Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জলসম্পদ বিভাগৰ খহনীয়া প্ৰতিৰোধী আঁচনিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১২ নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক বৈঠকত ৰাজ্যৰ জলসম্পদ বিভাগৰ খহনীয়...

গুৱাহাটী, ১২ নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক বৈঠকত ৰাজ্যৰ জলসম্পদ বিভাগৰ খহনীয়া প্ৰতিৰোধ সম্পৰ্কীয় আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত এই বৈঠকত মুখ্যমন্ত্ৰীয়ে খৰালিৰ এই মাহকেইটাৰ ভিতৰতে ৰাজ্যখনৰ দুৰ্বল আৰু স্পৰ্শকাতৰ মথাউৰিসমূহৰ নিৰ্মাণৰ কাম আগবঢ়াবলৈ বিভাগক নিৰ্দেশ দিয়াৰ লগতে বিভিন্ন ঠাইত চলি থকা খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কাম-কাজো সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে এইবাৰৰ বাৰিষাত তেওঁ বিভিন্ন জিলাৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শনৰ সময়ত যিবিলাক আঁচনি গ্ৰহণৰ কথা ঘোষণা কৰিছিল সেইসমূহৰ কামো যথাসম্ভৱ সোনকালে আৰম্ভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে।

 মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰাজ্যখনৰ খহনীয়া প্ৰতিৰোধী কাম-কাজসমূহৰ লগতে মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত আধুনিক আৰু বহনক্ষম প্ৰযুক্তি উদ্ভাৱনৰ বাবে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ সহযোগত জলসম্পদ বিভাগে গৱেষণা চলাব লাগিব। নতুন প্ৰযুক্তি উদ্ভাৱনৰ লগতে বৰ্তমান চলি থকা নিৰ্মাণ প্ৰযুক্তিসমূহৰ উৎকৰ্ষ সাধনেৰে এই দিশত ফলপ্ৰসূ ব্যৱস্থা ল’ব লাগিব। এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ১৬টাকৈ দলৰ দ্বাৰা ৰাজ্যৰ নদীসমূহৰ হাইড্ৰ’লজিকেল ছাৰ্ভেৰ বাবে লোৱা পদক্ষেপক কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰশংসিত হোৱাৰ কথাও উল্লেখ কৰে। 

খহনীয়া প্ৰতিৰোধৰ বাবে ভেটিভাৰ ঘাঁহ আৰু বেতজাতীয় উদ্ভিদ নদীৰ পাৰত ৰোপণৰ পদক্ষেপৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। আজিৰ এই বৈঠকত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, জলসম্পদ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ছৈয়দ্দিন আব্বাছী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, মুখ্যমন্ত্ৰীৰ বিশেষ আয়ুক্ত ৰঞ্জন চক্ৰৱৰ্তী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাকে ধৰি উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। 

No comments