ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১২ নৱেম্বৰঃ যোৰহাটৰ প্ৰাক্তন বিধায়ক তথা যোৰহাটৰ জননেতা ৰাণা গোস্বামীৰ আজি যোৰহাট ৰজাবাৰীস্থিত তথা সুধাকণ্ঠ ড০ ভূপেন...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১২ নৱেম্বৰঃ যোৰহাটৰ প্ৰাক্তন বিধায়ক তথা যোৰহাটৰ জননেতা ৰাণা গোস্বামীৰ আজি যোৰহাট ৰজাবাৰীস্থিত তথা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ শিশু উদ্যানত ৰাজহুৱাকৈ উদযাপন কৰা হয় গোস্বামীৰ জন্ম দিন। ৰাণা গোস্বামী ফেন ক্লাবে আয়োজন কৰা জন্ম দিনৰ অনুষ্ঠানটোত ৰাণা গোস্বামীয়ে সকলোৱৰে মাজত কেক কাটি পালন কৰিলে নিজৰ জন্ম দিন। তেওঁ উপস্থিত কণ কণ শিশু সকলক চকলেট দি আৰু বয়জ্যেষ্ঠ সকলৰ পৰা আৰ্শীবাদ লোৱা দেখা গৈছিল।
উক্ত অনুষ্ঠানত ৰাণা গোস্বামীৰ ফেন ক্লাৱৰ সদস্য - সদস্যা সকলৰ লগতে জিলা কংগ্ৰেছ তথা মহিলা কংগ্ৰেছৰ সদস্য সকলৰ উপৰিও যোৰহাটৰ বহু গণ্য মান্য লোক উপস্থিত আছিল। উক্ত অনুষ্ঠান উপস্থিত হয়েই দৈনিক গণ অধিকাৰৰ সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত গোস্বামীয়ে কয় যে সকলো শুভাকাংখীক শুভেচ্ছা জনোৱাৰ লগতে বিগত কৰোনা মহামাৰীত নিহত হোৱা সকলক শ্ৰদ্ধা নিবেদন কৰে। আৰু বৰ্তমানে বৃদ্ধি হোৱা নিবনুৱা সমস্যা কেনেকৈ সমাধান কৰিব পৰা যায় সেই সন্দৰ্ভত চিন্তা কৰিবলৈ সংকল্পবদ্ধ বুলি তেওঁ উল্লেখ কৰে।
No comments