গুৱাহাটী ঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰেণ্য ৰাজনীতিবিদ তৰুণ গগৈৰ বিয়োগত আজিৰে পৰা তিনিদিনীয়া ৰাজ্যিক শোক পালনৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত...
গুৱাহাটী ঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰেণ্য ৰাজনীতিবিদ তৰুণ গগৈৰ বিয়োগত আজিৰে পৰা তিনিদিনীয়া ৰাজ্যিক শোক পালনৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত ৰাজ্যবাসীয়ে এগৰাকী মহান নেতাক হেৰুৱালে। ওৰেটো জীৱন জনগণৰ স্বাৰ্থত নিস্বাৰ্থভাৱে কাম কৰি মূল্যবোধৰ মহান আদৰ্শ প্ৰতিষ্ঠা কৰি যোৱা এইগৰাকী নেতাৰ বিয়োগত তেওঁ ব্যক্তিগতভাৱেও পিতৃক হেৰুওৱাৰ দৰে বেদনা অনুভৱ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয় যে পিতৃয়ে সন্তানক আদেশ দিয়াৰ দৰে দেশৰ স্বাৰ্থৰ বাবে আন্তৰিকতাৰে কাম কৰিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়েও তেওঁক মাজে-সময়ে উপদেশ দিছিল।
আজি তেখেতৰ বিয়োগত সেই মৰমৰ পৰা বঞ্চিত হ’ল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ২০১৬ চনত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ প্ৰাক্মূহূৰ্তত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ কাষত উপস্থিত হৈ তেওঁৰ আশীৰ্বাদ বিচাৰি যোৱাৰ স্মৃতি ৰোমন্থন কৰিও মুখ্যমন্ত্ৰী সোণোৱাল আৱেগবিহবল হৈ পৰে। উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাৰ খবৰ পায়েই মুখ্যমন্ত্ৰী সোণোৱালে আজি পূৰ্ব নিৰ্ধাৰিত সকলো কাৰ্যসূচী বাতিল কৰি ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানযোগে গুৱাহাটীলৈ উভতি আহে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা পোনে পোনে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণেৰে শেষ শ্ৰদ্ধা নিবেদন কৰে।
No comments