Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাৰ্ঘেৰিটা কুমচাইত ৩৩ বছৰে অবৈতনিক ভাবে শিক্ষাৰ পোহৰ বিলাই যোৱা জ্যোতিষ্কাৰ প্ৰয়াত তৌফিকুল হুছেইনক শ্ৰদ্ধাঞ্জলি

শৰৎ গগৈ, লেখপানী ৭ নৱেম্বৰ : শিক্ষক হৈছে এডাল মমবাতিৰ দৰে যি আনক পোহৰ বিলাই নিজে জ্বলি  শেষ হয় যায় । শিক্ষাৰ পোহৰ বিলাবলৈ নিজৰ জীৱন উচৰ্গা ক...


শৰৎ গগৈ, লেখপানী ৭ নৱেম্বৰ : শিক্ষক হৈছে এডাল মমবাতিৰ দৰে যি আনক পোহৰ বিলাই নিজে জ্বলি  শেষ হয় যায় । শিক্ষাৰ পোহৰ বিলাবলৈ নিজৰ জীৱন উচৰ্গা কৰিলে এগৰাকী শিক্ষাবিদে । জীৱনৰ মায়া মোহ ত্যাগ কৰি সাংসাৰিক জীৱনত এখোজ ভৰি দিবলৈ চেষ্টা নকৰিলে এজন নমস্য ব্যক্তিয়ে । ৩৩ বছৰৰ আগতেই প্ৰৱেশ কৰিছিল এখন গাঁৱত এজন উচ্চ শিক্ষিত ব্যক্তি । গাঁও বাসীৰ লগত চিনাকি হৈছিল মাথোঁ শিক্ষাৰ জৰিয়তে । ক্ৰমান্বয়ে আপোন হৈছিল বিভিন্ন ধৰ্ম বৰ্ণ জাতি ভাষা নিৰ্বিশেষে অচিনাকী মানৱ জীৱনৰ সৈতে । সুদূৰ যোৰহাটৰ পৰা অজানিতে আহিয়েই চকুৰ চিনাকি বুকুৰ আপোন হৈ পৰিছিল কেইবাখনো গাঁৱৰ নিৰীহ লোকৰ সৈতে । মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ অন্তৰ্গত কুমচাই কং মধ্য ইংৰাজী বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিভাগৰ শিক্ষকতা কৰি অবৈতনিক ভাবে অৱসৰ গ্ৰহণ কৰিছিল শিক্ষাবিদ জনে । অৱসৰ পাছতো ঘৰমুৱা হোৱা নাছিল ব্যক্তি জন । প্ৰেমত পৰিছিল সেই দুখীয়া নিচলা পৰিয়ালৰ শিশু সকলৰ সৈতে । ছাত্ৰ ছাত্ৰী সকলৰ উপৰিও ভৰসা কৰিছিল অভিভাৱক সকলে । পিছে নিয়তিৰ কিনো খেলা অঞ্চলটোৰ সকলো মানুহক অশ্ৰু নিগৰাই ব্যক্তি জনক চিৰদিনলৈ আঁতৰাই লৈ গল অচিন দেশলৈ । এটা ৰাজহুৱা পুথি ভৰালটোৱেই আছিল তেখেতৰ আশ্ৰয়ৰ স্থল, এটা বাঁহৰ জেলেঙা বেৰৰ কোঠাটোৱেই আছিল টিউচনৰ এক মাত্ৰ সমল । বিগত কেইবছৰমান আগতেই আক্ৰান্ত হৈছিল বাৰ্ধক্য জনিত ৰোগত সেই ৰোগেই নিয়তীয়ে কাঢ়ি নিলে তেখেতৰ আত্মা । শোক স্তব্ধ হৈ পৰিল তিনিচুকীয়া জিলাৰ লেখাপানী অন্তৰ্গত হাচাক গাঁৱৰ সমগ্ৰ অঞ্চল । পিছে কোন সেইজন নমস্য ব্যক্তি শুনো আহক তেখেত কোন ? তেখেত হৈছে যোৰহাটত জন্ম গ্ৰহণ কৰা তৌফিকুল হুছেইন । তেখেত এজন ইছলাম ধৰ্মীয় ব্যক্তি যদিও এখন বিশাল হিন্দু সমাজৰ আপোন ব্যক্তি আছিল । হিন্দু সমাজে আঁকোৱালি লোৱাৰ পাছতো তেখেতে বৌদ্ধ ধৰ্মৰ মঠ মন্দিৰত পূজা পাতল কৰি অতিবাহিত কৰিছিল জীৱন ।  হুছেইনৰ স্বাস্থ্য অৱনতি ঘটাত সকলো লোকে তেখেতক আৰোগ্য কৰিবলৈ সহায় সহযোগিতা কৰিছিল যদিও নিয়তিৰ হাতত হাৰ মানিব লগীয়া হল ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত শিক্ষাবিদ  হুছেইনে । অঞ্চলটোৰ স্থানীয় সংগঠন সমূহৰ সহযোগত যুৱনেতা লক্ষ্য কোঁৱৰে প্ৰয়াত  হুছেইনক বিদেহী আত্মাৰ সদগতি কামনা কৰি শেষ শ্ৰদ্ধাঞ্জলি জনাই হাচাক স্থিত ৰাজহুৱা পুথি ভঁৰালৰ চৌহদত । বিগত ৩৩ বছৰৰ পাছত যোৰহাটৰ নিজ বাসগৃহত হুচেইনৰ নশ্বৰ দেহ শেষ শ্ৰদ্ধাঞ্জলি জনাই পৰিয়ালবৰ্গই । অৱশেষত অশ্ৰু অঞ্জলিৰে  হুছেইনক চিৰ বিদায় দিলে মৰমেৰে আঁকোৱালি লোৱা লেখাপানীৰ  কুমচাই বাসী ৰাইজে । 

No comments