Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কৃষকৰ বিদ্ৰোহত কম্পমান ৰাজধানী দিল্লীঃ ছয় মাহৰ খাদ্যবস্তু লগত লৈ ৰাজপথত কৃষক, ক’লা আইন বাতিল নোহোৱালৈ চলাই যাব আন্দোলন

নতুন দিল্লী, ২৮ নৱেম্বৰ ঃ ছমাহৰ খাদ্য সামগ্ৰী কঢ়িয়াই ৰাজধানী দিল্লীলৈ প্ৰতিবাদ কৰিবলৈ অহা পঞ্জাব-হাৰিয়াণাৰ কৃষকৰ আন্দোলনত কঁপি উঠিছে ৰাজধানী...

নতুন দিল্লী, ২৮ নৱেম্বৰ ঃ ছমাহৰ খাদ্য সামগ্ৰী কঢ়িয়াই ৰাজধানী দিল্লীলৈ প্ৰতিবাদ কৰিবলৈ অহা পঞ্জাব-হাৰিয়াণাৰ কৃষকৰ আন্দোলনত কঁপি উঠিছে ৰাজধানী দিল্লী। কেন্দ্ৰীয় চৰকাৰে তিনিখন কৃষি আইন বলৱৎ কৰাৰ পিছৰে পৰাই দেশৰ কৃষকসকল মোদী চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আৰু সেই আইন বাতিলৰ দাবীৰে আন্দোলন চলাই আছে কৃষকসকলে। বিশেষকৈ পঞ্জাব আৰু হাৰিয়াণাৰ কৃষকসকলে চৰকাৰৰ বিৰুদ্ধে অধিক সৰৱ হৈ বৃহৎ আন্দোলন চলাই আছে। দিল্লী চলো কাৰ্যসূচীলৈ পঞ্জাব, হাৰিয়াণাৰ কৃষকসকল ৰাজধানী দিল্লীলৈ আহিছে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ। তেওঁলোকক বাধা দিবলৈ হাৰিয়াণা আৰু দিল্লী সীমান্তত আৰক্ষী প্ৰশাসনে প্ৰবল চেষ্টা চলাইছিল যদিও সফল নহ’ল প্ৰশাসন। কোনো কাৰণতেই প্ৰশাসনে তেওঁলোকক আবদ্ধ কৰিব নোৱাৰিলে। সকলোধৰণৰ বাধা নিষেধ নেওচি পঞ্জাব-হাৰিয়াণাৰ কৃষকসকল দিল্লী অভিমুখে গমন কৰে। 

কালি কৃষকসকলৰ এনে এক  আন্দোলনৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক দিল্লীত প্ৰতিবাদ কৰিবলৈ অনুমতি দিয়ে। কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক দিল্লীত প্ৰৱেশ কৰিবলৈ অনুমতি দি ৰাজধানী নিৰংকাৰী গ্ৰাউণ্ডত গণতান্ত্ৰিক আন্দোলন চলাবলৈ দিয়ে। কিন্তু কৃষকসকলে দিল্লীত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কৰিছে। তেওঁলোকে প্ৰকাশ কৰিছে যে তেওঁলোকে দিল্লীক ঘেৰিবলৈহে আহিছে। তেওঁলোক নিজে আবদ্ধ হ’বলৈ অহা নাই। শুকুৰবাৰে নিশা হাজাৰ হাজাৰ কৃষকে চিংঘু সীমান্তত প্ৰতিবাদ কৰে। তেওঁলোকে প্ৰকাশ কৰিছে যে প্ৰয়োজনত ঘাইপথতো প্ৰতিবাদ কৰিব। যেতিয়ালৈ ক’লা আইন বাতিল নহ’ব তেতিয়ালৈ প্ৰতিবাদ অব্যাহত থাকিব। ঘৰৰ পৰা প্ৰতিবাদ কৰিবলৈয়ে ওলায় আহিছে। তেওঁলোকে লগত ছমাহৰ খাদ্য-সামগ্ৰী লৈ আহিছে। সেইবাবে নিশ্চিন্তমনে ছমাহলৈ প্ৰতিবাদ চলাই যাবলৈয়ো তেওঁলোক প্ৰস্তুত আছে বুলি কৃষকসকলে প্ৰকাশ কৰিছে। পঞ্জাব, হাৰিয়াণাৰ কৃষকসকলৰ উপৰি উত্তৰ প্ৰদেশৰ কৃষকসকলেও ৰাজধানী দিল্লীলৈ ৰাওনা হৈছে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ।

 সমগ্ৰ দেশৰ কৃষকে এতিয়া ৰাজধানী দিল্লী কঁপাবলৈ সাজু হৈ উঠিছে। ইয়াৰ মাজতে পঞ্জাব আৰু হাৰিয়াণাৰ মুখ্যমন্ত্ৰীৰ মাজত বাক্‌-বিতণ্ডা আৰম্ভ হৈছে। হাৰিয়াণাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে কৃষক আন্দোলনত খালিস্তানৰ সমৰ্থন আছে, কৃষক আন্দোলনত খালিস্তানৰ লোকো জড়িত হৈ থকাৰ দাবী কৰিছে হাৰিয়াণাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু এই দাবী কৃষক নেতাসকলে অস্বীকাৰ কৰিছে। হাৰিয়াণাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে কৃষকৰ আন্দোলনত হাৰিয়াণাৰ কৃষকসকল জড়িত হৈ থকা নই। কিন্তু বাস্তৱ ক্ষেত্ৰত পঞ্জাবৰ লগতে হাৰিয়াণাৰ কৃষকসকলেও আন্দোলনৰ বাবে ওলাই আহিছে। হাৰিয়াণাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে যদি কৃষকসকলে উৎপাদিত শস্যৰ ন্যূনতম সমৰ্থন মূল্যৰ পৰা বঞ্চিত হয়, তেওঁ ৰাজনীতি ত্যাগ কৰিব। 

কৃষকসকলক পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উচটনি দিয়াৰো অভিযোগ কৰিছিল। কিন্তু সেই অভিযোগ খণ্ডন কৰিছিল পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে। তেওঁ কয় মনোহৰলাল খট্টৰে মিছা অভিযোগ কৰি আছে। খট্টৰে কৈছে যে পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকী কৃষকৰ বিষয়টো সম্পৰ্কে চৰ্চাৰ বাবে ফোন কৰা হৈছিল যদিও তেওঁ কোনো উত্তৰ নিদিলে। খট্টৰৰ এই অভিযোগ নাকচ কৰি পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, তেওঁ মিছা মাতি আছে। তেওঁ আমাৰ কৃষকসকলৰ ওপৰত বেয়া ব্যৱহাৰ কৰি আছে। যদি হাৰিয়াণাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া দহবাৰো ফোন কৰে তেওঁৰ লগত কোনোধৰণৰ আলোচনা কৰা নহ’ব।

 এনেধৰণৰ এতিয়া পঞ্জাব আৰু হাৰিয়াণাৰ মুখ্যমন্ত্ৰীৰ মাজত বাক্‌-বিতণ্ডা আৰম্ভ হৈছে। আনফালে, কোনোধৰণৰ ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতা নোহোৱাকৈয়ে কৃষকসকলে দিল্লী অভিমুখে আগবাঢ়ি আছে। ইতিমধ্যে বহু কৃষক দিল্লীত উপস্থিত হৈছে। আন বহু কৃষক দিল্লীত উপস্থিত নোহোৱাকৈয়ে নিজ নিজ স্থানতে প্ৰতিবাদ কৰি আছে কৃষি আইনৰ বিৰুদ্ধে।

No comments