Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অখিল গগৈক হাৰাশাস্তি কৰাৰ প্ৰত্যুত্তৰ ‘২১ ত দিব ৰাইজে ঃ নলবাৰীত যুৱ- ছাত্ৰ পৰিষদৰ অধিৱেশনত ৰাণা প্ৰতাপ বৰুৱা

এম মহিবৰ ৰহমান, নলবাৰী, ২২ নৱেম্বৰ ঃ  ‘কৃষক নেতা অখিল গগৈক চৰকাৰে ভয় কৰে। ভয় কৰে বাবেই চৰকাৰে জে’লৰ পৰা মুকলি কৰি দিয়াৰ সাহস কৰিব পৰা নাই। ক...

এম মহিবৰ ৰহমান, নলবাৰী, ২২ নৱেম্বৰ ঃ  ‘কৃষক নেতা অখিল গগৈক চৰকাৰে ভয় কৰে। ভয় কৰে বাবেই চৰকাৰে জে’লৰ পৰা মুকলি কৰি দিয়াৰ সাহস কৰিব পৰা নাই। কৃষক নেতাগৰাকীক হাৰাশাস্তি কৰি থকাৰ প্ৰত্যুত্তৰ ২০২১ চনৰ নিৰ্বাচনত অসমৰ ৰাইজে নিশ্চিতভাৱে দিব।’ এই মন্তব্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱাৰ। আজি নলবাৰীত এই মন্তব্য কৰি যুৱ-ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে কয় যে ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনত সক্ৰিয় ভূমিকা ল’ব অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদে। যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ বৰভাগত অনুষ্ঠিত অধিৱেশনলৈ আহি ছাত্ৰ সংগঠনটোৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱাই সংবাদ মাধ্যমক এই কথা স্পষ্ট কৰি দি কয় যে বিজেপি বা কংগ্ৰেছ দলৰ জাতীয়তাবাদী সত্তা নাই।

 এই দল দুটাক সমৰ্থন কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। তদুপৰি নিজক যিমানেই জাতীয়তাবাদী বুলি জাহিৰ নকৰক অগপৰো বৰ্তমান সেই সত্তা তিলমাত্ৰও থকা বুলি ক’ব নোৱাৰি। এই স্থিতিত আমি যদি কোনো ভূমিকা গ্ৰহণ নকৰোঁ আমাৰ  কৰ্মীসকলে ক’ত ভোট দান কৰিব। আনহাতে ইয়াত নিস্কিèয়þ হ’লে পুনৰ অপ্ৰত্যাশিত গোষ্ঠীয়ে শাসনভাৰ লৈ অসমৰ জাতীয়বিৰোধী কাম-কাজ চলাই নিয়াৰ বাট প্ৰশ¸স্ত হৈ পৰিব।’ ইপিনে আগন্তুক নিৰ্বাচনত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰত্যক্ষ সমৰ্থনপুষ্ট কে’বাজনো প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলিও বৰুৱাই সংবাদ মাধ্যমক সদৰী কৰে। অৱশ্যে ছাত্ৰ নেতাজনে নিজেই প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কথা অস্বীকাৰ কৰে।

 ইপিনে, কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ বিনাচৰ্তত মুক্তিৰ দাবী কৰে যুৱ-ছাত্ৰ পৰিষদৰ নেতাজনে। উল্লেখ্য যে কৃষক নেতা অখিল গগৈৰ ওপৰত শাসক গোষ্ঠীয়ে এটাৰ পাছত আন এটা গোচৰ জাপি দি দীৰ্ঘদিন ধৰি কাৰাবন্দী কৰি ৰাখিছে যদিও জাতীয়তাবাদী চৰিত্ৰৰ কোনো এক সংগঠনে এই পৰ্যন্ত কণ্ঠ সৰৱ কৰা পৰিলক্ষিত হোৱা নাই। তদুপৰি অলপতে গগৈৰ ছবি অংকন কৰি শিল্পী পৰ্যন্ত  শাসকগোষ্ঠীৰ বলি হ’ব লগা হ’ল। ইয়াৰ বিৰুদ্ধে অসংগঠিতভাৱে প্ৰতিবাদ হ’ল যদিও কোনো এক জাতীয়তাবাদী ছাত্ৰ সংগঠনে সবল প্ৰতিবাদী ভূমিকা গ্ৰহণ নকৰিলে। অৱশ্যে এই ঘটনাক চূড়ান্ত গণতন্ত্ৰবিৰোধী বুলি আখ্যা দি যুৱ-ছাত্ৰ পৰিষদৰ নেতাজনে আগন্তুক বিধানসভা নিৰ্বাচনত সঠিক প্ৰত্যুত্তৰ দিব বুলি স্পষ্ট কৰি দিয়ে।

 লগতে কৃষক নেতা অখিল গগৈক এনেদৰে দীৰ্ঘদিন ধৰি কাৰাবন্দী কৰি ৰাখি শাসক গোষ্ঠীয়ে গণতন্ত্ৰ আৰু জাতীয়বিৰোধী চৰিত্ৰক উদঙাই দিয়া বুলি সংবাদ মাধ্যমক সদৰী কৰে। তেওঁ কয, আমি জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মজিয়াৰ পৰা কৃষক নেতা অখিল গগৈক এনেদৰে কাৰাবন্দী কৰি ৰখা ঘটনাৰ বিৰোধিতা কৰি আহিছোঁ আৰু এতিয়াও তেওঁৰ বিনা চৰ্তত মুক্তিৰ দাবী জনাওঁ। আনহাতে, ছাত্ৰ নেতাজনে স্বীকাৰ কৰে যে শাসক গোষ্ঠীয়ে কৃষক নেতা অখিল গগৈক ভয় কৰে। উল্লেখ্য যে অসম জাতীয়বাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ অধিৱেশন কালিৰ পৰা বৰভাগত অনুষ্ঠিত হয়।

No comments