Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰিলিজ অখিল গগৈ শ্ল’গানেৰে ৰাজ্যজুৰি দেৱাল অংকণ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ নৱেম্বৰ ঃ এখন দেৱাল মচি বীৰত্ব প্ৰদৰ্শন কৰা অসম চৰকাৰক আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাল অংকন কৰি প্ৰত্যাহ3ান...



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ নৱেম্বৰ ঃ এখন দেৱাল মচি বীৰত্ব প্ৰদৰ্শন কৰা অসম চৰকাৰক আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাল অংকন কৰি প্ৰত্যাহ3ান জনালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৱে জানিবলৈ দিয়া অনুসৰি— ‘অখিল অসমীয়াৰ মনত, অখিল অসমীয়াৰ প্ৰাণত, আহা মচি যোৱাহি’ শ্লোগানেৰে দেৱাল ভৰাই সোণোৱাল চৰকাৰক কঠোৰ প্ৰত্যাহ3ান জনালে আজি সংগঠনটোৱে। উল্লেখ্য যে মাহ মাহ ধৰি কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবীত বিগত ১৯ ডিচেম্বৰত গুৱাহাটীৰ বশি‡ৰ এখন দেৱালত অখিল গগৈৰ প্ৰতিচ্ছবি অংকন কৰিছিল এটা স্বেচ্ছাসেৱী শিল্পী সংগঠনে। জনতাৰ দাবী, জনতাৰ প্ৰতিবাদক দেৱাল অংকনেৰে প্ৰকাশ কৰাটো অপৰাধ হ’ব নোৱাৰে।
কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতি, অখিল গগৈ আৰু জনতাৰ প্ৰতিবাদলৈ ভয় কৰা সোণোৱাল চৰকাৰে নিজৰ ফেচীবাদী চৰিত্ৰক পুনৰ উদঙাই গ্ৰেপ্তাৰ কৰে চিত্ৰশিল্পীৰ দলটোক। কেৱল গ্ৰেপ্তাৰ কৰাই নহয়, জনতাৰ দাবী আৰু প্ৰতিবাদক প্ৰতিনিধিত্ব কৰা অখিল গগৈৰ প্ৰতিচ্ছবিখন মচি পেলায় চৰকাৰ-প্ৰশাসনে। চৰকাৰৰ এই নিকৃষ্ট কাণ্ড-কাৰখানা সমগ্ৰ ৰাজ্যজুৰি সমালোচিত হোৱাৰ সময়তে, কালিয়েই  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰত্যাহ3ান জনাইছিল সোণোৱাল চৰকাৰক— আজি চৰকাৰে এখন দেৱাল মচিলে, কাইলৈ ভৰাই তোলা হ’ব অসমৰ প্ৰতিখন দেৱাল। সেই ঘোষণা মৰ্মেই আজি শদিয়াৰ পৰা ধুবুৰীলৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ণ কৰিলে দেৱাল অংকনৰ কাৰ্যসূচী। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত সংগঠনটোৰ সভাপতি বিতু সোণোৱাল, কাৰ্যকৰী সভাপতি মানস কোঁৱৰ আৰু যুটীয়া সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু দেৱবèত শইকীয়াই কয় যে সোণোৱাল চৰকাৰে অখিল গগৈৰ প্ৰতিচ্ছবি মচি, অখিল গগৈৰ প্ৰতি থকা চূড়ান্ত ভয়কেই প্ৰমাণ কৰিছে। এখন ছবিলৈ ভয় কৰা সোণোৱাল চৰকাৰে প্ৰকৃত অখিল গগৈলৈ কিমান ভয় কৰে সেয়া ইতিমধ্যে প্ৰমাণ হৈ পৰিছে। 

সেই ভয়ত কম্পিত হৈয়ে সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰত অখিল গগৈক দীৰ্ঘদিন ধৰি কাৰাবন্দী কৰি ৰখা হৈছে বুলি সংগঠনটোৱে দাবী কৰে। ভয়ত কম্পিত সোণোৱাল চৰকাৰে নিজৰ লজ্জা নিবাৰণৰ উদ্দেশ্যে কালি যি ঘটনাৰ আশ্ৰয় ললে, তাৰ প্ৰতিদান আজি হাতে হাতে দিয়া হ’ল বুলি সংগঠনটোৱে উল্লেখ কৰে। তিনিচুকীয়াৰ বিভিন্ন অঞ্চলত সংগঠনটোৱে আজি পুৱাৰে পৰা দেৱালসমূহত অখিল গগৈৰ প্ৰতিচ্ছবি অংকনৰ লগতে ‘অখিল গগৈক মুক্তি দিয়ক, ৰিলিজ অখিল গগৈ’ শ্ল’গানেৰে দেৱাল অংকন কৰে। তিনিচুকীয়া সদৰত সংগঠনটোৰ কেন্দ্ৰীয় উপসভাপতি লক্ষ্যজ্যোতি গগৈৰ নেতৃত্বত কাৰ্যসূচী ৰূপায়ণ হোৱাৰ লগতে মাৰ্ঘেৰিটাত নেতৃত্ব প্ৰদান কৰে পাপু দত্তই। একে সময়তে ডিগবৈৰ বিভিন্ন অঞ্চলতো দেৱাল অংকন কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।

 ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিভিন্ন দেৱালত সংগঠনটোৱে অখিল গগৈৰ মুক্তিৰ দাবীত Îপাষ্টাৰিং আৰু দেৱাল অংকন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰ জিলাৰ ডিমৌ, আমগুৰি, শিৱসাগৰ সদৰ আৰু চৰাইদেউৰ বিভিন্ন অঞ্চলত অখিল গগৈৰ প্ৰতিচ্ছবি অংকন আৰু মুক্তিৰ দাবীৰে দেৱাল অংকন কাৰ্যসূচী ৰূপায়ণ কৰে। চৰাইদেউ জিলাত ছাত্ৰ মুক্তিৰ সভাপতি লক্ষ্যজ্যোতি বৰুৱা আৰু জ্যোতিষ্মান বৰগোহাঁই, কাৰ্যকৰী সভাপতি উজ্জ্বল গগৈ, অপূৰ্ব চেলেং আৰু দীপজ্যোতি ফুকন; সাধাৰণ সম্পাদক অভিজিৎ দেওঘৰীয়া আৰু ৰূপম তামুলীৰ নেতৃত্বত। শিৱসাগৰৰ আমগুৰিত ছাত্ৰ মুক্তিৰ জিলা সভাপতি তুমণি হাজৰিকা আৰু আমগুৰি আঞ্চলিকৰ সভাপতি ৰবীন হাজৰিকা আৰুপল্লৱ শইকীয়াৰ নেতৃত্বত। শিৱসাগৰৰ ডিমৌত ছাত্ৰ মুক্তিৰ জিলা সভাপতি পৰাশৰ কোঁৱৰৰ নেতৃত্বত ৰূপায়ণ হোৱা কাৰ্যসূচীত দেৱাল লিপিৰে সোণোৱাল চৰকাৰক প্ৰত্যাহ3ান জনায়— ‘অখিল অসমীয়াৰ মনত, অখিল অসমীয়াৰ প্ৰাণত - আহা মচি যোৱাহি’। 

আনফালে যোৰহাট জিলা সদৰত ভৈৰৱ বৰা আৰু ধনজিৎ বৈশ্যৰ নেতৃত্বত দেৱাল অংকন কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা সভাপতি ভৰৱ বৰাক আৰক্ষীয়ে আটক কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত গোলাঘাটৰ টেঙাপানী, মৰঙী আদি বিভিন্ন অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হয়। ফৰকাটিঙত অখিল গগৈৰ প্ৰতিচ্ছবি অংকনেৰে অখিল গগৈৰ মুক্তিৰ দাবী তোলে সংগঠনটোৱে। একেদৰে মৰিগাঁৱতো দেৱাল অংকনেৰে অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। ধেমাজিৰ গোগামুখত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ লগতে লখিমপুৰ জিলাত পোষ্টাৰিং কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে। একেদৰে গোৱালপাৰা জিলাৰ গোৱালপাৰা চহৰ আৰু কৃষ্ণাইত সাধাৰণ সম্পাদক জাকিৰ হুছেইনৰ নেতৃত্বত, ধুবুৰীৰ চাপৰ আৰু বিলাসীপাৰাত আখতাৰ হুছেইনৰ নেতৃত্বত,ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ লগতে বৰেপটাৰ জিলা সদৰত আৰু গোৰেশ্বৰৰ বিভিন্ন অঞ্চলৰ দেৱালত অখিল গগৈৰ মুক্তিৰ দাবীত শ্লোগান লিখি আৰু পোষ্টাৰিং কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

 আজি এক প্ৰেছ বিবৃতিযোগে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃবৃন্দই সংবাদ মাধ্যমক অৱগত কৰে যে কালি সোণোৱাল চৰকাৰৰ  আৰক্ষী-প্ৰশাসনে গুৱাহাটীত কাৰাবন্দী নেতাজনৰ প্ৰতিচ্ছবি মচি যি বৰ্বৰতাৰ পৰিচয় দা¿ã ধৰিছিল, তাৰেই প্ৰতিবাদ আছিল আজিৰ কাৰ্যসূচী। আজিও ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ৰূপায়ণ হোৱা দেৱাল অংকন কাৰ্যসূচীত বাধাৰ সৃষ্টি কৰে আৰক্ষীয়ে। বিভিন্ন জিলাত দেৱাল অংকনৰ সময়ত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে যোৰহাট জিলাৰ সভাপতি ভৈৰৱ বৰাক আটক কৰি নিয়ে। সোণোৱাল চৰকাৰে কালি এখন দেৱাল মচিছিল। আজি হাজাৰখন দেৱাল ভৰি পৰিছে। সোণোৱাল চৰকাৰৰ এনে কুকৰ্মক অসমবাসী ৰাইজে এনেদৰেই প্ৰত্যাহ3ান জনাই যাব বুলি সংগঠনটোৱে হুংকাৰ প্ৰদান কৰে।

No comments