গণবাৰ্তা বিশেষ, যোৰহাট, ১৮ নৱেম্বৰ : "খাটি অসমীয়া" নামেৰে থলুৱা বিভিন্ন সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰি ইতিমধ্যেই পৰিচিত হৈ পৰা যোৰহাট...
গণবাৰ্তা বিশেষ, যোৰহাট, ১৮ নৱেম্বৰ : "খাটি অসমীয়া" নামেৰে থলুৱা বিভিন্ন সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰি ইতিমধ্যেই পৰিচিত হৈ পৰা যোৰহাটৰ কেন্দুগুৰিৰ উদ্যমী যুৱক অনন্ত বৰাৰ প্ৰতিষ্ঠানে মুকলি কৰিছে " খাটি সৰিয়হৰ তেল" ৰ এক নতুন ব্ৰেণ্ড। বুধবাৰে কৃষি মন্ত্ৰী অতুল বৰাই এই ব্ৰেণ্ড আনুষ্ঠানিক ভাৱে মুকলি কৰে। অনন্ত বৰাৰ যোৰহাটৰ বাইপাছত অৱস্থিত "জুক'ভেলী" ব্যৱসায়িক প্ৰতিষ্ঠানত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰী জনে অংশগ্ৰহণ কৰি খাটি সৰিয়হৰ তেল ৰ নতুন ব্ৰেণ্ড মুকলি কৰে। থলুৱা সামগ্ৰী সমূহক নতুন নতুন ৰূপত বজাৰ দখল কৰিব পৰাকৈ ক্ষুদ্ৰ মজলীয়া আদি উদ্যোগ স্থাপন কৰিবলৈ যুৱক যুৱতী সকলক মন্ত্ৰী জনে আহ্বান জনায়। অনন্ত বৰাৰ দৰে এচাম যুৱক যুৱতীয়ে গ্ৰহণ কৰা এনেবোৰ কামৰ শলাগ লয় মন্ত্ৰীজনে। অনুষ্ঠানত কণ্ঠশিল্পী জয়ন্ত নাথ, ঈশ্বৰ প্ৰসন্ন বৰদলৈ, সৌৰভ প্ৰাণ বৰা, নুৰুল চুলতানকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
No comments