ফোন যোগে শোক বার্তা , বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী - ৰাণা গোস্বামীৰ ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ২৩ নৱেম্বৰ : অসমৰ প্ৰাক্তন মু...
ফোন যোগে শোক বার্তা , বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী - ৰাণা গোস্বামীৰ
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ২৩ নৱেম্বৰ : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে যোৰহাটত শোকৰ বন্যা বয় । যোৰহাট কংগ্ৰেছ ভৱনত কংগ্ৰেছ কৰ্মীসকলে কংগ্ৰেছ ভৱনৰ বাহিৰত তেখেতৰ প্ৰতিচ্ছবি সন্মুখত বন্তি প্ৰজ্বলন কৰি সৰ্দ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে তৰুণ গগৈৰ যোৰহাট নাজিৰ আলিৰ বাসগৃহতো স্থানীয় বাসিন্দাসকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি ধৰ্মীয় পৰম্পৰাৰে প্রার্থনা জনায় । যোৰহাটৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ফোন যোগে কয় যে বিশিষ্ট ৰাজনীতিবিদ তৰুণ গগৈৰ মৃত্যুত তেওঁ গভীৰ শোক প্ৰকাশ কৰিছে । লগতে কয় যে তৰুণ গগৈ বিগত বিশ বছৰে ৰাজনীতি পথাৰত চেণ্ট্ৰেল পয্যায়ত আছিল ।তেওঁৰ প্ৰয়ানত অসমৰ ৰাজনীতিত বহু ক্ষতি হৈছে । তেওঁ বিগত পোন্ধৰ বছৰ মুখ্যমন্ত্ৰী থকাৰ পাছত যোৱা পাঁচ বছৰত তেওঁৰ যি স্থিতি আছিল সেই স্থিতি ৰাজনীতিত কোনো ম্লান হোৱা নাছিল । ব্যক্তিগতভাৱেও তেখেতৰ সৈতে ভাল সমন্ধ আছিল বুলি হিতেন্দ্ৰ নাথ গোস্বামীয়ে উল্লেখ কৰে । যিহেতু বেলেগ বেলেগ দলত থকাৰ বাবে আহ - জাহ নহয় যদিও সমন্ধ খুব ভাল আছিল । যোৰহাটৰ মেলেনিয়াম পার্ক মুকলি কৰাৰ সময়ত মুখ্যমন্ত্ৰী হৈ থাকোতে তেওঁক মই নিমন্ত্ৰণ দিয়াৰ লগে লগে পার্কখন শুভউদ্ধোধন কৰিবলৈ আগবাঢ়ি আহিছিল । অধ্যক্ষ হোৱাৰ সময়তো তেওঁ হিতেন্দ্ৰ নাথ গোস্বামীক কৈছিল যোৰহাটৰ কুলধৰ চলিহা, দেৱেশ্বৰ শৰ্মাৰ আৰ্দশৰে কাম কৰিব লাগিব বুলি উপদেশ দিছিল বুলি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে উল্লেখ কৰে ।তেওঁ কথাবোৰ পোনপটীয়াকৈ কোৱাৰ বাবে ভাল লাগিছিল বুলি তেওঁ উল্লেখ কৰে । আনহাতে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়েও শোকত ভাগি পৰা বুলি উল্লেখ কৰে । তেওঁ কয় যে তেঁওৰ ৰাজনীতি জীৱনৰ পিতামহ আছিল তৰুণ গগৈ । তেখেতৰ বিয়োগত ৰাণা গোস্বামীৰ লগতে যোৰহাটৰ সমূহ কংগ্ৰেছ কৰ্মীয়ে ভাগি পৰিছে বুলি উল্লেখ কৰে । তেখেতৰ মৃত্যুত যোৰহাটৰ আছু, যুৱ ছাত্ৰ পৰিষদ , উজনি অসম মুছলিম কল্যান পৰিষদ , সম্প্ৰীতি মহিলা সংঘ , ইদগাহ সমিতি, কবৰস্থান সমিতি, যোৰহাটৰ চেণ্ট্ৰেল ক্লাৱ, পুৰণা বালিবাট মছজিদৰ পৰিচালনা সমিতি , যোৰহাট প্ৰেছ ক্লাৱ , ৰাইজৰ দলৰ যোৰহাটৰ বিষয়ববীয়া, অসম সাহিত্য সভা, তেওঁ শিক্ষা গ্ৰহণ কৰা যোৰহাটৰ হাইমাদ্ৰাছা স্কুলৰ পৰিচালনা সমিতি , জামাত কল্যান সমিতি, বিজেপি যোৰহাট জিলা সমিতি, অগপ যোৰহাট জিলা সমিতিৰ লগতে বহু দল সংগঠন তথা অনুষ্ঠান - প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে ।
No comments