Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ফুটপাথৰ দোকানীয়ে বঢ়াইছে দামঃ মূল্যবৃদ্ধিক লৈ যোগান মন্ত্ৰীৰ তুলুঙা মন্তব্য

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ নৱেম্বৰ : মূল্যবৃদ্ধিক লৈ যোগানমন্ত্ৰীৰ টুলুঙা মন্তব্যৰ পিছতে এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ ঢৌ উঠিছে। বজাৰত আলু-পিঁ...



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ নৱেম্বৰ : মূল্যবৃদ্ধিক লৈ যোগানমন্ত্ৰীৰ টুলুঙা মন্তব্যৰ পিছতে এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ ঢৌ উঠিছে। বজাৰত আলু-পিঁয়াজকে ধৰি বিভিন্ন সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত ৰাজ্যবাসী জুৰুলা হৈ থকাৰ সময়তে আজি যোগানমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে গুৱাহাটীৰ ফুটপাথৰ খুচুৰা বিক্ৰেতাইহে নিজ ইচ্ছা অনুসৰি দাম বৃদ্ধি কৰিছে। যোগান বিভাগে প্ৰতিকিলোত ৩৫ টকা দৰত গুৱাহাটীত পিঁয়াজ বিক্ৰী কৰি আছে। পিঁয়াজৰ মূল্য নিয়ন্ত্ৰণৰ বাবে ফুটপাথৰ খুচুৰা বিক্ৰেতাৰ দোকান বন্ধ কৰাৰ পোষকতা কৰে যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। আনহাতে যোগানমন্ত্ৰীৰ মতে দাইলৰ দাম বৃদ্ধি কৰা নাই। লক্ষণীয় যে প্ৰতিদিনে আলু-পিঁয়াজ-দাইলৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জলা-কলা খুৱাইছে। আলুৰ প্ৰতিকিলোত ৫০-৭০ টকা হৈছে। 

আনহাতে পিঁয়াজৰ মূল্য প্ৰতিকিলোত ৭০-৮০ টকা হৈছে। তেনে সময়ত যোগানমন্ত্ৰীৰ এই টুলুঙা মন্তব্যৰ পিছতে চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে আলু-পিঁয়াজৰ সমান্তৰালভাৱে পাচলিৰো মূল্যই আকাশ চুইছে। কেপ্‌চিকাম, বিলাহীৰ প্ৰতিকিলোত ১০০ টকা হোৱাৰ বিপৰীতে বেঙেনা ৬০-৮০ টকা, পানীলাউ ৫০-৭০ টকা, পটল ৬০-৮০ টকা, লেচেৰা ৮০-৯০ টকালৈ মূল্যবৃদ্ধি ঘটিছে। 

উল্লেখ্য যে বিজেপি চৰকাৰে বিনামূলীয়া চাউলৰ প্ৰসংগৰে দৰিদ্ৰক সহায় কৰাৰ কথা উল্লেখ কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে, কিন্তু বাস্তৱ প্ৰেক্ষাপটত এই দৰিদ্ৰ লোকসকলেও বিনামূলীয়া চাউলৰ লগত ৭০ টকীয়া আলু, ৮০ টকীয়া পিঁয়াজ আৰু চেঞ্চুৰী কোবোৱা শাক-পাচলিৰে ভাতসাঁজ খাবলগীয়াত পৰিছে। তেনে অৰ্থত বিনামূলীয়া চাউলৰ প্ৰসংগ ক’ত আছে বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।

No comments