Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে মুখ্যমন্ত্ৰীৰ শুভেচ্ছাঃ নিৰাপদ আৰু প্ৰদূষণমুক্ত দীপাৱলী পালনৰ বাবে আহ্বান সোণোৱালৰ

গুৱাহাটী, ১৩ নৱেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ...

গুৱাহাটী, ১৩ নৱেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কয় যে পোহৰৰ উৎসৱ দীপাৱলী হ’ল এন্ধাৰৰ অমানিশা নাশ কৰি আলোকৰ জয়যাত্ৰা শক্তিশালী কৰা এক পৱিত্ৰ উৎসৱ। পোহৰৰ এই উৎসৱে সমাজৰ কু-সংস্কাৰ, অসূয়া-অশান্তি তথা সমাজৰ অপশক্তিসমূহক নাশ কৰি এখন সুন্দৰ সমাজ নিৰ্মাণৰ দিশত প্ৰতিগৰাকী অসমবাসীক সংকল্পবদ্ধ হোৱাৰ বাবে অনুপ্ৰেৰণা যোগাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে দীপাৱলীৰ এই শুভক্ষণত এন্ধাৰৰ প্ৰতীক অপশক্তিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ সমাজখনক অধিক স্পন্দনশীল আৰু গতিশীল কৰি  তোলাৰ সংকল্প ল’বলৈ ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক আহ্বান জনাইছে। 

লগতে দীপাৱলীৰ পোহৰৰ আলোকে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত থকা সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰী এধিক শক্তিশালী কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে দীপাৱলীৰ এই শুভ মুহূৰ্তত এখন প্ৰদূষণমুক্ত অসম গঢ়াৰ বাবে সংকল্পবদ্ধ হ’বলৈ সমূহ অসমবাসীক আহ্বন জনাইছে। দীপাৱলী উদ্‌যাপনৰ নামত আমি বসবাস কৰি থকা ৰাজ্যখনৰ নিকা বায়ুমণ্ডল কোনো কাৰণতে যাতে প্ৰদূষিত নহয় তাৰ বাবে প্ৰদূষণৰ সৃষ্টি কৰা সামগ্ৰী ব্যৱহাৰ নকৰাকৈ প্ৰাকৃতিকভাৱে উপলব্ধ সামগ্ৰী ব্যৱহাৰেৰে সেউজ দীপাৱলী উদ্‌যাপনৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে।

No comments