Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক গৌতম গগৈ যুৱতী সাংবাদিক নিৰ্যাতনৰ অপৰাধত ৰঙাঘৰত

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ২৫ নবেম্বৰ :  সাহিত্যৰ  "স " নজনা সম্পাদক, পঞ্চাশ উৰ্ধৰ গৌতম গগৈ নামৰ দুটা সন্তানৰ পিতৃ গৰাকীয়ে নিজৰ জী...


গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ২৫ নবেম্বৰ :  সাহিত্যৰ  "স " নজনা সম্পাদক, পঞ্চাশ উৰ্ধৰ গৌতম গগৈ নামৰ দুটা সন্তানৰ পিতৃ গৰাকীয়ে নিজৰ জীয়েকৰ বয়সৰ এগৰাকী ২৪ বছৰীয়া পিতৃহীন  যুৱতী  তথা স্থানীয় এটা ৱেব পৰ্টেলৰ সাংবাদিকক দীৰ্ঘদিন ধৰি চলাই অহা মানসিক তথা শাৰীৰিক নিৰ্যাতনৰ ফল স্বৰূপে আজি ৰঙাঘৰৰ আলহি হোৱাৰ কথা সদৰি কৰিছে ডিব্ৰুগড়ৰ সংগ্ৰামী প্ৰগতিশীল নাৰীসন্থাই।

তেওঁলোকে জনোৱা মতে, তথাকথিত ভদ্ৰতাৰ মুখাপিন্ধা সাহিত্য সভাৰ সম্পাদকজনে যুৱতীগৰাকীৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিবলৈ দীৰ্ঘদিন চেষ্টা কৰি আহিছিল। কিন্তু যুৱতী সাংবাদিক গৰাকীয়ে সন্মতি নিদিয়াত মাজে মাজে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি আহিছিল। লগতে আত্মহত্যাৰ ভাবুকি দি যুৱতীগৰাকীৰ মুখ বন্ধ কৰি ৰাখিছিল। অৱশেষত যুৱতী গৰাকী অধৈৰ্য হৈ  আইনৰ কাষ চাপে যদিও ভণ্ড সম্পাদক তথা সাংবাদিক গৰাকীৰ বিৰুদ্ধে  ডিব্ৰুগড় আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত যুৱতী গৰাকী নিৰুপায় হৈ সংগ্ৰামী প্ৰগতিশীল নাৰীসন্থাৰ সহায় বিচাৰে। ইফালে গৌতম গগৈ বেমাৰৰ ভাও জুৰি নাৰ্চিং হোমত ভৰ্তি হৈ থাকে। যুৱতী গৰাকীৰ অভিযোগ মৰ্মে সংগ্ৰামী প্ৰগতিশীল নাৰীসন্থাৰ হৈ সভানেত্ৰী বিচিত্ৰা খাৰঘৰীয়া, সম্পাদিকা পূৰবী বৰুৱা , উপ সভানেত্ৰী হিৰাৰাণী চেতিয়া আদিয়ে ডিব্ৰুগড় আৰক্ষীৰ কাষ চাপি গৌতম গগৈৰ দৰে এনে অপকৰ্ম কৰা মুখাধাৰীক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনায়। ডিব্ৰুগড় আৰক্ষীৰ গা এৰাদিয়া মনোভাৱ দেখি উক্ত মহিলা সন্থাৰ বিষয়ববীয়া সকলে আৰক্ষীক তীব্ৰ সমালোচনা কৰে। গৌতম গগৈক ভয় কৰে নেকি বুলিও আৰক্ষীক প্ৰশ্ন কৰিলে। যদি আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কনকলতাৰ দেশৰ অসমীয়া জীয়ৰীয়ে যৌন শোষণকাৰীৰ লিংগচ্ছেদৰ দৰে চৰম শাস্তি নিজ হাতেৰেই অপৰাধীক দিবলৈ বাধ্য হ'ব বুলি মন্তব্য কৰাতহে আৰক্ষীৰ গা  ল'ৰিল।  ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 294/B,506 আৰু 534 লগাই আৰক্ষীয়ে আজি কৰ্টত হাজিৰ কৰাই নদিনৰ বাবে জেললৈ প্ৰেৰণ কৰিলে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও এইজন সংবাদকৰ্মীৰ স্কিল ডেভেলপমেন্টৰ নামত কুকাৰ্য পোহৰলৈ আহিছে যদিও মেনেজ কৰি সকলো ঢাকি ৰাখে বুলি একাংশ ৰাইজে মন্তব্য কৰিছে। এতিয়া ৰাইজে প্ৰশ্ন কৰিছে কিহৰ বলত এনে নষ্ট মানসিকতাৰ ভণ্ড  মানুহে সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানৰ মুখ্য পদবীত থাকিব পাৰে? নিৰ্যাতিতা যুৱতী গৰাকী, সংগ্ৰামী প্ৰগতিশীল নাৰীসন্থা আৰু স্থানীয় ৰাইজে  মুখাপিন্ধা গৌতম গগৈৰ উচিত শাস্তি বিচাৰিছে। 

( ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা )

No comments