Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এন্ধাৰ নাশি আলোকিত দীপাৱলীঃ ৰাজ্যজুৰি সেউজ দীপান্বিতা উদ্‌যাপন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ নৱেম্বৰ : এইবাৰ সম্পূৰ্ণ পৃথকভাৱে ৰাজ্যজুৰি উদ্‌যাপিত হ’ল দীপাৱলী। বিগত বৰ্ষসমূহৰ দৰে এইবেলি দীপাৱলীত নাছিল কো...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ নৱেম্বৰ : এইবাৰ সম্পূৰ্ণ পৃথকভাৱে ৰাজ্যজুৰি উদ্‌যাপিত হ’ল দীপাৱলী। বিগত বৰ্ষসমূহৰ দৰে এইবেলি দীপাৱলীত নাছিল কোনো শব্দৰ উৎসৱ। প্ৰশাসনৰ নীতি-নিৰ্দেশনাৰ মাজেৰে এইবেলি শব্দৰ উৎসৱৰ সলনি দীপাৱলী পোহৰৰ উৎসৱত পৰিণত কৰিলে ৰাজ্যবাসীয়ে। উল্লেখ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা অনুযায়ী ৰাজ্য চৰকাৰে দীপাৱলীত আতচবাজী ফুটুওৱাৰ ক্ষেত্ৰত ব্যাপক নিষেধাজ্ঞা জাৰি কৰিছিল। অৱশ্যে ফুলজাৰি আৰু অন্যান্য সেউজ আতচবাজী ব্যৱহাৰৰ অনুমতি দিছিল চৰকাৰে। ৰাজ্যত অন্যান্য প্ৰান্তত মাত্ৰ দুঘণ্টাৰ বাবেহে আতচবাজী ফুটুওৱাৰ অনুমতি প্ৰদান কৰাৰ বিপৰীতে গুৱাহাটীত সম্পূৰ্ণৰূপে আতচবাজী নিষিদ্ধ কৰিছিল ৰাজ্য চৰকাৰে। লক্ষণীয় যে এইবেলি দীপান্বিতা শান্তিপূৰ্ণ তথা সেউজভাৱে উদ্‌যাপন কৰাৰ বাবে সকলোৱে ব্যাপক উৎসাহ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। 

পদূলিমুখত কলগছত মাটিৰ চাকি জ্বলাই এন্ধাৰক ভেটা দিয়াৰ বাবে সকলোৱে প্ৰয়াস কৰে। ৰংচঙীয়া লাইট আৰু কৃত্ৰিম পোহৰৰ বিপৰীতে এইবেলি দীপাৱলী মাটিৰ চাকিত খাটি সৰিয়হৰ তেলেৰে চাকি-বন্তি জ্বলাই পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে সকলোৱে প্ৰয়াস কৰা পৰিলক্ষিত হয়। গুৱাহাটীত এইবেলি সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে পালিত হয় পোহৰৰ উৎসৱ দীপান্বিতা। উল্লেখ্য যে পূৰ্বতে দীপাৱলীৰ নামত দেখা গৈছিল এক শব্দৰ প্ৰতিযোগিতা। দীপান্বিতাৰ দুটা নিশাত আতচবাজী ফুটুওৱাৰ নামত শ শ  কোটি টকা জুইত জাহ দিছিল ৰাজ্যৰ ৩ কোটি ২৮ লাখ জনতাই। প্ৰশাসনে আতচবাজী ফুটুওৱাৰ ক্ষেত্ৰত পূৰ্বতেও কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছিল যদিও কোনোধৰণৰ সঁহাৰি নাছিল একাংশ উতনুৱা নাগৰিকৰ পৰা। নিশা ১০ বজাৰ পিছত আতচবাজী ফুটুওৱাত পূৰ্বতেও নিষেধাজ্ঞা আছিল যদিও বিগত বৰ্ষৰ দীপাৱলীসমূহত ওৰে নিশা ফুটুওৱা হৈছিল বিকট শব্দৰ আতচবাজী। 

১২৫ ডেচিবেলৰ অধিক প্ৰাবল্যৰ আতচবাজী ফুটুওৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল যদিও কোনে কিমান শব্দ প্ৰাবল্যৰ আতচবাজী ফুটাব পাৰে তাৰ যেন চলিছিল এক অঘোষিত প্ৰতিযোগিতা। কিন্তু ক’ভিড মহামাৰীয়ে আত্মসংযম শিকোৱাই যোৱাৰ পিছত এইবেলি যেন সকলোৰে মানসিকতা কিছু পৃথক। সেউজ দীপাৱলী পালন কৰাৰ আহবানক সকলোৱে সঁহাৰি জনোৱাৰ লগতে চীনা সামগ্ৰী বৰ্জন কৰিও এইবাৰ ৰাজ্যবাসীয়ে দেখুৱালে আন এক নিদৰ্শন। ইপিনে দীপাৱলীৰ নিশাৰাজ্যৰ বিভিন্ন স্থানত ঝাণ্ডি-মুণ্ডাৰ আড্ডা পৰিলক্ষিত হয়। গুৱাহাটীৰ কে’বাস্থানতো ঝাণ্ডি-মুণ্ডাৰ জুৱাৰ আড্ডা বহিছিল যদিও আৰক্ষীয়ে কে’বাস্থানতো অভিযান চলোৱা পৰিলক্ষিত হয়। জাপৰিগোগত আৰক্ষীয়ে অভিযান চলাই কে’বাজনো লোকক আটক কৰে।

No comments