গণবাৰ্তা, বিশেষ, যোৰহাট, ২১ নৱেম্বৰ : যোৰহাটৰ হৰিজন কলনিত আজি পুৱা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত অঞ্চলটোৰ প্ৰায় ৩৫ বাসগৃহ জ্বলি ভষ্মীভূ...
গণবাৰ্তা, বিশেষ, যোৰহাট, ২১ নৱেম্বৰ : যোৰহাটৰ হৰিজন কলনিত আজি পুৱা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত অঞ্চলটোৰ প্ৰায় ৩৫ বাসগৃহ জ্বলি ভষ্মীভূত হৈ যায় । জানিব পৰা মতে আজি পুৱা প্ৰায় ৫ মান বজাত কলনিটোত এই মৰ্মান্তিক ঘটনা সংঘটিত হয় । অঞ্চলটোৰ সকলোবোৰ লোক ষট পূজাত ব্যস্ত হৈ থাকোটেই সংঘটিত হয় এই দুৰ্ঘটনা । অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে মুহুৰ্ততে অঞ্চলটোৰ ইটোৰ পিছত সিটোকৈ বাসগৃহ জুইৰ লেলিহান শিখাই আৱৰি পেলাই । ইফালে অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে মুহুৰ্ততে ঘটনাস্থলীত যোৰহাট অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ী উপস্থিত হয় জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও প্ৰথমৱস্থাত ব্যৰ্থ হয় । যাৰ ফলত জিলা খনৰ বিভিন্ন স্থানৰ পৰা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈ আহিব লগা হয় । প্ৰায় ডেৰ ঘন্টা ধৰি অঞ্চলটোত হোৱা অগ্নিকাণ্ডত বাসগৃহ সমূহত থকা সকলো আচবাব সামগ্ৰী জ্বলি চাৰখাৰ হৈ যোৱা পিছত এক অভাৱনীয় পৰিস্থিতিৰ সন্মূখীন হ'ব লগা হৈছে দুৰ্ভগীয়া পৰিয়ালকেইটা ।এই পৰ্য্যন্ত প্ৰকৃত ক্ষয় ক্ষতিৰ পৰিমান জানিব পৰা হোৱা নাই যদিও বহু লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত জাঁহ যোৱা বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে । আনহাতে অগ্নিকাণ্ড কি দৰে সংঘটিত হবলৈ পালে তাক লৈ তদন্ত আৰম্ভ হৈছে যদিও এই পৰ্য্যন্ত প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ।যোৰহাটৰ ৰজামৈদামৰ হৰিজন কলনীত বিধ্বংসী অগ্নিকাণ্ডস্থলীত বিভিন্ন নেতাৰ ভিৰ কৰাৰো পৰিলক্ষিত হৈছিল ।উল্লেখযোগ্য যে জুই লগাৰ সময়ত পৰিয়াল বোৰৰ প্ৰায়বোৰ লোক ঘৰত নাছিল। ষট পূজাৰ বাবে পূজা স্থলীত আছিল পৰিয়াল কেইটাৰ লোকসকল। যাৰ বাবে অগ্নিকাণ্ডৰ ফলত কোনো লোক আহত হোৱাৰ পৰা ৰক্ষা পৰিল । ইফালে গৃহহাৰা হোৱা শতাধিক ক্ষতিগ্ৰস্থৰ বাবে যোৰহাট জিলা প্ৰশাসনে শ্ৰীভাৰতী উচ্চ মাধ্যমিক বিদ্যালয় আৰু হৰিজন কলনি প্ৰাথমিক বিদ্যালয়ত দুটাকৈ আশ্ৰয় শিবিৰ ইতিমধ্যে মুকলি সকলোকে আশ্ৰয় শিবিৰলৈ অনাৰ ব্যৱস্থা কৰা হৈছে । জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ঘটনাস্থলী পৰিদৰ্শন কৰি ঘটনাৰ বিষয়ে বুজ লয় ।
No comments