Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এতিয়াও সংকটমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈঃ আশু আৰোগ্য কামনাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দোৱা -প্ৰাৰ্থনা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ নৱেম্বৰ ঃ ৰাজনীতিৰ দূৰন্ত তৰুণ তথা নিকা ভাবমূৰ্তিৰে ৰাজনৈতিক ক্ষেত্ৰখনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ নৱেম্বৰ ঃ ৰাজনীতিৰ দূৰন্ত তৰুণ তথা নিকা ভাবমূৰ্তিৰে ৰাজনৈতিক ক্ষেত্ৰখনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এতিয়া শয্যাগত। ৰাজ্যৰ সৰ্বাধিক কালৰ বাবে শাসনৰ বাঘজৰী নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী জিএমচিএইচত সংকটতজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। এতিয়াও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটমুক্ত নহয় যদিও নিশাৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটা নাই। প্ৰতি মুহূৰ্তত স্বাস্থ্যৰ অৱনতি ঘটা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মেকানিকেল ভেন্টিলেচনত ৰখা হৈছে। আজিৰ দিনটোলৈকে গগৈৰ দেহত বৃদ্ধি পাইছে পটাছিয়াম। গতিকে গগৈৰ দেহৰ পৰা পটাছিয়াম বাহিৰ কৰিবলৈ কৰি থকা হৈছে ডাইলেছিছ। আজি জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই জানিবলৈ দিয়া অনুসৰি, কালি যি হাৰত গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল নিশাৰ পৰা সেয়া সুস্থিৰ হৈছে।

 নিশাৰ পৰা গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটা নাই। আনকি স্বাস্থ্যৰ অৱনতি নঘটিলেও এতিয়াও গগৈ সংকটমুক্ত নহয়। আজি পুৱাৰ ভাগত গগৈয়ে চকু মেলি চাইছে বুলিও অধীক্ষকগৰাকীয়ে উল্লেখ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সংকটজনক অৱস্থাৰ কথা পোহৰলৈ অহাৰ পিছতেই জিএমচিএইচলৈ অগণন গুণমুগ্ধৰ সোঁত বয়। গগৈৰ আশু আৰোগ্য কামনা কৰি ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দোৱা-প্ৰাৰ্থনা চলিছে। ৰাজনৈতিক নেতাৰ পৰা আদি কৰি শিল্পী, দল-সংগঠনৰ নেতা-কৰ্মীয়ে জিএমচিএইচত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈছে। ইপিনে, আজি পিতৃৰ কাষত উপস্থিত হৈছে পুত্ৰ, সাংসদ গৌৰৱ গগৈ, জিয়ৰী চন্দ্ৰিমা গগৈ, বোৱাৰী এলিজাবেথ কলবান। উল্লেখ্য যে কালিৰে পৰা মেকানিকেল ভেন্টিলেচনত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। 

টিউবৰ সহায়ত কৃত্ৰিমভাৱে ভেন্টিলেচনত উশাহ-নিশাহ লোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে। মন কৰিবলগীয়া যে কালি আবেলিৰ পৰা গগৈৰ স্বাস্থ্য অলপ শোচনীয়ৰ ফালে গতি কৰিছিল। গগৈৰ বৃক্ক, হৃদপিণ্ড, লিভাৰৰ সাধাৰণ অৱস্থা বা ক্ৰিয়া-প্ৰতিক্ৰিয়া যথেষ্ট পৰিমাণে কমি গৈছিল। কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস লৈ থকাৰ পিছতো কিডনী-হাৰ্ডৰ কামবোৰ স্বাভাৱিক হ’বৰ বাবে যিখিনি ঔষধ প্ৰয়োজন হয় সেয়া নিয়মীয়াকৈ যোগান ধৰা হৈছে। উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ যোৱা ২৬ আগষ্টত কোৰোনাত আক্ৰান্ত হৈছিল।  ইয়াৰ পিছতেই তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ চিকিৎসাৰ বাবে প্ৰতিটো বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ  এক পৰামৰ্শদাতা সমিতি গঠন কৰা হৈছিল। সম্পূৰ্ণ দুমাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতলত চিকিৎসাধীন হৈ থকাৰ পিছত যোৱা ২৫ অক্টোবৰত বিয়লিৰ ভাগত গগৈক চিকিৎসালয়ৰ পৰা দিছপুৰৰ চৰকাৰী বাসগৃহলৈ যোৱাৰ বাবে অনুমতি দিয়া হৈছিল। 

কিন্তু যোৱা ২ নৱেম্বৰত বৰ্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈৰ শৰীৰত পুনৰ পোষ্ট ক’ভিডৰ উপস্থিতি ধৰা পৰাত পুনৰ জিএমচিএইচত ভৰ্তি কৰোৱা হয়। ২ নৱেম্বৰৰ নিশা ১১ বজাত ততাতৈয়াকৈ জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল গগৈক। শৰীৰত কাৰ্বনডাই অক্সাইড আৰু এমনিয়া বৃদ্ধি হৈ শ্বাস-প্ৰশ্বাসজনিত অসুস্থতাত ভোগা গগৈক জিএমচিএইচৰ নন ইনভেনচিভ (এনআইভি)ত চিকিৎসা কৰা হৈছিল। তেতিয়াৰ পৰা চিকিৎসাধীন হৈ থকা ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিবিদগৰাকী শনিবাৰে বিয়লি ৩ বজাৰ পৰা হঠাৎ পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। শৰীৰৰ গুৰুতৰ অংগ-প্ৰত্যংগসমূহ বিকল হোৱাৰ লগতে শ্বাস-প্ৰশ্বাস ল’ব নোৱাৰাত তেওঁক মেকানিকেল ভেন্টিলেচনত ৰাখি কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস লোৱাৰ ব্যৱস্থা কৰা হয়। সম্প্ৰতি তেওঁৰ অৱস্থা জটিল আৰু সংকটজনক যে নিয়মীয়াকৈ দিয়া কোনো ঔষধে সঁহাৰি দিয়া নাই। তেওঁ কোনো লোকক চিনিব নোৱাৰা অথবা সঁহাৰি দিব পৰা অৱস্থাত নাই। গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটমুক্ত নহয় যদিও কালিৰ পৰা বৰ্তমানলৈকে গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটা নাই বুলি জিএমচিএইচৰ অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

No comments