Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কংগ্ৰেছে ত্যাগ কৰি গেৰুৱা বসন পিন্ধিব বিশ্বজিতেঃ কংগ্ৰেছৰ কাৰণ দৰ্শোৱাৰ জাননীক লৈ ক্ষোভ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ নৱেম্বৰ ঃ সাম্প্ৰতিক অসম আৰু অসমীয়া জাতিৰ অতি জটিল সময়ত প্ৰকৃত সেৱাত উৎসৰ্গিত নেতাৰ বিপৰীতে ভৰি পৰিছে স্বাৰ্থপ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ নৱেম্বৰ ঃ সাম্প্ৰতিক অসম আৰু অসমীয়া জাতিৰ অতি জটিল সময়ত প্ৰকৃত সেৱাত উৎসৰ্গিত নেতাৰ বিপৰীতে ভৰি পৰিছে স্বাৰ্থপৰ, চৰম সুবিধাবাদী নেতাৰে। স্বজাতিৰ সেৱাৰ কথা কৈ সাধাৰণ লোকৰ আৱেগিকভাৱে সমৰ্থন আদায় কৰি এইসকল নেতা এতিয়া স্বজাতি তথা অসম আৰু অসমীয়াৰ সেৱাৰ বিপৰীতে অতি স্বাৰ্থপৰভাৱে ব্যক্তিস্বাৰ্থ আৰু নিজৰ সুবিধাৰে পোছাক সলোৱাৰ দৰে সলনি কৰিছে ৰাজনৈতিক দল তথা আদৰ্শ। ৰাজনৈতিক ক্ষমতা আৰু প্ৰতিপত্তি অটুট ৰখাৰ স্বাৰ্থত অতি সম্প্ৰতি অসমত ভিৰ কৰা দেখা গৈছে চূড়ান্ত সুবিধাবাদী আৰু ব্যক্তিস্বাৰ্থত দৌৰা তথাকথিত নেতাই।

যিটো জাতিটোৰ বাবেই দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে। ব্যক্তিস্বাৰ্থ আৰু ৰাজনৈতিক প্ৰতিপত্তি অক্ষুণ্ণ ৰখাৰ বাবে ৰাজনৈতিক দল সলনি কৰা অসমৰ নেতাসকলৰ দীঘলীয়া তালিকাত অন্তৰ্ভুক্তসকলৰ এজন হৈছে প্ৰাক্তন আক্ৰাছু নেতা বিশ্বজিৎ ৰায়। কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বাৰ্থতে এদিন কংগ্ৰেছত যোগদান কৰা বুলি নিজেই ঘোষণা কৰা বিশ্বজিৎ ৰায়ে সোমবাৰে কংগ্ৰেছৰ পোছাক দলিয়াই দিয়ে। দুই-এদিনতে তেওঁ সেই একেই কোচ ৰাজবংশীৰ স্বাৰ্থত গেৰুৱা বসন পৰিধান কৰিব। বিশ্বজিৎ ৰায়ৰ লগত একেটা শাৰীত তালিকাভুক্ত হোৱা সুবিধাবাদী, ব্যক্তিস্বাৰ্থত দৌৰা নেতা বিশ্বজিৎ দৈমাৰী, ইমানুৱেল মুছাহাৰীসহ কেইবাজনো নেতাই অহা ২২ নৱেম্বৰত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব। প্ৰণিধানযোগ্য যে কিছুদিন পূৰ্বে বিপিএফ দলৰ জন্মলগ্নৰ নেতা তথা হাগ্ৰামা মহিলাৰীৰ অতি ঘনিষ্ঠ, সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিপিএফৰ পদ ত্যাগ কৰিছিল। 

