Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভূটান সীমান্ত দুই কিলোমিটাৰ ভিতৰত চীনে বহুৱালে গাঁওঃ৯ কিলোমিটাৰৰ ভিতৰত নিৰ্মাণ কৰিছে পথ

নতুন দিল্লী, ২২ নৱেম্বৰ ঃ পূব প্ৰান্তৰ লাডাখত সীমা বিবাদ চলি থকাৰ মাজতেই এইবাৰ চীনে ডোকলামত ভাৰতৰ বাবে আন এক সমস্যাৰ সৃষ্টি কৰিবলৈ ওলাইছে। ২...

নতুন দিল্লী, ২২ নৱেম্বৰ ঃ পূব প্ৰান্তৰ লাডাখত সীমা বিবাদ চলি থকাৰ মাজতেই এইবাৰ চীনে ডোকলামত ভাৰতৰ বাবে আন এক সমস্যাৰ সৃষ্টি কৰিবলৈ ওলাইছে। ২০১৭ত ডোকলামত ভাৰত আৰু চীন সেনাৰ সংঘাত সামৰণি পৰাৰ তিনি বছৰৰ পিছত পুনৰ উক্ত স্থানত চীনে ভাৰতৰ বাবে আন এক সমস্যাৰ সৃষ্টি কৰিবলৈ ওলাইছে। চীনে ডোকলামত পুনৰ এবাৰ ভাৰতৰ বাবে মূৰৰ কামোৰণি সৃষ্টি কৰিবলৈ ওলাইছে। উল্লেখ্য যে চীনে ভূটানৰ সীমান্ত অতিক্ৰম কৰি দুই কিলোমিটাৰ ভিতৰত নিজা গাঁও বহুৱাৰ উপৰি ৯ কিলোমিটাৰৰ ভিতৰত পথ নিৰ্মাণ কৰিছে। এনডিটিভিয়ে ছেটেলাইট ফটোৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। সংবাদ মাধ্যমটোৰ খবৰ অনুসৰি, চীনে ভূটান সীমান্ত অতিক্ৰম কৰাৰ উপৰি গাঁও বহুৱাইছে আৰু পথ নিৰ্মাণ কৰিছে। উল্লেখ্য যে ২০১৭ত চীনে ডোকলামত পথ নিৰ্মাণ কৰিবলৈ ওলাইছিল। যাৰ বাবে ভাৰত আৰু চীন সেনাৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। ভাৰতীয় সেনাৰ উপস্থিতিৰ বাবে চীনে সেই কাৰ্য কৰিবলৈ সক্ষম নহ’ল। কিন্তু পুনৰাই সেই কাৰ্য কৰিবলৈ ওলোৱাই নহয় সফলো হোৱাৰ দিশে আগবাঢ়িছে। ডোকলাম ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান। এই স্থানত এতিয়া চীনে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ ওলাইছে। যিটো ভাৰতৰ বাবে ডাঙৰ প্ৰত্যাহবান ৰূপে দেখা দিব। কিদৰে চীনক এইবাৰ ভাৰতে ভেদিব পাৰিব। সেই বিষয়টোৱে এতিয়া  চৰ্চা লাভ কৰিছে। উল্লেখ্য যে লাডাখত সীমা বিবাদ নিৰাময় কৰাৰ বাবে দুয়োখন দেশৰ সেনাৰ মাজত কে’বাস্তৰৰো বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকতেই দুয়োখন দেশৰ সেনাই এল এ চিৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এফালে যদি চীনে লাডাখত সংঘাত নিৰাময় কৰিবলৈ আগবাঢ়িছে। আনফালে আকৌ ডোকলামত সংঘাত বৃদ্ধি কৰাৰ যো-জা চলাইছে চীনে।

No comments