লণ্ডন, ১৯ নৱেম্বৰ ঃ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা ক’ভিড-১৯ৰ ভেকচিন জ্যেষ্ঠ লোকৰ বাবে ফলদায়ক বুলি প্ৰমাণিত হৈছে। অক্সফ’ৰ্ড বিশ্ববিদ্যা...
লণ্ডন, ১৯ নৱেম্বৰ ঃ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা ক’ভিড-১৯ৰ ভেকচিন জ্যেষ্ঠ লোকৰ বাবে ফলদায়ক বুলি প্ৰমাণিত হৈছে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ক’ভিড ভেকচিন ৫৬-৬৯ৰ অধিক বয়সৰ লোকৰ বাবে অধিক ফলদায়ক বুলি প্ৰমাণিত হৈছে। তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা এই ভেকচিনে বৃদ্ধি কৰিব পাৰিছে বুলি দাবী কৰিছে বিশ্বৰ প্ৰখ্যাত স্বাস্থ্য আলোচনী লানচেটে। লানচেটে বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় চিৰাম সংস্থাৰ সৈতে এক হৈ অক্সফ’ৰ্ড বিশ্ববিদ্যালয় ক’ভিড-১৯ৰ ভেকচিন উদ্ভাৱনৰ কাৰ্যত জড়িত হৈ আছে। তেওঁলোকে এতিয়ালৈ ৫৬০জন বয়স্ক লোকৰ ওপৰত ক’ভিড-১৯ৰ ভেকচিন প্ৰয়োগ কৰি পৰীক্ষা চলাইছে। যি পৰীক্ষাত তেওঁলোকে সফলতা লাভ কৰিছে।
‘চিএছএডিঅ’এক্স-১ এনকোভ-১৯’ নামৰ এই ভেকচিনটো যুৱ লোকৰ তুলনাত বয়স্ক লোকৰ বাবে ফলদায়ক বুলি প্ৰমাণিত হৈছে। অৰ্থাৎ এই ভেকচিনে অধিক বয়স্ক লোকক কোৰোনা ভাইৰাছৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক হ’ব। আলোচনীখনৰ প্ৰতিবেদন অনুসৰি এইটো সমগ্ৰ বিশ্বৰ বাবে এক সু-খবৰ। কিয়নো ক’ভিড-১৯ত অধিক প্ৰভাৱিত হৈছে যুৱ লোকৰ তুলনাত বয়স্ক লোকসকল। তেনেক্ষেত্ৰত এই ভেকচিনে বয়স্ক লোকসকলৰ দেহত কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব। ব্ৰিটেইনে ইতিমধ্যে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ এই ভেকচিন সম্পূৰ্ণৰূপে তৈয়াৰ হৈ নুঠোতেই দহ কোটি ভেকচিনৰ অৰ্ডাৰ দিছে। সেই অনুসৰি ব্ৰিটেইনে সৰ্বপ্ৰথমে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ এই ভেকচিন লাভ কৰিব।
No comments