ইফালে যোৱা ১২ নৱেম্বৰত বিজেপি দলৰ এক নিৰ্বাচনী সভাত প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত একেখন মঞ্চত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন আক্ৰাছু নেতা বিশ্বজিৎ ৰায়। ইয়াৰ পিছতে ১৫ নৱেম্বৰত এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰঞ্জন বৰাই বিশ্বজিৎ ৰায়ক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে। কংগ্ৰেছৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰাৰ পিছদিনাই, অৰ্থাৎ সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ লগতে প্ৰাথমিক সদস্য পদ ত্যাগ কৰা বুলি ঘোষণা কৰে। সংবাদমেল পাতি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰা বুলি ঘোষণাৰ উপৰি বিশ্বজিৎ ৰায়ে দলটোৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

 বিশ্বজিৎ ৰায়ে কয়- যোৱা ১২ নৱেম্বৰত কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক হিচাপে কেইজনমান সতীৰ্থৰ সৈতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কোকৰাঝাৰৰ ছালাকাটিত লগ কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবীসমূহ সমাধান কৰিবলৈ অনুৰোধ কৰিছিলো। কিন্তু প্ৰকৃত কথাটো অনুসন্ধান নকৰাকৈ প্ৰদেশ কংগ্ৰেছে আমাক কাৰণ দৰ্শোৱাৰ জাননী দিয়াটো দুৰ্ভাগ্যজনক। বিশ্বজিৎ ৰায়ে লগতে কয় যে যোৱা কিছুদিনৰ পৰা কংগ্ৰেছ দলৰ কিছুসংখ্যক শীৰ্ষ নেতৃত্বৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতি আৰম্ভ হৈছে। ইয়াৰ ফলত দলটোক দুৰ্বল কৰিছে আৰু দলটো ৰাইজৰ আস্থাভাজন হ’ব পৰা নাই। ২০২১ চনত কংগ্ৰেছ দলে এককভাৱে অসমত চৰকাৰ গঠন কৰিব নোৱাৰে। 

এতিয়া বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই একমাত্ৰ ক্ষমতাৰ স্বাৰ্থত নীতিহীনভাৱে এআইইউডিএফ দলৰে মহাজোঁট বন্ধন কেতিয়াও সমৰ্থনযোগ্য নহয়। যিসকলে ২০১৬ চনত এআইইউডিএফে মিত্ৰতা কৰিবলৈ ঘোৰ বিৰোধিতা কৰিছিল, সেইসকলে এতিয়া এআইইউডিএফৰে মিত্ৰতাত আগভাগ লৈছে। এতিয়া যদি এআইইউডিএফ ভাল, ২০১৬ চনত কিয় বেয়া আছিল· এআইইউডিএফ আৰু চিপিআই (এম), চিপিআই দলে অসমৰ কোচ ৰাজবংশী আৰু পাঁচ জনগোষ্ঠীৰ জনজাতিকৰণত কেতিয়াও সমৰ্থন নকৰে। মহাজোঁট বন্ধনৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ’লে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় দাবীসমূহ নিৰপেক্ষভাৱে আগুৱাই নিয়াৰ স্বাৰ্থত কংগ্ৰেছ দলৰ সকলো বিষয়বাবৰ লগতে সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ কৰা বুলি সংবাদমেলত বিশ্বজিৎ  ৰায়ে ঘোষণা কৰে। 

প্ৰণিধানযোগ্য যে বিগত ২০০১ চনৰ পৰা ২০১৬ চনলৈ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা তথা আক্ৰাছুৰ সভাপতিৰ দায়িত্বত থকা বিশ্বজিৎ ৰায়ে আক্ৰাছুৰ সভাপতিৰ পৰা অব্যাহতি লৈ ২০১৬ চনৰ ৮ মাৰ্চত   প্ৰদেশ কংগ্ৰেছত যোগদান কৰিছিল। কংগ্ৰেছত যোগদান কৰাৰ বৰ্ষতে, অৰ্থাৎ ২০১৬ চনত অনুষ্ঠিত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত ৩৩ নং বিজনী বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। 

No comments