্ পূজাটো ঘাটত কোনাে ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আৰু মেলা আয়ােজন কৰিব নােৱাৰিব। যি সকলে ঘাটত পানীত নামি পূজা কৰিব বিছাৰে তেওঁলােকে অহা ১৭ নৱেম্বৰত জিলা  প্রশাসনৰ দ্বাৰা নি্দিষ্ট কৰা স্থানত কভিড পৰীক্ষা কৰাটো বাধ্যতামূলক ।  কাভিড নিগেটিভ ৰিপর্ট লৈ যােৱা নিৰ্ধাৰিত লােকসকলেহে  পানীত নামিব পাৰিব । জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জি কৰাটীয়ে কমিটিৰ বিষয়ববীয়া সকলৰ লগতে যােৰহাটবাসী ৰাইজৰ আগন্তুক কালী পূজা আৰু ষট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰি ক'ৰোণা সংক্রমণ ৰোধৰ ক্ষেত্রত লবলগীয়া চৰকাৰী সকলাে নীতি-নিয়মসমূহ মানি শান্তিপূর্ণভাবে পূজা উদযাপন কৰিবলৈ আহ্বান জনায় । সভাত আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে ষট্‌ পূজাৰ ঘাটসমূহত যাতে মানুহৰ সমাগম অধিক নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কমিটি সমূহক আহ্বান জনােৱাৰ লগতে জোৱা খেল, ৰাগিয়াল দ্রব্য ব্যৱহাৰ আদি যাতে নহয় তাৰ প্রতি চকু দিবলৈও কমিটিসমূহক আহ্বান জনায় ।

উক্ত আলোচনা সভাত অতিৰিক্ত উপায়ুক্তদ্বয় তপন গােহাই আৰু দামােদৰ বৰ্মনে উপদেশমূলক বক্তব্য আগবঢ়ায় । সভাত অতিৰিক্ত উপায়ুক্ত তথা তিতাবৰৰ মহকুমাধিপতি খনিন্দ্র দাস, চক্র বিষয়াসকলৰ লগতে জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।

No comments