গন বাৰ্তা, মাৰ্ঘেৰিটা, ২৯ নৱেম্বৰঃ এটা জাতি, এখন দেশৰ বিকাশৰ প্ৰধান মাপকাঠিয়েই হল শিক্ষা৷ শিক্ষা অবিহনে এটা জাতিৰ বিকাশ কেতিয়াও সম্পূৰ্ণ ...
গন বাৰ্তা, মাৰ্ঘেৰিটা, ২৯ নৱেম্বৰঃ এটা জাতি, এখন দেশৰ বিকাশৰ প্ৰধান মাপকাঠিয়েই হল শিক্ষা৷ শিক্ষা অবিহনে এটা জাতিৰ বিকাশ কেতিয়াও সম্পূৰ্ণ নহয়৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ চাহ বাগিছা অধ্যুষিত এলেকাসমূহত ছাত্ৰ ছাত্ৰীৰ আজিও বিকাশ সম্ভৱপৰ হৈ উঠা নাই৷ বিষয়টো অনুধাৱন কৰি সমষ্টিটোৰ যুৱ নেতা লক্ষ্য কোঁৱৰে হাতত লৈছে কেতবোৰ বিশেষ কাৰ্যসূচী৷ অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সহযোগত চাহ জনজাতি ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আজিৰে পৰা আৰম্ভ কৰা হৈছে এলানি বিশেষ শৈক্ষিক প্ৰশিক্ষণ কাৰ্যসূচী৷ উত্তৰ মাৰ্ঘেৰিটাৰ ৰংগমঞ্চত আজি উক্ত কাৰ্যসূচীৰ শুভ উদ্বোধন কৰা হয়। মাৰ্ঘেৰিটাত অনুষ্ঠিত হব লগা ৭ টা কৰ্মশালাৰ এই কেন্দ্ৰীয় উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱকল্যান উপদেষ্ঠা সমিতিৰ সদস্য সচীৱ লক্ষ্য কোঁৱৰৰ সতে উপস্থিত থাকে আটছাৰ সাধাৰণ সম্পাদক পৱন বেডিয়া, মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাস, বীৰ ৰাঘৱ মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: অমৰজ্যোতি শইকীয়া, মহকুমা আৰক্ষী বিষয়া পোনা গগৈ, আটছা নেতা প্ৰাঞ্জল বৰাইক, উমেশ জাল, শচীন তাঁতী, বিশিষ্ট সাংবাদিক ৰাণাজ্যোতি নেওঁগ আৰু বহুকেইজন বিশিষ্ট ব্যক্তি। অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰী সকলৰ বিশাল অংশগ্ৰহণ আৰু পাৰ ভঙা উছাহ দেখিবলৈ পোৱা যায়৷
No comments