Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটদান পৰ্বৰ সামৰণি, ফলাফল ১০ নৱেম্বৰত

৪৪ শতাংশ বিহাৰৰ জনতাই পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে বিচাৰিছে তেজস্বী যাদৱক, নিতিশ কুমাৰক বিচাৰিছে ৩৫ শতাংশ জনতাই পাটনা, ৭ নৱেম্বৰ ঃ বহু প্ৰত্যাশ...


৪৪ শতাংশ বিহাৰৰ জনতাই পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে বিচাৰিছে তেজস্বী যাদৱক, নিতিশ কুমাৰক বিচাৰিছে ৩৫ শতাংশ জনতাই

পাটনা, ৭ নৱেম্বৰ ঃ বহু প্ৰত্যাশিত বিহাৰ বিধানসভা নিৰ্বাচনৰ সফল সামৰণি পৰে শনিবাৰে। তৃতীয় পৰ্যায়ৰ ভোটদানৰ সামৰণি পৰাৰ লগে লগেই বিহাৰ বিধানসভা নিৰ্বাচনৰ সামৰণি পৰে। এতিয়া সকলোৰে অপেক্ষা অহা ১০ নৱেম্বৰলৈ। ১০ নৱেম্বৰত ভোট গণনা আৰম্ভ হ’ব আৰু আনুষ্ঠানিক ফলাফল ঘোষণা কৰা হ’ব। আজি অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ ভোটদানত নিজৰ বহুমূলীয়া ভোট ৫৪.৬ শতাংশ ভোটাৰে সাব্যস্ত কৰে। বিয়লি ৫ বজালৈ ৫৪.৬ শতাংশ ভোটাৰে নিজৰ ভোটদান কৰে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। আজি ৭৮খন বিধানসভা আসনৰ বাবে ভোটদান পৰ্বৰ আয়োজন হৈছিল। ইয়াৰ পূৰ্বে প্ৰথম পৰ্যায়ত ২৮ অক্টোবৰত ৭১খন আসনৰ বাবে আৰু দ্বিতীয় পৰ্যায়ত ৩ নৱেম্বৰত ৯৪খন আসনৰ বাবে ভোটদান পৰ্বৰ আয়োজন হৈছিল। 

মুঠ ২৪৩খন বিধানসভা আসনৰ বাবে ৩টা পৰ্যায়ত ভোটদানৰ আয়োজন হয় বিহাৰ বিধানসভা নিৰ্বাচনত। যিকোনো এটা দলে বিহাৰত চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হয় ১২২খন আসনৰ। ১২২খন আসন লাভ কৰা দলটোৱে চৰকাৰ গঠন কৰিব পাৰে বিহাৰত। এইবাৰ বিহাৰত কংগ্ৰেছ, বাঁওপন্থী, আৰজেডি মহাজোঁটে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে। নিৰ্বাচনী সমীক্ষা অথবা এক্সিট প’ল অনুসৰি এনডিএক ওফৰাই মহাজোঁটে বিহাৰত চৰকাৰ গঠন কৰিব। বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ সামৰণি পৰাৰ লগে লগে বিভিন্ন সংস্থাই চলোৱা সমীক্ষা ৰাজহুৱা কৰে। ৰিপাব্লিক জান কী বাতৰ সমীক্ষা অনুসৰি মহাজোঁটে বিহাৰত চৰকাৰ গঠন কৰিব। জান কী বাতৰ সমীক্ষা অনুসৰি এনডিএয়ে ৯১-১১৭খন শাসন লাভ কৰাৰ বিপৰীতে মহাজোঁটে ১১৮-১৩৮খন, এলজিপিয়ে ৫-৮ খন আৰু অন্যান্য দলে ৩-৬ খন আসন লাভ কৰাৰ সংকেত দিছে। 

লগতে এই কথাৰো সংকেত দিছে যে মহাজোঁটৰ ভিতৰত থকা আৰজেডিয়ে সৰ্বাধিক আসন লাভ কৰিব বিহাৰ বিধানসভা নিৰ্বাচনত। একেদৰে টাইম্‌ছ নাও চি ভোটাৰৰ সমীক্ষা অনুসৰি মহাজোঁটে ১২০খন আসন লাভ কৰাৰ বিপৰীতে এনডিএয়ে ১১৬খন আৰু অন্যান্য দলে ৬খন আসন লাভ কৰিব। উল্লেখ্য যে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে বহুসংখ্যক জনতাই বিচাৰিছে তেজস্বী যাদৱক। বিহাৰৰ ৪৪ শতাংশ জনতাই ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে তেজস্বী যাদৱক বিচৰাৰ বিপৰীতে বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতীশ কুমাৰক ৩৫ শতাংশই বিচাৰিছে আৰু চিৰাজ পাছৱানক বিচাৰিছে ৭ শতাংশ জনতাই। নিৰ্বাচনৰ সমীক্ষা অনুসৰি ৪২ শতাংশ জনতাই বিকাশৰ পইণ্টত ভোটদান কৰিছে। তাৰ বিপৰীতে ৩০ শতাংশই নিবনুৱা আৰু ১১ শতাংশই মূল্য বৃদ্ধিৰ বিষয়ত ভোটদান কৰিছে। এবিপিৰ এক্সিট প’ল অনুসৰি এনডিএয়ে ১০৪ৰ পৰা ১২৮খনলৈ আসন লাভ কৰিব। তাৰ বিপৰীতে মহাজোঁটে ১০৮-১৩১লৈ, পাছৱানৰ দলে ১-৩খন আৰু অন্যান্যই ৪-৮খন আসন লাভ কৰিব। 

No comments