Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভাৰতত, জিডিপিৰ হাৰ সবাতোকৈ তলতঃ দোশৰ জিডিপৰ হাৰ -১০.৩ শতাংশ

নতুন দিল্লী, ১৯ নৱেম্বৰ ঃ কোৰোনা মহামাৰীৰ সময়ছোৱাত ভাৰতৰ জিডিপিৰ হাৰ অভাৱনীয় হাৰত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। ভাৰতত প্ৰথমবাৰলৈ জিডিপিৰ হাৰ -২...

নতুন দিল্লী, ১৯ নৱেম্বৰ ঃ কোৰোনা মহামাৰীৰ সময়ছোৱাত ভাৰতৰ জিডিপিৰ হাৰ অভাৱনীয় হাৰত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। ভাৰতত প্ৰথমবাৰলৈ জিডিপিৰ হাৰ -২৩.৯ শতাংশলৈ পায়। ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত ভাৰতৰ জিডিপিৰ হাৰ অভাৱনীয় হাৰত হ্ৰাস পোৱাৰ বিপৰীতে দ্বিতীয় ত্ৰিমাসিকতো জিডিপিৰ হাৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিৰ বাবে মোদী চৰকাৰক জগৰীয়া কৰি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে আজি টুইটাৰৰ জৰিয়তে এখন তালিকা প্ৰকাশ কৰি কয় যে এছিয়াৰ ভিতৰত ভাৰততেই কোৰোনাৰ সময়ছোৱাত জিডিপিৰ হাৰ সবাতোকৈ অধিক হাৰত হ্ৰাস পাইছে। আনহাতে কোৰোনাত মৃত্যুৰ ক্ষেত্ৰতো এছিয়াৰ ভিতৰত ভাৰততেই বুলি উল্লেখ কৰি তেওঁ এয়া মোদী চৰকাৰৰ ৰিপ’ৰ্ট কাৰ্ড বুলি কটাক্ষ কৰে। তেওঁ প্ৰকাশ কৰা তালিকা অনুসৰি এছিয়াৰ ভিতৰত ভাৰততেই সৰ্বাধিক লোকৰ কোৰোনাত মৃত্যু হোৱাৰ লগতে জিডিপিৰ হাৰ সবাতোকৈ তললৈ গতি কৰিছে। 

কোৰোনাৰ সংকটকালত বাংলাদেশৰ জিডিপিৰ হাৰ ৩.৮ শতাংশ হোৱাৰ বিপৰীতে দেশখনত প্ৰতি দহ লাখ লোকৰ বিপৰীতে ক’ভিড-১৯ত প্ৰাণ হানি হৈছে ৩৮জনৰ। আনহাতে ম্যানমাৰৰ জিডিপিৰ হাৰ ২ শতাংশ হোৱাৰ বিপৰীতে দেশখনত কোৰোনাত মৃত্যু হোৱাৰ লোকৰ সংখ্যা প্ৰতি দহ লাখৰ বিপৰীতে ৩০জন। একেদৰে কোৰোনাৰ সংকটকালত চীনৰ জিডিপিৰ হাৰ ১.৯ শতাংশ হোৱাৰ বিপৰীতে কোৰোনাত প্ৰাণ হানি হৈছে প্ৰতি এক নিযুত লোকৰ বিপৰীতে ৩জনৰ। আনহাতে ভিয়েটনামত জিডিপিৰ হাৰ ১.৬ শতাংশ হোৱাৰ বিপৰীতে দেশখনত প্ৰতি দহ লাখৰ বিপৰীতে কোৰোনাত মৃত্যু হৈছে ০.৪জনৰ। আনহাতে ভূটানৰ জিডিপিৰ হাৰ ০.৬ শতাংশ হোৱাৰ বিপৰীতে কোৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰতি ১০ লাখৰ বিপৰীতে ০। 

নেপালৰ জিডিপিৰ হাৰ শূন্য হোৱাৰ বিপৰীতে দেশখনত কোৰোনাত মৃত্যুৰ হাৰ ৪৩জন। আনহাতে পাকিস্তানৰ জিডিপিৰ হাৰ ০.৪ শতাংশ হোৱাৰ বিপৰীতে দেশখনত প্ৰতি দহ লাখৰ বিপৰীতে ৩২জন। আনহাতে ইণ্ডোনেছিয়াৰ জিডিপিৰ হাৰ -১.৫ শতাংশ হোৱাৰ বিপৰীতে দেশখনত কোৰোনাত মৃত্যুৰ সংখ্যা প্ৰতি দহ লাখৰ বিপৰীতে ৫৬জন। দক্ষিণ কোৰিয়াৰ জিডিপিৰ হাৰ -১.৯ শতাংশ হোৱাৰ বিপৰীতে কোৰোনাত মৃত্যুৰ সংখ্যা প্ৰতি দহ লাখৰ বিপৰীতে ১০জন।  শ্ৰীলংকাৰ জিডিপিৰ হাৰ -৪.৬ শতাংশ হোৱাৰ বিপৰীতে প্ৰতি দহ লাখৰ ভিতৰত কোৰোনাত মৃত্যুৰ সংখ্যা ৩জন।  মালেছিয়াৰ জিডিপিৰ হাৰ -৬ শতাংশ হোৱাৰ বিপৰীতে কোৰোনাত মৃত্যুৰ সংখ্যা ৩০জন। থাইলেণ্ডৰ জিডিপিৰ হাৰ -৭.১ শতাংশ হোৱাৰ বিপৰীতে প্ৰতি দহ লাখৰ ভিতৰত কোৰোনাত মৃত্যুৰ সংখ্যা ০.৯জন। 

আনহাতে ফিলিপাইনছৰ জিডিপিৰ হাৰ -৮.৩ শতাংশ হোৱাৰ বিপৰীতে কোৰোনাত প্ৰতি দহ লাখৰ ভিতৰত মৃত্যু হোৱা লোকৰ সংখ্যা ৭১জন। এছিয়াৰ এইসমূহ দেশৰ বিপৰীতে ভাৰতৰ জিডিপিৰ হাৰ কোৰোনা মহামাৰীৰ সময়ছোৱাত -১০.৩ শতাংশ হোৱাৰ বিপৰীতে দেশত দহ লাখৰ ভিতৰত ক’ভিড-১৯ত প্ৰাণ হানি হোৱা লোকৰ সংখ্যা ৯৫জন। সেই অনুসৰি ক’ভিড-১৯ত এছিয়াৰ আনসমূহ দেশৰ তুলনাত অধিক প্ৰভাৱিত হৈছে ভাৰত। ইমানেই নহয়, চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান, বাংলাদেশ, নেপালতকৈও অধিক প্ৰভাৱিত হৈছে ভাৰত। 

No comments