জয়পুৰ, ৩ নৱেম্বৰ : কোৰোনা মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় ৰূপে পৰিগণিত হৈছে মাস্ক। সমগ্ৰ বিশ্বই এতিয়া কোৰোনা মহামাৰীৰ সৈতে যুঁজ দি...
জয়পুৰ, ৩ নৱেম্বৰ : কোৰোনা মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় ৰূপে পৰিগণিত হৈছে মাস্ক। সমগ্ৰ বিশ্বই এতিয়া কোৰোনা মহামাৰীৰ সৈতে যুঁজ দি আছে। এনে সময়ত বিশ্ববাসীৰ বাবে এই মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় ৰূপে পৰিগণিত হৈছে মাস্ক। বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি স্বাস্থ্যৰ বিশেষজ্ঞসকলে বিশ্ববাসীক মাস্ক পৰিধান কৰিবলৈ আহবান জনাইছে। সেইবাবে সমগ্ৰ বিশ্ববাসীয়ে মাস্ক পৰিধান কৰি ঘৰৰ পৰা বাহিৰলৈ ওলাইছে। কিয়নো বৰ্তমান সময়লৈ কোৰোনা ভেকচিন উদ্ভাৱন হৈ উঠা নাই। এনেস্থলত এই মহামাৰীৰ পৰা হাত সৰাৰ উপায় হৈছে মাস্ক।
এতিয়া মাস্ক পৰিধান বাধ্যতামূলক কৰিবলৈ ৰাজস্থান চৰকাৰে এখন আইন প্ৰণয়ন কৰাৰ চিন্তা-চৰ্চা চলাইছে। যদি এইক্ষেত্ৰত ৰাজস্থান চৰকাৰ সফল হয়, তেন্তে তেওঁলোক হ’ব মাস্ক পৰিধান বাধ্যতামূলক কৰা আইন প্ৰণয়নৰ প্ৰথমখন ৰাজ্য। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলতে কোৰোনা মহামাৰীৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক পৰিধান বাধ্যতামূলক কৰিবলৈ আইন প্ৰণয়নৰ চিন্তা-চৰ্চা চলাইছে। ইয়াৰ উপৰি এই মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দীপাৱলীৰ সময়ছোৱাত ফটকা বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ফটকাৰ পৰা ওলোৱা ধোঁৱাই কোৰোনা সংক্ৰমিত ৰোগীৰ স্বাস্থ্যৰ অৱনতি কৰাৰ সম্ভাৱনা আছে।
সেইবাবেই ফটকা বিক্ৰী নিষিদ্ধ কৰা হৈছে। তেওঁ কয় যে ৰাজস্থানবাসীৰ জীৱন ৰক্ষা কৰাই মূল দায়িত্ব। সেইবাবেই এনেবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিবাহ-সমাৰোহতো ফটকা ফুটাব নোৱাৰিব। কোনো বিক্ৰেতাক ফটকা বিক্ৰীৰ অস্থায়ী লাইচেন্স প্ৰদান কৰা নহ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়- জাৰ্মানী, ব্ৰিটেইন, ফ্ৰান্স, ইটালী আৰু স্পেইনৰ দৰে উন্নত দেশসমূহত কোৰোনাৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। যাৰ বাবে কেইবাখনো দেশত পুনৰায় লকডাউন ঘোষণা কৰিছে। এনে পৰিস্থিতি যাতে ৰাজস্থানত উদ্ভৱ নহয় সেইবাবেই এনেবোৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
No comments