Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

২০২১ ৰ নিৰ্বাচনৰ পিছত মন্ত্ৰী হিমন্তৰ মাথা হেং মাৰিব ঃ বিধায়ক আমিনুল ইছলাম

  গণ বাৰ্তা, ভূৰাগাঁও, ১৫ নৱেম্বৰ ঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী দলসমূহ। ৰাজনৈতিক দলসমূহে স...

 

গণ বাৰ্তা, ভূৰাগাঁও, ১৫ নৱেম্বৰ ঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী দলসমূহ। ৰাজনৈতিক দলসমূহে সমষ্টিত নিজ ভেটি শক্তিশালী কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আজি লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বোৱালগুৰিত এআইডিইউএফ দলৰ এখনি কৰ্মীসভা অনুষ্ঠিত হৈ যায়। আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৰ ভেটি শক্তিশালী কৰিবলৈ দলটোৰ নেতা-কৰ্মীসকলে ব্যাপক তৎপৰতা দেখুৱা পৰিলক্ষিত হৈছে। সমষ্টিটোৰ পৰা বিগত ২৫ বছৰে কংগ্ৰেছ দলৰ পৰা ডাঃ নজৰুল ইছলামে নিৰ্বাচিত হৈ দিছপুৰলৈ গৈ বিধায়ক-মন্ত্ৰী হোৱা সমষ্টিটো কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা সমষ্টিটোত এইবাৰ এআইডিইউএফৰ হাতত যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে দলীয় নেতা-কৰ্মীৰ তৎপৰতাত।

 দলটোৰ কৰ্মী সভাত উপস্থিত থাকে দলটোৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আব্দুল কাদিৰ, জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম, ধিঙৰ বিধায়ক আমিনুল ইছলাম, দলটোৰ সাধাৰণ সম্পাদকদ্বয় মজিবুৰ ৰহমান, মতিবুৰ ৰহমান,মৰিগাঁও জিলা সমিতিৰ সভাপতি তথা লাহৰীঘাট সমষ্টিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী ছিদ্দিক আহমেদৰ লগতে দলটোৰ বহুকেইজন নেতা-কৰ্মী। উল্লেখ্য যে সভাখনত ধিঙৰ বিধায়ক আমিনুল ইছলামে ভাষণত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কয় যে নিজৰ ম’বাইল নম্বৰ ৰাজহুৱা কৰাৰ বাবে এতিয়া মন্ত্ৰী হিমন্তৰ ম’বাইলটোহে হেং মৰিছে আৰু ২০২১ৰ নিৰ্বাচনৰ পিছত তেখেতৰ মাথা হেং মাৰিব বুলি কয়। 

লগতে জনীয়াৰ বিধায়ক হাজিফ ৰফিকুল ইছলামে কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হতাশাত ভুগিছে আৰু হতাশাত ভুগিলে মানুহে কাণেৰে কি শুনে মুখেৰে কি কয় কোনেও ক’ব নোৱাৰে। আগন্তুক নিৰ্বাচনত নিজৰ পৰাজয় নিশ্চিত দেখি মন্ত্ৰী হিমন্তৰ লগতে বিজেপিৰ বিভিন্ন নেতা- কৰ্মীয়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিবলৈ গৈ বিভিন্ন সভা-সমিতিত সাম্প্ৰদায়িক মন্তব্য কৰা বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে। কংগ্ৰেছ- এআইডিইউএফ মিত্ৰতা হ’লেও লাহৰীঘাট বিধানসভা সমষ্টিত এআইডিইউএফ দলৰ পৰাই প্ৰাৰ্থী দিয়া হ’ব বুলি জনীয়াৰ বিধায়কগৰাকীয়ে ব্যক্ত কৰে। দলটোৰ আজিৰ কৰ্মী সভাত পাঁচ সহস্ৰাধিক স্থানীয় লোক উপস্থিত থাকে।

No comments