Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পেৰিছ মাষ্টাৰ্ছত নাডালক পৰাস্ত কৰি ফাইনেলত জেভেৰেভ

পেৰিছ, ৯ নৱেম্বৰঃ এলেকজেণ্ডৰ জেভেৰেভে ছেমিফাইনেলত ২০বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ৰাফেল নাডালক ৬-৪,৭-৫ ছেটত পৰাস্ত কৰি পেৰিছ মাষ্টাৰ্ছৰ ফাইনেল...


পেৰিছ, ৯ নৱেম্বৰঃ এলেকজেণ্ডৰ জেভেৰেভে ছেমিফাইনেলত ২০বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ৰাফেল নাডালক ৬-৪,৭-৫ ছেটত পৰাস্ত কৰি পেৰিছ মাষ্টাৰ্ছৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ প্ৰথম জাৰ্মান খেলুৱৈ, যিয়ে এই টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ লগতে নাডালে ১৩বছৰৰ পিছত ফাইনেলত প্ৰৱেশৰ স্বপ্ন ভংগ হয়। তেওঁ ২০০৭ত নাডালে ফাইনেলত প্ৰৱেশ কৰিছিল। তেওঁ এতিয়ালৈ এবাৰো এই টুৰ্ণামেণ্টৰ খিতাপ দখল কৰা নাই। জেভেৰেভে সপ্তম বাৰলৈ এটিপি মাষ্টাৰ্ছৰ ফাইনেলত প্ৰৱেশ কৰিছে।ইয়াৰ ভিতৰত তিনিবাৰ তেওঁ চেম্পিয়ন খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। তেওঁ এই বৰ্ষত ইউএছ অ’পেনৰ আৰম্ভ কৰি এতিয়ালৈ ২৩খন মেচৰ ভিতৰত ২১খন মেচত জয় লাভ কৰিছে। তেওঁ ইউএছ অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিছিল। তেওঁৰ প্ৰথমটো গ্ৰেণ্ড শ্লেম আছিল, য’ত তেওঁ ফাইনেলত প্ৰৱেশ কৰিছিল। ফাইনেলত প্ৰৱেশ কৰি জেভেৰেভে কয়- মই ফাইনেলত প্ৰৱেশ কৰি সুখী হৈছোঁ। ভাল প্ৰদৰ্শন দাঙি ধৰাৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছোঁ বুলি কয়। 

No comments