Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিলাসীপাৰাত শোকাকুল পৰিবেশঃ পাক সেনাৰ আক্ৰমনত শ্বহীদ অসম সন্তান হৰধন চন্দ্ৰ ৰায়

বিলাসীপাৰাৰ পৰা ওছমান গনি, ১৪ নৱেম্বৰ ঃ পুনৰ দেশমাতৃৰ হকে প্ৰাণ আহুতি দিলে এজন অসম সন্তানে। জম্মু-কাশ্মীৰৰ উৰী ছেক্টৰত দেশমাতৃক ৰক্ষা কৰিবলৈ...

বিলাসীপাৰাৰ পৰা ওছমান গনি, ১৪ নৱেম্বৰ ঃ পুনৰ দেশমাতৃৰ হকে প্ৰাণ আহুতি দিলে এজন অসম সন্তানে। জম্মু-কাশ্মীৰৰ উৰী ছেক্টৰত দেশমাতৃক ৰক্ষা কৰিবলৈ গৈ শ্বহীদ হ’ল অসম সন্তান হৰধন চন্দ্ৰ ৰায়। যুদ্ধবিৰতিৰ নীতি উলংঘা কৰি পাক সেনাৰ আক্ৰমণত এইবাৰ শ্বহীদ হ’ল অসম সন্তান বীৰ সেনা হৰধন। বীৰ সেনা হৰধন চন্দ্ৰ ৰায়ৰ ঘৰ বিলাসীপাৰা মহকুমাৰ ফুটকিবাৰী মেধীপাৰা গাঁৱত। প্ৰাপ্ত বাতৰি মতে গাঁওখনৰ বাসিন্দা টংকেশ্বৰ ৰায়ৰ একমাত্ৰ পুত্ৰ হৰধন চন্দ্ৰ ৰায়ে ২০০১ চনত ভাৰতীয় সেনা বাহিনীৰ ৫৯ আৰ্টিলাৰী ফিল্ড ৰেজিমেন্টত যোগদান কৰিছিল। তাৰ পিছতে  ভাৰতৰ বিভিন্ন স্থানত নিজৰ কৰ্তব্য সম্পাদন কৰি অহা সেনা জোৱানজনক বিগত দুমাহ পূৰ্বে জম্মু-কাশ্মীৰৰ উৰী ছেক্টৰত নিয়োগ কৰা হৈছিল বুলি শ্বহীদ জোৱানজনৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

কিন্তু কালি যুদ্ধবিৰতিৰ নীতি উলংঘা কৰি পাক সেনাই চলোৱা আক্ৰমণত দুজনকৈ সেনা বাহিনীৰ জোৱানৰ লগতে আন কেইবাজনো লোক নিহত হয়। ইয়াৰে এজন বীৰ জোৱান হ’ল অসম ৰাজ্যৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ ৰাণীগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত মেধীপাৰা গাঁৱৰ হৰধন চন্দ্ৰ ৰায়। অৱশ্যে আক্ৰমণ-প্ৰত্যাক্ৰমণত কে’বাজন পাক সেনাও নিধন হয় বুলি জানিব পৰা গৈছে। ইফালে সেনা জোৱানজনৰ মৃত্যুৰ বাতৰিৰ পিছতে আজি প্ৰয়াত সেনা জোৱানগৰাকীৰ ঘৰত আত্মীয়-স্বজনৰ লগতে অগণন লোক উপস্থিত হোৱাত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে বীৰ সেনা জোৱান শ্বহীদ হৰধন ৰায়ৰ ঘৰত স্থানীয় বিধায়ক অশোক কুমাৰ সিংহী, ধুবুৰী জিলাৰ উপায়ুক্ত অনন্ত লাল জ্ঞানী, অতিৰিক্ত উপায়ুক্ত ছৰফৰাজ হক, বিলাসীপাৰাৰ মহকুমাধিপতি মৃদুল যাদৱ, মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱ মুনি দাসৰ লগতে প্ৰশাসনৰ বিষয়াববীয়া আৰু বিভিন্ন দল-সংগঠনৰ লোক উপস্থিত হৈ শোকত ভাগি পৰা পৰিয়ালটোক সান্তনা দিয়াৰ লগতে সমবেদনা জ্ঞাপন কৰে। 

লগতে প্ৰয়াত জোৱানজনৰ নশ্বৰ দেহ কাইলৈ সামৰিক মৰ্যাদাৰে তেওঁৰ নিজ গৃহলৈ অনা হ’ব আৰু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে বিগত তিনি বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা হৰধনৰ পৰিয়ালত এটি  ডেৰ বছৰীয়া পুত্ৰ সন্তানসহ পত্নী, বৃদ্ধ পিতৃ-মাতৃ আৰু তিনিগৰাকী ভন্টী আছে। এইবাৰ ছুটীত আহিলে তেওঁৰ যুৱতী ভনীজনীক বিয়া দিয়াৰ ব্যৱস্থা কৰিব বুলি ব্যক্ত কৰিছিল হৰধনে। কিন্তু নিষ্ঠুৰ নিয়তিৰ অতি নিষ্ঠুৰ পৰিহাস। তেওঁৰ সেই সপোন পূৰণ নহ’ল বুলি পৰিয়ালৰ লোকে কৈ কৈ আেৱগক হৈ পৰে। উল্লেখ্য যে যুদ্ধবিৰতিত থকা পাক সেনাৰ নিৰ্মম বৰ্বৰতাত প্ৰাণ আহুতি দিয়া বীৰ জোৱানগৰাকীৰ পৰিয়ালক দুটা চৰকাৰী চাকৰি দিয়াৰ লগতে এককালীন সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় কেন্দ্ৰীয় আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে। তদুপৰি পাক সেনাৰ নিকৃষ্ট কাণ্ডৰ প্ৰতিবাদত পাকিস্তান মুৰ্দাবাদ, ভাৰতীয় সেনা জিন্দাবাদ বুলি ধ্বনি দিয়ে।

No comments